হোৱাইট হাউছৰ AI নীতি নিৰ্দেশনা সমিতিৰ মুখ্য পৰামৰ্শদাতা পদত নিযুক্ত হৈছে ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণন। সোমাবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিযুক্তি দিলে প্ৰৱাসী ভাৰতীয় প্ৰযুক্তিবিদ আৰু পদকাষ্টাৰগৰাকীক। হোৱাইট হাউছত AI আৰু ক্ৰিপ্ট জাৰ সংক্ৰান্তীয় সমিতিৰ মুৰব্বী ডেভিদ অ’ ছেকচক সহায় কৰিব শ্ৰীৰাম কৃষ্ণনে। হোৱাইট হাউছৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ শীৰ্ষ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়াৰ কথা X যোগেও ঘোষণা কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। শ্ৰীৰাম কৃষ্ণনৰ উদ্যোগত আমেৰিকাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ খণ্ড আগবাঢ়ি যাব বুলি আশা কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ড’নাল্ড ট্ৰাম্পৰ নিযুক্তি সাদৰেৰে গ্ৰহণ কৰি Xত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জনালে প্ৰৱাসী ভাৰতীয় উদ্যোগী, প্ৰযুক্তিবিদ, লিখক আৰু পদকাষ্টাৰ শ্ৰীৰাম কৃষ্ণনে। পূৰ্বে মাইক্ৰছফ্ট, টুইটাৰ, য়াহু, ফেচবুক আৰু স্নেপৰ শীৰ্ষ পদবীত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট শ্ৰীৰাম কৃষ্ণন। ডেভিদ অ’ ছেকচৰ সহযোগত আমেৰিকাৰ আৰ্টিফিচিয়েল খণ্ডক আগুৱাই নিব বুলিও সংকল্প ল’লে শ্ৰীৰাম কৃষ্ণনে। এই খবৰে উৎসাহিত কৰিছে আমেৰিকাত থকা প্ৰতিগৰাকী প্ৰৱাসী ভাৰতীয়ক। ১৯৮৩ কিম্বা ১৯৮৪ চনত চেন্নাইত জন্ম হৈছিল শ্ৰীৰাম কৃষ্ণনৰ। শৈশৱৰে পৰা মেধাৰ পৰিচয় দিছিল মধ্যবিত্ত তামিল পৰিয়ালৰ সন্তান শ্ৰীৰাম কৃষ্ণনে। ১৯৯০ চনত দেউতাকক কুটুৰি কুটুৰি এটা কম্পিফটাৰ কিনিবলৈ বাধ্য কৰাৰ পাছৰে পৰা সলনি হৈ গৈছিল শ্ৰীৰাম কৃষ্ণন জীৱন। ইণ্টাৰনেট ৰহিত তেতিয়াৰ ভাৰতত কোডিং শিকিবলৈ যাওঁতে বাৰে বাৰে উজুতি খাইছিল শ্ৰীৰাম কৃষ্ণনে। কিন্তু তাৰ পাছতো হাৰ মনা নাছিল ছবছৰীয়া কিশোৰজনে। এদিন দেউতাকে আনি দিয়া কোডিং সম্পৰ্কীয় এখন কিতাপ হাতত পৰা পাছত নিশা এপৰলৈ কম্পিউটাৰত ব্যস্ত হৈ থাকিছিল শ্ৰীৰাম কৃষ্ণন। পৰৱৰ্তী সময়ত অৱশ্যম্ভাৱীভাৱে তথ্য প্ৰযুক্তি বিষয়তে পঢ়াশুনা কৰিছিল চেন্নাইৰ শ্ৰীৰাম কৃষ্ণনে। ২০০৫ চনত আন্না বিশ্ববিদ্যালয়ৰ অধীনত এছআৰএম ইঞ্জিনিয়াৰিং কলেজৰ পৰা তথ্য প্ৰযুক্তিৰ BTech ডিগ্ৰী পোৱাৰ পাছত এটা সপোনৰ পম খেদি আমেৰিকা অভিমুখে উৰা মাৰিছিল শ্ৰীৰাম কৃষ্ণনে। ২০০৭ চনত Microsoftৰ চাকৰিত যোগ দিছিল শ্ৰীৰাম কৃষ্ণনে। Microsoftত ভিজুৱেল ষ্টুডিঅ’ৰ প্ৰগ্ৰাম মেনেজাৰ হিচাপে কাম কৰাৰ পাছত ফেচবুক, গুগল, টুইটাৰৰো শীৰ্ষ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল শ্ৰীৰাম কৃষ্ণনে। ২০০৩ চনৰ Yahoo!ৰ ছেট ৰুমত লগ পোৱা আৰতি ৰামমূৰ্তিৰ সৈতে ২০১০ত যুগ্ম জীৱনৰ পাতনি মেলিছিল শ্ৰীৰাম কৃষ্ণনে। বিয়াৰ পাছত দুয়ো একেলগে গুড টাইম শ্ব’ নামেৰে ছচিয়েল মিডিয়াৰ এটা অনুষ্ঠান পৰিচালনা কৰিছিল। পিছলৈ আৰতি আৰু শ্ৰীৰাম শ্ব’ নামেৰে জনপ্ৰিয় হৈছিল অনুষ্ঠানটো। আৰতি আৰু শ্ৰীৰামৰ পদকাষ্টেও বিশ্বজুৰি অৰ্জন কৰিছে বিশেষ জনপ্ৰিয়তা। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.