NEWS

Healthy Vegetables : নিয়মিত খাওক এই পাচলি আৰু ৰোগ মুক্ত হৈ থাকক, দৃষ্টি শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰতো কৰিব সহায়

সকলো পাচলিতে বিভিন্ন গুণাগুণ থাকে। সেইবাবে আমি নিয়মিত শাক পাচলি খোৱাতো অতিকৈ প্ৰয়োজনীয়। Dietician পৌলমী বেনাৰ্জীৰ মতে আমি আমাৰ খাদ্য সম্ভাৰত সেউজীয়া শাক পাচলি যোগ দিয়াটো অতিকৈ দৰকাৰী। এই সেউজীয়া শাক-পাচলিসমূহৰ ভিতৰত আটাইতকৈ ভেজাল নোহোৱা পাচলি বিধেই হ’ল জিকা। দৃষ্টি শক্তি দুৰ্বল হ’লে যদি আমি নিয়মিত জিকা খাও, তেনেহলে আমাৰ দৃষ্টি শক্তি বৃদ্ধি পায়। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায় যিয়ে বৰ্ধিত বয়সতো দৃষ্টিশক্তি বৃদ্ধি কৰাত অৰিহণা যোগায়। প্ৰচুৰ পৰিমাণে পানী থকাৰ লগতে জিকাত চেলুলজৰ পৰিমাণো যথেষ্ট পোৱা যায় যিয়ে কোষ্ঠকাঠিন্যতাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। ইয়াৰ লগতে মানৱ শৰীৰত হজম শক্তি বৃদ্ধি কৰা ক্ষেত্ৰতোজিকাৰ যথেষ্ট অৱদান আছে। সুৰাপান কৰা লোক সকলে নিয়মিত জিকা খালে যকৃতৰ বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। আৰু পঢ়ক: জীয়াই আছে ঠিকাদাৰ সুনীল গগৈ! চাঞ্চল্যকৰ মন্তব্য DGP জি পি সিঙৰ, ক’ত আত্মগোপন কৰিছে সুনীল গগৈয়ে? পলাতক সুনীল গগৈক বিচাৰি কি ক্লু পাইছে অসম আৰক্ষীয়ে? জিকাত বহুত কম পৰিমাণে কেলৰি অথবা কলেষ্টৰেল থাকে যাৰবাবে ই আমাৰ শৰীৰৰ ওজন হ্ৰাস কৰাত যথেষ্ট অৰিহণা যোগায়। তদুপৰি জিকাত যথেষ্ট পৰিমাণে এলকেলইড থাকে যিয়ে আমাৰ শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে মধুমেহ ৰোগীৰ বাবে মহৌষধৰ কাম কৰে। আৰু পঢ়ক: আমি জন্মভূমি এৰি ভাৰতলৈ নাযাঁও, আমাক মৰ্যাদাৰে জীয়াই থাকিবলৈ দিয়ক- বাংলাদেশী হিন্দুৰ প্ৰতিবাদত কঁপিল ঢাকা আৰু শ্বাহবাগ জিকা এবিধ অতি পুষ্টিকৰ পাচলি য’ত বিভিন্ন ধৰণৰ উপাদান যেনে- প্ৰটিন, ফাইবাৰ, ছডিয়াম,পটেছিয়াম আদি পোৱা যায়। ৰান্ধি খোৱাৰ উপৰিও জিকাৰ ৰস বহুতো শাৰীৰিক অসুবিধাৰ ক্ষেত্ৰত প্ৰতিকাৰ হিচাপে ব্যৱহৃত হয়। নিয়মিত জিকা খোৱা লোকসকলে ৰোগ মুক্ত হৈ জীৱন নিৰ্বাহ কৰিব পাৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.