দৈৰ আছে বহুতো উপকাৰিতা অসমীয়াৰ জলপানৰ ভিতৰত অন্যতম হৈছে দৈ। চিৰা, কোমল চাউল আদি দৈ লগত সকলোৱে জুতি লয়। দৈ অবিহনে যেন আধৰুৱা আমাৰ ঘৰৰ বিভিন্ন অনুষ্ঠান। দৈ প্ৰায় সকলো লোকেই খায় ভাল পায়। পিছে আপুনি জানেনে এই দৈ উপকাৰিতাৰ বিষয়ে।দৈৰ আছে বহুতো উপকাৰিতা। ছাল আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত দৈৰ আছে এক গুৰুত্বপূৰ্ণ অৱদান। দৈৰ আৰু কি কি উপকাৰিতা আছে জানো আহক। ডাক্তৰ পল ৰবচন মেধিয়ে জনোৱা মতে দৈ প্ৰোবায়’টিক নামৰ উপকাৰী বেক্টেৰিয়াৰ এবিধ থাকে। এই প্ৰোবায়’টিকে স্বাস্থ্য সঠিক কৰি পেটৰ সমস্যা, কোষ্টবদ্ধতা আদি ৰোগ নিৰাময় কৰাত সহায় কৰে। গাখিৰৰ তুলনাত দৈ সহজে হজম হয়, বিশেষকৈ লেক্ট’জ ইনট’লাৰেন্স থকা লোকৰ বাবে।হাড় আৰু দাঁত মজবুত কৰে। দৈ কেলচিয়াম আৰু ভিটামিন ডি’ৰ এক উৎকৃষ্ট উৎস। ই হাড়ৰ গঠন মজবুত কৰাৰ লগতে অষ্টিওপ’ৰ’চিছৰ দৰে হাড়ৰ ৰোগৰ পৰা ৰক্ষা কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। প্ৰোবায়’টিকে স্বাস্থ্য উন্নত কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। দৈৰ নিয়মীয়া সেৱনে শৰীৰক বহু ৰোগৰ পৰা সুৰক্ষিত ৰাখে। ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে দৈয়ে।দৈত কেল’ৰী কম থাকে আৰু প্ৰ’টিনঅধিক থাকে। সেয়েহে ই পেট ভৰাৰ অনুভব প্ৰদান কৰে ফলত ভোক লগাৰ অনুভব নহয়। সেয়েহে ফিটনেছ প্ৰেমীসকলৰ মাজত গ্ৰিক য়োগাৰ্ট বহুত জনপ্ৰিয়। ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। দৈৰ পটাছিয়ামে ৰক্তচাপৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। উচ্চ ৰক্তচাপৰ সমস্যা থকা ব্যক্তিৰ বাবে ই অত্যন্ত উপকাৰী। ছাল আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰে। দৈয়ে শৰীৰক সজীৱ কৰি ৰাখে। দৈ ছালৰ জ্বলা – পুৰাৰ সমস্যা, ডেণ্ড্ৰফ আৰু সূৰ্যৰ পৰা হোৱা ক্ষতিৰ পৰা কিছু ৰক্ষা কৰে। ডাক্তৰ মেধিয়ে জনাইছে যে কিছু গৱেষণাৰ মতে দৈৰ প্ৰোবায়’টিকে মানসিক স্বাস্থ্যৰ ওপৰতোভাল প্ৰভাৱ পেলায়। লগতে ডাক্তৰ মেধিয়ে জনাইছে যে ঠাণ্ডাৰ দিনত বেছিকৈ দৈ সেৱন কৰিলে চৰ্ডী, কফ বা চাইনাছৰ সমস্যা থকা লোকৰ বাবে ই ক্ষতিকাৰক হ’ব পাৰে। সেয়েহে ডাক্তৰ পল ৰবচন মেধিয়ে নিয়মিত কম পৰিমাণে দৈ সেৱন কৰিবলৈ উপদেশ প্ৰদান কৰে। কিন্তু ঠাণ্ডাৰ দিনত অথবা যদি কোনোবা ব্যক্তিয়ে কিবা ঔষদ সেৱন কৰি থাকে তেতিয়া ডাক্তৰৰ পৰামৰ্শ লবলৈ আহবান জনায়। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.