NEWS

Sheikh Hasina: শ্বেখ হাছিনাক উভতাই পঠাওকঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰত্যৰ্পণ বিচাৰি ভাৰতলৈ কূটনৈতিক টোকা বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ

বাংলাদেশৰ আদালতত বিচাৰ চলিব শ্বেখ হাছিনাৰ। অন্তৰ্ৱৰ্তীকালীন চৰকাৰে বাংলাদেশৰ কমাণ্ড চম্ভালি লোৱাৰ পাছত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছে ২৩৩টা ফৌজদাৰী গোচৰ। তাৰে ১৯৮টাই হত্যাৰ গোচৰ। নৰসংহাৰৰ অভিযোগত ৰুজু হৈছে ১৬টা গোচৰ। অপহৰণৰ গোচৰ ৩টা। হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত মুজিব কন্যাৰ বিৰুদ্ধে ৰুজু হৈছে ১১টা গোচৰ। ইমানতে শেষ হোৱা নাই শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তালিকা। সংৰক্ষণ বিৰোধী আন্দোলন কালত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ সমদলত আক্ৰমণ চলোৱাৰ অভিযোগতো বিচাৰৰ সন্মুখীন হ’ব ৭৭ বছৰীয়া শ্বেখ হাছিনা। বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ নেতা ছাইদুৰ ৰহমানৰ হত্যাকাণ্ডৰ অভিযোগত আন ১৪৩ জন লোকৰ লগতে শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। শ্বেখ হাছিনাৰ পতনৰ আঁৰত কি? সংৰক্ষণ বিৰোধী আন্দোলনৰ লগতে বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ মাজতে দেশ এৰি পলায়ন কৰিছিল মুজিব কন্যাই। তেতিয়াই অৱসান ঘটিছিল আৱামী লীগৰ ১৬ বছৰীয়া কাৰ্যকালৰ। আৱামী লীগ চৰকাৰৰ পতনৰ পাছত ৫ আগষ্টৰ পৰা ভাৰতত আশ্ৰয় লৈ আছে শ্বেখ হাছিনাই। সেইগৰাকী শ্বেখ হাছিনাক স্বদেশলৈ প্ৰত্যাৰ্পণ কৰিবলৈ ভাৰতৰ বিদেশ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰে। সোমবাৰে নিজৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত এই কথা জনালে বিদেশ মন্ত্ৰালয়ৰ উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে। ইতিমধ্যে শ্বেখ হাছিনাৰ বিৰুদ্ধে আইনী কাৰ্যকলাপ আৰম্ভ কৰাৰ কথাও প্ৰকাশ কৰিলে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বিদেশ মন্ত্ৰালয়ৰ উপদেষ্টাগৰাকীয়ে। সোমবাৰে পুৱাৰ ভাগত, ভাৰতৰ বিদেশ মন্ত্ৰালয়লৈ হাছিনাৰ প্ৰত্যাৰ্পণ সম্পৰ্কীয় পত্ৰ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছিল অন্তৰ্বতীকালীন চৰকাৰৰ গৃহ বিভাগৰ পৰামৰ্শদাতা জাহাংগীৰ আলমে। নতুন দিল্লী আৰু ঢাকাৰ মাজত থকা বন্দী প্ৰত্যাৰ্পণ চুক্তিৰ আলমত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক বাংলাদেশলৈ পঠোৱাৰ আহ্বান দেশখনৰ বিদেশ মন্ত্ৰালয়ৰ। হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা ২০২৪ চনৰ ১৭ অক্টোবৰত বাংলাদেশৰ সৰ্বোচ্চ আদালতে শ্বেখ হাছিনাৰ লগতে ১৪৩ গৰাকী লোকৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। শ্বেখ হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জয়ৰ লগতে পূৰ্বৰ কেইবাগৰাকীও মন্ত্ৰীৰ বিৰুদ্ধেও বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্ৰিবিউনেলে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। নবেম্বৰ মাহত শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ বাবে প্ৰয়োজন হ’লে ইণ্টাৰপলৰ শৰণাপন্ন হোৱাৰ কথাও প্ৰকাশ কৰিছিল বাংলাদেশৰ অন্তবৰ্তীকালীন চৰকাৰে। ইণ্টাৰপ’লৰ জৰিয়নে ৰেড কৰ্ণাৰ নটিচ জাৰি কৰাৰ হুমকি দিছিল অন্তবৰ্তীকালীন চৰকাৰৰ আইনী উপদেষ্টা আছিফ নজৰুলে। তেতিয়াই শ্বেখ হাছিনাক ফেচিবাদী শাসক আখ্যা দিছিল আছিফ নজৰুলে। ফেচীবাদী শাসকক যিকোনো মূল্যৰ বিনিময়ত ওভটাই আনি আদালতৰ কাঠগড়াত ঠিয় কৰোৱাৰ কথা দৃঢ়তাৰে ঘোষণা কৰিছিল অন্তবৰ্তীকালীন চৰকাৰৰ আইনী উপদেষ্টাগৰাকীয়ে। বাংলাদেশত হাছিনাৰ পতনৰ পাছত জটিল হৈ পৰিছে দিল্লী আৰু ঢাকাৰ কূটনৈতিক সম্পৰ্ক। এই জটিলতা দূৰ কৰাৰ লক্ষ্যৰে কিছুদিন পূৰ্বে বাংলাদেশ ভ্ৰমণ কৰিছে ভাৰতৰ বিদেশ সচিব বিক্ৰম মিস্ত্ৰীয়ে। ঢাকাত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বিদেশ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল বিক্ৰম মিস্ত্ৰী। সৌজন্যমূলক সাক্ষাৎ হৈছিল বিদেশ মন্ত্ৰালয়ৰ উপদেষ্টা মহম্মদ তৌহিদ হুছেইনৰ সৈতেও। ভাৰতৰ বিদেশ সচিব বিক্ৰম মিস্ত্ৰীৰ ভ্ৰমণৰ সময়তে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ অংগীকাৰ কৰিছিল দুয়োখন দেশে। শেহতীয়াকৈ ভাৰতত আশ্ৰয় লৈ থকা শ্বেখ হাছিনাই আমেৰিকা আৰু ইংলেণ্ডত বাস কৰা আৱামী লীগৰ সমৰ্থকক উদ্দেশি ভাৰ্চুৱেল বাৰ্তা প্ৰেৰণ কৰিছে শ্বেখ হাছিনাই। সেই বাৰ্তাত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ উজাৰিছিল শ্বেখ হাছিনাই। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এনে বিবৃতিয়ে স্বাভাৱিকতে নাৰাজ কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক।ভাৰতৰ বিদেশ সচিব বিক্ৰম মিস্ত্ৰীৰ ভ্ৰমণকালত এই কথাও উত্থাপন কৰিছিল বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বিষয়ববীয়াই। বিদেশ সংক্ৰান্ত ষ্টেণ্ডিং কমিটিৰ বৈঠকত শ্বেখ হাছিনাৰ উপৰোক্ত ভাষ্যক সমৰ্থন নকৰে বুলি জনাই দিছিল ভাৰতৰ বিদেশ সচিবগৰাকীয়ে। কিন্তু তাৰপাছতো উন্নত নহ’ল ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক। বিপৰীতে বাংলাদেশত হিন্দুৰ ওপৰত ক্ৰমাগত নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ বেয়াৰ ফালে আগবাঢ়িছে ২ প্ৰতিবেশীৰ সম্পৰ্ক। তাৰমাজতে সোমবাৰে শ্বেখ হাছিনাক বাংলাদেশলৈ ওভটাই পঠাবলৈ ভাৰতলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিলে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.