NEWS

Zubeen Garg : আজিও চিকিৎসালয়ৰ বিছনাতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, আৰু কিমান দিন হাস্পতালত থাকিব লাগিব জুবিন গাৰ্গ?

পুনৰ অসুস্থ জুবিন গাৰ্গৰ বৰ্তমান স্বাস্থ্য কেনেকুৱা? যুৱপ্ৰজন্মৰ হাট্ৰথ্ৰৱ জুবিন গাৰ্গ বৰ্তমান চিকিৎসাধীন মহানগৰীৰ নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালত। দেওবাৰে পুৱা জোনালীস্থিত নিজা মিউজিক ষ্টুডিঅ’ত ব্যস্ত আছিল জুবিন গাৰ্গ। আৰু সেই সময়তে পুৱা প্ৰায় ৯:১০বজাত হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গ। লগে-লগে জুবিন গাৰ্গক ভৰ্তি কৰোৱা হয় মহানগৰীৰ ভঙাগড়স্থিত নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালত। লগে-লগে আৰম্ভ হয় জুবিন গাৰ্গৰ উন্নত চিকিৎসা। জুবিনক চিকিৎসকে ভৰ্তি কৰে MICUত। খবৰ প্ৰকাশ পালে সংবাদ মাধ্যমত। ৰাজ্যজুৰি জুবিন অনুৰাগীৰ মাজত সৃষ্টি হ’ল হৈ চৈ পৰিৱেশ। হাস্পতালত মাজনিশা পৰ্যন্ত জুবিনৰ স্বাস্থ্যৰ খবৰ ল’বলৈ উবুৰি খাই পৰিল জুবিন অনুৰাগী, বিভিন্ন শিল্পী, অভিনেতা-অভিনেত্ৰী, সতীৰ্থ। কিন্তু, সেই সময়ত চলি আছিল জুবিনৰ চিকিৎসা। নেমকেয়াৰ হাস্পতালত ২৪ ঘণ্টা ধৰি চিকিৎসকৰ সুক্ষ্ম নিৰীক্ষণ আৰু চিকিৎসাৰ অন্তত বৰ্তমান ক্ৰমাৎ সুস্থ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকী। জুবিন গাৰ্গৰ শেহতীয়া স্বাস্থ্যক লৈ নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ সঞ্চালক তথা বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই কয়- “সকলোখিনি ৰিপ’ৰ্ট চালো, এম আৰ আইৰ ৰিপ’ৰ্টো পৰীক্ষা কৰিলো। জুবিন গাৰ্গক লৈ বৰ্তমান কোনো চিন্তাৰ কাৰণ নাই। এনেধৰণৰ চিজাৰ এটেক হ’লে প্ৰায় ৩বছৰলৈ এটা বিশেষ মেডিচিন দিয়া হয়, সেই মেডিচিনটো নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে। অনিয়মীয়া কৰিলে এনেধৰনৰ চিজাৰ এটেক পুনৰ হয়। যিটো জুবিনৰ ক্ষেত্ৰত পুনৰ হ’ল। বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই লগতে কয় যে ‘‘আজি চিটি স্কেন কৰা হ’ব জুবিন গাৰ্গৰ। কাইলৈ সকলো ৰিপ’ৰ্ট লাভ কৰিম। আৰু সেই ৰিপোৰ্ট সমূহ চাই পৰৱৰ্তী সময়ত জুবিনক কি কৰিব লাগে বিবেচনা কৰিম। বিভিন্ন কাৰণত চিজাৰ এটেক হ’ব পাৰে। তাৰ ভিতৰত ছুগাৰ লেবেল হ্ৰাস পালে, কামৰ হেঁচাত থাকিলে, খোৱা-বোৱা নিয়মীয়াকৈ নকৰিলে, টোপনি নগ’লে হয় চিজাৰ। বৰ্তমান জুবিন গাৰ্গ সংকটমুক্ত।” তাৰোপৰি, আজিৰ দিনটোত জুবিন গাৰ্গে আহাৰ গ্ৰহণ কৰিব বিচাৰিলে বুলি মন্তব্য কৰে বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই। ‘‘যোৱাকালি একো খাব বিচৰা নাছিল জুবিনে। কিন্তু আজি বাহিৰৰ পৰা আহাৰ খাবলৈ মন কৰিছে জুবিনে।" এই সমূহ মন্তব্যলৈ লক্ষ্য কৰি কাইলৈ জুবিন গাৰ্গক হাস্পতালৰ পৰা ৰিলিজ কৰিব বুলি পূৰ্ণ সম্ভাৱনা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.