NEWS

Mobile Use : অতিমাত্ৰা ম’বাইল ফোন ব্যৱহাৰে সৰু ল'ৰা-ছোৱালীলৈ আহিব পাৰে ভয়ংকৰ বিপদ! কি পৰামৰ্শ দিলে চিকিৎসকে?

অতিমাত্ৰা মোবাইল ব্যৱহাৰে সৰু ল'ৰা-ছোৱালীলৈ আহিব পাৰে ভয়ংকৰ বিপদ! অতিমাত্ৰা ম’বাইল, গেজেট ব্যৱহাৰৰ বাবে সৰু ল’ৰা-ছোৱালীৰ চকুৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে। এই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় চকু বিশেষজ্ঞ ডাঃ নিলাক্ষী বৰুৱাই। তেওঁ উল্লেখ কৰা অনুসৰি, ক’ভিডৰ পাছত ম’বাইল ফোন বা গেজেটৰ ব্যৱহাৰৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ মাজত ম’বাইল বা গেজেট ব্যৱহাৰ অতি বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। স্কুল, টিউচন, বিভিন্ন ধৰণৰ অনলাইন ক্লাছৰ বাবে ব্যৱহাৰৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ বাবে বিভিন্ন সমস্যা হ’ব পাৰে। সামাজিক,‌ মানসিক বিকাশৰ সমস্যাই গা কৰি উঠিব পাৰে। চকুৰ ক্ষেত্ৰত চাবলৈ গ’লে দুটা প্ৰধান‌ সমস্যাই দেখা দিছে। প্ৰথমতে হৈছে ড্ৰাইনেছ অৰ্থাৎ শুকাই যোৱা আৰু মাইনাছ পাৱাৰ বঢ়া পৰিমাণটো। যেতিয়া এটা শিশুৱে ম’বাইলটো চাই তেতিয়া থ’ৰ লাগি চাই থাকে। চকুটো টিপিয়াবলৈ পাহৰি থাকে। এনেদৰে লাহে লাহে পাছলৈ ড্ৰাইনেছৰ লক্ষণবোৰ দেখা পোৱা যায়। ইয়াৰ বাবে অভিভাৱকে যিমান পাৰে ম’বাইল, গেজেট ব্যৱহাৰৰ ক্ষেত্ৰত নজৰ ৰাখিব লাগে। এতিয়া যিহেতু ক’ভিডৰ দৰে সমস্যা নাই সেইবাবে অফলাইন কৰ্মবোৰ কৰিবলৈ অনুপ্ৰেৰণা দিব লাগে। দ্বিতীয়তে চকুটো নিয়মীয়াকৈ টিপিয়াই থাকিব লাগে। চকু টিপিয়াই থকাটো অতি গুৰুত্বপূৰ্ণ। ম’বাইল, লেপটপ আদি ব্যৱহাৰ কৰিলে মাজে মাজে জিৰণি ল’ব লাগে। লগতে দূৰলৈ চাব লাগে। যিমান পাৰে বাহিৰৰ কাৰ্যকলাপৰ প্ৰতি প্ৰেৰণা যোগাব লাগে। যেনে ধৰক বাহিৰত খেলা-ধূলা কৰিবলৈ দিব লাগে। অসমৰ বাতৰি / খবৰ / জীৱন শৈলী / Mobile Use : অতিমাত্ৰা ম’বাইল ফোন ব্যৱহাৰে সৰু ল'ৰা-ছোৱালীলৈ আহিব পাৰে ভয়ংকৰ বিপদ! কি পৰামৰ্শ দিলে চিকিৎসকে? Mobile Use : অতিমাত্ৰা ম’বাইল ফোন ব্যৱহাৰে সৰু ল'ৰা-ছোৱালীলৈ আহিব পাৰে ভয়ংকৰ বিপদ! কি পৰামৰ্শ দিলে চিকিৎসকে? অতিমাত্ৰা মোবাইল ব্যৱহাৰে সৰু ল'ৰা-ছোৱালীলৈ আহিব পাৰে ভয়ংকৰ বিপদ! অতিমাত্ৰা মোবাইল ব্যৱহাৰে সৰু ল’ৰা-ছোৱালীলৈ আহিব পাৰে ভয়ংকৰ বিপদ! কি পৰামৰ্শ দিলে চিকিৎসকে? অধিক পঢ়ক … 1-MIN READ local18 Assam Last Updated : August 13, 2024, 4:09 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি অতিমাত্ৰা ম’বাইল, গেজেট ব্যৱহাৰৰ বাবে সৰু ল’ৰা-ছোৱালীৰ চকুৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে। এই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় চকু বিশেষজ্ঞ ডাঃ নিলাক্ষী বৰুৱাই। তেওঁ উল্লেখ কৰা অনুসৰি, ক’ভিডৰ পাছত ম’বাইল ফোন বা গেজেটৰ ব্যৱহাৰৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ মাজত ম’বাইল বা গেজেট ব্যৱহাৰ অতি বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। স্কুল, টিউচন, বিভিন্ন ধৰণৰ অনলাইন ক্লাছৰ বাবে ব্যৱহাৰৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ বাবে বিভিন্ন সমস্যা হ’ব পাৰে। সামাজিক,‌ মানসিক বিকাশৰ সমস্যাই গা কৰি উঠিব পাৰে। বিজ্ঞাপন চকুৰ ক্ষেত্ৰত চাবলৈ গ’লে দুটা প্ৰধান‌ সমস্যাই দেখা দিছে। প্ৰথমতে হৈছে ড্ৰাইনেছ অৰ্থাৎ শুকাই যোৱা আৰু মাইনাছ পাৱাৰ বঢ়া পৰিমাণটো। যেতিয়া এটা শিশুৱে ম’বাইলটো চাই তেতিয়া থ’ৰ লাগি চাই থাকে। চকুটো টিপিয়াবলৈ পাহৰি থাকে। এনেদৰে লাহে লাহে পাছলৈ ড্ৰাইনেছৰ লক্ষণবোৰ দেখা পোৱা যায়। ইয়াৰ বাবে অভিভাৱকে যিমান পাৰে ম’বাইল, গেজেট ব্যৱহাৰৰ ক্ষেত্ৰত নজৰ ৰাখিব লাগে। এতিয়া যিহেতু ক’ভিডৰ দৰে সমস্যা নাই সেইবাবে অফলাইন কৰ্মবোৰ কৰিবলৈ অনুপ্ৰেৰণা দিব লাগে। বিজ্ঞাপন দ্বিতীয়তে চকুটো নিয়মীয়াকৈ টিপিয়াই থাকিব লাগে। চকু টিপিয়াই থকাটো অতি গুৰুত্বপূৰ্ণ। ম’বাইল, লেপটপ আদি ব্যৱহাৰ কৰিলে মাজে মাজে জিৰণি ল’ব লাগে। লগতে দূৰলৈ চাব লাগে। যিমান পাৰে বাহিৰৰ কাৰ্যকলাপৰ প্ৰতি প্ৰেৰণা যোগাব লাগে। যেনে ধৰক বাহিৰত খেলা-ধূলা কৰিবলৈ দিব লাগে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: local18 , Mobile First Published : August 13, 2024, 4:09 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.