শব্দ আৰু কবিতাৰ সন্ধান নোপোৱা বহুদিন হ’ল আপোনাৰ আঙুলিৰ মূৰত গণিও শেষ কৰিব নোৱৰাকৈ ভাবনাৰ কিছু হিচাপ-নিকাচ। পোৱা-নোপোৱাৰ তুলাচনীত ক্ষোভ অথবা অনাকাংক্ষিত আকাংক্ষাৰ অপ্ৰাপ্তিৰ কিছু জোখ-মাখ। (এটাই জীৱন… আপোনাৰো, মোৰো) হাতত কলম লৈ লিখিব নোৱৰা কবিতাবোৰৰ নিজস্ব কিছু বিষাদ থাকে, এপিয়লা চাহ আৰু দুই ওঁঠৰ কিছু আলাপ। শব্দবোৰক বিচাৰি নোপোৱা বহুদিনেই হ’ল। শব্দবোৰ থকালৈ মোৰ অহংকাৰ আছিল, নিজা পৰিচয় আছিল। কিলাকুটি পাৰ হৈ ৩৫ ছেকেণ্ড বৈ আহি মণিবন্ধৰ কেঁকুৰিটো পাৰ হৈয়েই আঙুলিয়ে ঘেৰি ৰাখে আন্ধাৰ। তাতেই শব্দ আৰু কবিতাৰ পুৰণি আৱাস। নতুন ঠিকনা বিচাৰি বহুবাৰ ঘোষণা কৰা হ’ল চহৰত। তিনিআলিতো আঁৰি দিলোঁ পোষ্টাৰ। নিৰ্বাচনৰ পুৰণি বেনাৰ আঁতৰাই ৰিক্সাৰ পিছফালে লগাই দিলোঁ বেনাৰ- ‘শব্দবোৰৰ সন্ধান দিওঁতাজনক এপাচি বকুল ফুলেৰে পুৰস্কৃত কৰা হ’ব।’ পুলিচ ষ্টেচনৰ বেঞ্চত কাটা-কম্পাচেৰে লিখি থোৱা মিচিং Complaintটো প্ৰতিটো নিশাৰ বাৰ্তালাপ, পেনৰ নিবে স্পৰ্শ নকৰা ডায়েৰীৰ পৃষ্ঠাবোৰতো কবিতাৰ অনুপস্থিতি আৰু বিচাৰি ফুৰা সম্ভাৱনাৰ বসন্ত। শব্দ অবিহনে মনৰ কথাবোৰ কেনেকৈ বুজাম, কোনে বুজিব? ইমানদিনে একেলগে থকাৰ পাছতো কেনেকৈ বাঢ়ি আহিল দূৰত্ব! মৃত্যু আৰু জীয়াই থকাৰ সংগ্ৰামখিনিক বুজিবলৈ জ্বলি থকা শব্দৰ ধোঁৱাৰ ৰিং আছিল, পেগৰ আৰম্ভণিৰ অস্থিৰতা আছিল আৰু বহু কিবা আছিল, কোনেও নুবুজাকৈ। শব্দবোৰ বিচাৰি নোপোৱা বহুদিন হ’ল, ক’ৰবাত সন্ধান পালে মোৰ ইনবক্সত দুবাৰ ‘নক্’ কৰিব আৰু তুলি দিব মোৰ উকা হাতত। নীলা ছবি ‘শুনিছা ববিতা, নীলাই এই ঠাইখিনিক বদনাম কৰি দিছে। ৰাতি ৰাতি কিমান পুৰুষৰ আগমন দেখিবা সিহঁতৰ ঘৰত!’ ৰীতাই ঠাট্টাৰ সুৰেৰে ক’লে। নীলাৰ এজন ল’ৰা আছে। অকালতে তাই বিধৱা হৈছে। চহৰত এখন সৰু তামোল-পাণৰ দোকান দি কেনেবাকৈ চলি আছে। ‘কি ক’বা? অকালতে বিধৱা হ’ল। এতিয়া সেই ৰূপ লৈছে। আচলতে ভুল কেৱল তাইৰে নহয়, ভুল তাইৰ তালৈ যোৱা পুৰুষবোৰৰো’, ববিতাই ক’লে। ‘হয় দিয়ক, নীলাই দেখোৱা নীলা ছবিবোৰে আমাৰ গাঁওখনক নষ্ট নকৰিলেই হ’ল। বাৰু মই যাওঁ দিয়ক। ৰাঘৱৰ লগত চহৰলৈ যাম।’ এইবুলি কৈ ৰীতা গুচি গ’ল। ৰীতাৰ গিৰিয়েক হৰি পুলিচত চাকৰি কৰে। গতিকে তেওঁ বাহিৰতে থাকিবলগীয়া হয়। ৰীতা যোৱাৰ লগে লগে ববিতাই ফোন লগালে। ‘হেল্ল’ অমৰ, এইমাত্ৰ ৰীতা আহিছিল। তাই বোলে ৰাঘৱৰ লগত চহৰলৈ যায়। বুজিছা কথাবোৰ সঁচা, ৰীতা আৰু ৰাঘৱৰ অবৈধ প্ৰেম সঁচা। গিৰিয়েকে গম পালে দিব তাইক। বাৰু বাদ দিয়া তুমি ৰাতি আহিবা, আমাৰ এওঁ নাথাকে ঘৰত। চাইকেল লৈ আহিবা, বাইক আনিলে আনে গম পাব।’ None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.