NEWS

Vinesh Phogat : বিনেশ ফ’গাটৰ আৱেদনৰ ৰায় প্ৰদান, ৰূপৰ পদক লাভৰ পৰা বঞ্চিত হ’ল বিনেশ ফ’গাট

বিনেশ ফ’গাটৰ ৰূপৰ পদকৰ আবেদন খাৰিজ। ক’ৰ্ট অৱ আৰ্বিট্ৰেশ্বনৰ এড-হক ডিভিজন নেভিগেছন বিভাগে খাৰিজ কৰিলে বিনেশ ফ’গাটৰ আৱেদন। ইয়াৰৰ লগে-লগে বিনেশৰ ৰূপ লাভৰ আশাও নিৰ্বাপিত হ’ল। অৰ্থাৎ এতিয়া ৰূপৰ পদক লাভ নকৰে বিনেশ ফ’গাটে। উল্লেখ্য যে পেৰিছ অলিম্পিকৰ ফাইনেলৰ আগতেই মল্লযুঁজত অযোগ্য বিবেচিত হৈছিল বিনেশ ফ’গাট। ইয়াৰ পিছতেই বিনেশ ফগাটে ৰূপৰ পদকৰ বাবে আৰ্বিটেশ্বন ক’ৰ্টত আবেদন কৰিছিল। ৭ আগষ্টত বিনেশ ফ’গাটে দাখিল কৰিছিল আৱেদন। প্ৰাথমিক সিদ্ধান্ত অনুসৰি ১৩ আগষ্টত ৰায়দানৰ কথা আছিল। পৰৱৰ্তী সময়ত ১৬ আগষ্টত ৰায়দান সিদ্ধান্ত ঘোষণা হোৱাৰ কথা আছিল যদিও ১৪ আগষ্টতে প্ৰদান কৰে ৰায়দান। আৰু পঢ়ক: YBYৰ পলিটিকেল কানেকচন, NDFBৰ দৰে একালৰ দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ সংযোগ আছে YBYৰ, উগ্ৰপন্থী-শিক্ষক আৰু বিজেপি নেতাই মিলি লুটিলে ৩০০ কোটি টকা পেৰিছ অলিম্পিকৰ ৫০ কেজি মল্লযুঁজৰ শাখাত ভাৰতৰ বিনেশ ফ’গাটে ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু মেচৰ আগতে যেতিয়া তেওঁৰ ওজন কৰা হৈছিল তেতিয়া ১০০ গ্ৰাম বেছি আছিল। তাৰ পিছত তেওঁক অযোগ্য ঘোষণা কৰা হয়। বিনেশে ছেমি ফাইনেলত যিগৰাকী মল্লযুঁজাৰুক পৰাস্ত কৰিছিল তেওঁক ফাইনেলত স্থান দিয়া হৈছিল। #BREAKING CAS dismisses wrestler Vinesh Phogat’s application for silver medal in Olympics wrestling. #ParisOlympics2024 #VineshPhogat pic.twitter.com/t7LK7UMwPH আৰু পঢ়ক: YBYৰ নামত ৩০০ কোটি টকীয়া প্ৰৱঞ্চনাৰ অন্যতম খলনায়ক অনিৰাম বসুমতাৰী পলাতক, সাধাৰণ কথাতে মাৰাণাস্ত্ৰ উলিয়াই লোৱা অনিৰামক ধৰিবলৈ ভয় লাগিছে নেকি গহপুৰ আৰক্ষীৰ? বিনেশে কেৱল পেৰিছ অলিম্পিকতেই নহয়, ইয়াৰ পূৰ্বেও দুবাৰ মুখথেকেচা খাইছিল। ২০১৬ৰ ৰিঅ’ অলিম্পিক গেমছত অভিষেক ঘটিছিল বিনেশ ফ’গাটৰ। ২০১৬ ৰিঅ’ অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত আঁঠুত দুঃখ পোৱাৰ বাবে পদক জয়ৰ আশা চূৰমাৰ হৈ গৈছিল। ইয়াৰ পিছত বিনেশ ২০২০ চনৰ টকিঅ’ অলিম্পিকতো ৫৩ কেজিৰ শাখাত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল আৰু ২০২৪ বৰ্ষত অতিৰিক্ত ওজনৰ বাবে বহিস্কাৰ হয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.