নিৰ্দিষ্ট দৰমহাৰ টকাখিনিৰে বহু লোকৰ বাবে মাহটো চলিবলৈ টনা-টনি লাগে। দৰমহা নাবাঢ়িলেও দিনক দিনে বাঢ়িছে খৰচ। উৎসব, অনুষ্ঠান, সন্তানৰ খৰচ - সকলোফালে মিলাই মাহৰ মূৰত সঞ্চয় বুলিবলৈ একো নাথাকে হাতত। কিন্তু অভিজ্ঞ লোকসকলে কয়, টকা জমা কৰিব নোৱাৰাৰ আঁৰত আছে সঠিক পৰিকল্পনাৰ অভাৱ। আকৌ খৰচ হৈ যাব বুলিও হাতত টকা নাৰাখে বহুতে। কিন্তু কাৰ্ডৰ জৰিয়তে খৰচ কৰিয়ে থাকে। সেই অভ্যাসো ভাল নহয়। খুব বেছি নহয়, সাধাৰণ কেইটামান কৌশল মানি চলিলেই সকলো খৰচ কৰাৰ পিছতো আপুনি মাহৰ শেষত কৰিব পাৰিব সঞ্চয়। ১. ক’ত কিমান খৰচ হয়? প্ৰতিমাহে ক’ত কিমান খৰচ হয়, তাৰ এখন তালিকা প্ৰস্তুত কৰি ৰাখক। এনে কিছুমান খৰচ আছে, যিবোৰ প্ৰতিমাহে নাবাঢ়ে। সেইবোৰ আগতে পৃথককৈ ৰাখক। ২. সাধাৰণ বাজেট কৰি ৰখা ক’ত কিমান খৰচ হয়, সেয়া হিচাপ কৰি লোৱাৰ পিছৰ পৰ্যায় হ’ল বাজেট। সঞ্চয়ৰ কিমান শতাংশ ক’ত ধাৰ্য কৰিব, সেই পৰিকল্পনা আগতেই কৰি ৰখা ভাল। তাৰ ফলত অতিৰিক্ত কিছু হ’লেও নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। ৩. বিপদত ভৰসা বিপদ কাকো কৈ নাহে। সেয়ে নিজৰ উপাৰ্জনৰ পৰা অলপ হ’লেও টকা বচাই ৰাখক। যাতে বিপদ-আপদৰ সময়ত কামত আহে। অতি প্ৰয়োজন নহ’লে কেতিয়াও সেই টকাত হাত নিদিব। ৪. ধাৰ নকৰিব বাকী ৰখাটো একেবাৰেই ভাল কথা নহয়। সেয়ে নিজৰ চখ পূৰণ কৰাৰ পূৰ্বে ক্ৰেডিট কাৰ্ড বা আন ক’ৰবাত ধাৰ থাকিলে সেয়া মাহৰ আৰম্ভণিতে দূৰ কৰা প্ৰয়োজন। ৫. সঞ্চয় উপাৰ্জনৰ পৰা কিমান টকা সঞ্চয় কৰিব বিচাৰে, সেয়া বুজি লওক। ইয়াৰ পিছত প্ৰথমে আপোনাৰ পৰিকল্পনা মতে সঞ্চয়ৰ বাবে নিৰ্ধাৰিত টকা পৃথককৈ ৰাখক। সেই টকা যাতে খৰচ নহয় তাৰ প্ৰতি নজৰ ৰাখিব। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.