ঝুনাকংকন ভূঞা: হাতৰ যাদুৰে বিশ্ব সংগীতক চমকিত আৰু ভাৰতীয় সংগীতক সমৃদ্ধ কৰা মহাতাৰকাৰ মহাপ্ৰয়াণ। ৭৩ বছৰ বয়সত জীৱন নাটৰ কল্যাণ খৰমান গালে ওস্তাদ জাকিৰ হুছেইনে। তবলাৰে পৃথিৱী জিনা পদ্মভূষণ হুছেইনৰ মৃত্যুত শোকস্তব্ধ সংগীতজগত। তেওঁৰ আঙুলিৰ বোলত নিটোল কাহিনী এটা। সময় থমকি ৰ’ব পৰাকৈ বাজে ডুগী-দাইনা, ৰ লগা প্ৰতি সময়ক প্ৰাণৱন্ত কৰা সত্ত্বা তেওঁ। বিশ্ব সংগীতৰ সৰ্বাংগ সুন্দৰ যাদুকৰ। বিশ্ববাসীক শোকস্তব্ধ কৰি ভাৰতীয় সংগীতক উৰুঙা কৰি গ’লগৈ তেওঁ। ৰৈ গ’ল সুকীয়া খ্যাতি। যুগীয়া কীৰিতি। দেওবৰীয়া নিশা বিশ্ববাসীলৈ এক অপ্ৰত্যাশিত খবৰ। কোনেও মানিবলৈ নিবিচৰা এটা খবৰ। জাকিৰ হুছেইন আৰু নাই। প্ৰথম অৱস্থাত এই খবৰ মিছা বুলি প্ৰচাৰ হ’ল। সামাজিক মাধ্যমত প্ৰকাশ কৰা শোকবাৰ্তা প্ৰাৰ্থনালৈ ৰূপান্তৰ হ’ল। কিন্তু পূৰ্বে প্ৰকাশিত খবৰেই আছিল সঁচা। দুৰন্ত গতিৰ তবলা বাদনৰ পৰা বঞ্চিত হ’ব সমগ্ৰ বিশ্ব। ৬ দশকজোৰা এক সাংগীতিক পৰিক্ৰমাৰ ইতি এয়া। শাৰীৰিক অসুস্থতাৰ বাবে দেওবাৰে প্ৰখ্যাত তবলাবাদকজনক ভৰ্তি কৰোঁৱা হৈছিল যুক্তৰাষ্ট্ৰৰ হাস্পতালত। হাওঁফাওঁজনিত সমস্যাত ভুগি আছিল শিল্পীগৰাকী। আৰু দেওবাৰেই নিশালৈ সকলো শেষ। দেশৰ মাটিৰ পৰিৱৰ্তে চানফ্ৰান্সিস্কোত শেষ নিশ্বাস তেজিলে দেশৰ দুলালে। দেওবাৰে খবৰ বিয়পি পৰাৰ লগে লগেই সংগীতজগতত হাহাকাৰ লাগিল। সামাজিক মাধ্যমত দেশৰ সংগীত তাৰকাসকলৰ শোকবাণী দিলে বহুজনে। সকলোকে আচৰিত আৰু আশাৰ সঞ্চাৰ কৰি আহিল এটা বিশেষ বাৰ্তা। ‘জাকিৰ হুছেইনৰ মৃত্যুৰ খবৰ ভুৱা’, ‘তেখেত অসুস্থ, আৰোগ্যৰ প্ৰাৰ্থনা কৰক’। জাকিৰ হুছেইনৰ নিকটাত্মীয় বুলি দাবী কৰা এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ এই পোষ্ট। লগে লগেই সকলোৱে প্ৰাৰ্থনা কৰিলে ৪টা গ্ৰেমীৰে দেশলৈ গৌৰৱ কঢ়িওৱা জাকিৰ হুছেইনৰ আৰোগ্যৰ বাবে। কিন্তু নিয়তিৰ দৰবাৰত যেন এই প্ৰাৰ্থনা নৰজিল। দেশক শোক সাগৰত থৈ গুছি গ’ল নিজান বাটেৰে সৰ্বকালৰ সৰ্বগুণী জাকিৰ হুছেইন। সামাজিক মাধ্যমত বিভিন্ন মহলৰ, বিভিন্ন স্তৰৰ লোকৰ শোকপ্ৰকাশ। এতিয়া যেন এই ক্ষতি প্ৰতিজনৰ মনৰ মাজত। সংগীতজগতৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ পথাৰ সকলো এখন এখন শোক সাগৰ। মাত্ৰ ৭ বছৰ বয়সত আৰম্ভ হোৱা সাৱলীল যাত্ৰাৰ ৭৩ত যতি। দেহেৰে বিচ্ছিন্ন হ’লেও কীৰ্তিৰে সদা বিৰাজমান হ’ব জাকিৰ হুছেইন স্মৃতি। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.