সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সতীৰ্থ সাংসদগণৰ সৈতে উপভোগ কৰে শেহতীয়া বহুচৰ্চিত বলিউড ছবি ‘দ্য সবৰমতী ৰিপ’ৰ্ট’। ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবিখন উপভোগ কৰাৰ পিছত তেওঁ নিজৰ মতামত ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত সতীৰ্থ সাংসদসকলৰ সৈতে ছবিখন উপভোগৰ কেইখনমান ফটো শ্বেয়াৰ কৰি নিজৰ ৰিভিউ শ্বেয়াৰ কৰে। কাকতালীয়ভাৱে বিক্ৰান্ত মেছিয়ে অভিনয়জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাৰ দিনাই প্ৰধানমন্ত্ৰী মোদীৰ এই বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। “‘দ্য সবৰমতী ৰিপ’ৰ্ট’ৰ দৰ্শনীত এনডিএৰ সতীৰ্থ সাংসদসকলো প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উপস্থিত থাকে। “মই ছবিখনৰ নিৰ্মাতাসকলক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰিছো।’- এইদৰে লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰদৰ্শনীৰ সময়ত অমিত শ্বাহৰ কাষত বহিছিল প্ৰধানমন্ত্ৰীগৰাকী। সোমবাৰে সংসদ কমপ্লেক্স পুথিভঁৰালৰ বাল্যোগী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰদৰ্শনী। Joined fellow NDA MPs at a screening of 'The Sabarmati Report.' I commend the makers of the film for their effort. pic.twitter.com/uKGLpGFDMA ৰাজনাথ সিং, কিৰেন ৰিজিজু, জিতেন ৰাম মাঝি, অশ্বিনী বৈষ্ণৱ আদিকে ধৰি এন ডি এৰ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলো এই প্ৰদৰ্শনৰ সময়ত উপস্থিত থাকে। বিক্ৰান্ত মেছি, ৰিদ্ধি ডোগ্ৰা, পৰিচালক ধীৰাজ সাৰ্না, প্ৰযোজক একতা কাপুৰৰ পিতৃ আৰু প্ৰবীণ অভিনেতা জিতেন্দ্ৰকে ধৰি ছবিখনৰ অভিনেতা-অভিনেত্ৰী জিতেন্দ্ৰও উপস্থিত আছিল। এএনআইৰ সৈতে হোৱা কথা-বতৰাত বিক্ৰান্তই কয়, “মই প্ৰধানমন্ত্ৰী আৰু সকলো কেবিনেট মন্ত্ৰী আৰু বহু সাংসদৰ সৈতে ছবিখন উপভোগ কৰিলো। ই এক বিশেষ অভিজ্ঞতা আছিল। এতিয়াও মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম কাৰণ মই ইমান সুখী যে এইটো মোৰ কেৰিয়াৰৰ অন্যতম সুখকৰ অভিজ্ঞতা যে মই প্ৰধানমন্ত্ৰীৰ সৈতে মোৰ ছবিখন চাবলৈ পাইছিলোঁ।“কাকতলীয়াভাৱে সোমবাৰে পুৱাৰ ভাগত বিক্ৰান্তই নিজৰ ছ’চিয়েল মিডিয়াত ঘোষণা কৰে যে তেওঁ অভিনয় জগতৰ পৰা আঁতৰিব বিচাৰিছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.