মোৰ পৰা মোলৈ মোৰ পৰা মোলৈ উভতি আহিবলৈ পাৰ হ’ব লাগে হাউলি যোৱা তিনিখন তামোলৰ অৰণ্য, ব’হাগৰ প্ৰথমজাক বৰষুণ, তামোলৰ পিক বৈ অহা দুই ডজন ওঁঠৰ বেৰীয়া, কান্ধত নাঙল লৈ খৈনি পাগুলি থকা দুহাল হাতৰ তলুৱা আৰু বহু কিবা। মোৰ পৰা মোলৈ উভতি আহিবলৈ প্ৰায়েই গুঠিব লাগে বকুল ফুলৰ মালা, শেৱালি ফুলৰ পাৰ্ফিউম আৰু একাপ চাহৰ স’তে পঢ়িব পৰাকৈ লৈ আহিব পুৰণি কাকত, আলোচনী আৰু শতিকাটোৰ বিষয়ে পঢ়িব পৰাকৈ এগালমান প্ৰবন্ধ। মোৰ পৰা মোলৈ উভতি আহিবলৈ মুখাগ্নি কৰিব লাগে নিজৰ মৃতদেহ, নিসংগে জ্বলি গৈছিল মোৰ চিতা। কোৱাৰ্টাৰৰ সাঁফৰ খুলি ডিঙিৰ বিষয়ে নিচাৰ বৃত্তান্ত, ওঁঠে চেপি ৰখা চিগাৰেটক সুধিবা নিকটিন অবিহনে কেনেকৈ সুখী হ’ব পাৰি? মোৰ পৰা মোলৈ উভতি আহিবলৈ পাৰ কৰি অহা খোজৰ হিচাপ কৰিব, মাজনিশাৰ ক্ৰন্দন , ভাগৰত কেতিয়াবা জিৰণি লোৱা কান্ধৰ আয়তন অথবা আধাতে এৰি অহা হাতৰ ঘনত্ব। ৰিখটাৰ স্কেলে নিৰ্ধাৰণ কৰা অনুশোচনাৰ প্ৰাবল্য, অজানিতে হেৰাই যোৱা প্ৰিয় চকুৰ সবিশেষ আৰু পাতিম পাতিম বুলি ভাবি থকা বহু কথাৰ পিডিএফ আৰু ঋতুৰ বিষয়ে কিছু তথ্য। কথাবোৰ কৈ দিয়াটো ভাল কথাবোৰ কৈ দিয়াটো ভাল। যিবোৰ কথাত প্ৰায়েই গুচাব লাগে মকৰাজাল। কথাবোৰ কৈ দিয়াটো ভাল, যিবোৰ কথাত সেমেকে চকুৰ পতা সচৰাচৰ , ওঁঠৰ আৰ্দ্ৰতা আজিও বাহাল। কথাবোৰ কৈ দিয়াটো ভাল, যিবোৰ কথাৰ স’তে আপুনি বাধ্যতামূলকভাৱেই বৃদ্ধি কৰিছে ব্যৱধান। নিজৰ স’তে কিহৰ ইমান অভিমান? যদি আপোনাৰ খেয়ালি ভাবানুবাদ আৰু পথাৰৰ পকা ধান, প্ৰথমজাক বৰষুণত মাটিৰ সুগন্ধত আপুনি আৰু এলাগী চোতালৰ বিভাজন। কথাবোৰ অলপ কমপ্লেক্স। ইমান সহজে প্ৰায়ে বুজি পোৱাটো টান। মুঠতে কথাবোৰ কৈ দিয়াটো ভাল। যদি কিবা কথাই আপোনাক নিশা শুব নিদিয়ে, আপোনাৰ বাউণ্ডেৰীত বহু কথাৰ সৎকাৰ, তেন্তে কথাবোৰ কৈ দিয়াটো ভাল। যদি আপুনি লাজ আৰু সমাজৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ খবৰ ল’ব পৰা নাই, কাকো নোকোৱাকৈ আৰু কিমান বুকুত কিমান কথাৰ অপমৃত্যু, চিঠিৰ শিৰোনামত নোকোৱা কথাৰ পুনঃসৎকাৰ। মোৰ মতে কথাবোৰ কৈ দিয়াটো ভাল। কথাবোৰ চিঠিৰ ভাঁজত কৈ দিলেও ভাল, অভিব্যক্তিত পুহি ৰাখিম এন্ধাৰ, কলেজৰ দেৱালত পুনৰ এঙাৰেৰে লিখিম তাইৰ চকুৰ সবিশেষ আৰু দুহাত মেলি দিলেই আলিংগনৰ বালিমাহী, ক’ম-নক’ম, ভাল-বেয়াৰ ইলিউজনত বহু কথাই কোৱা নহ’ল। কথাবোৰ কৈ দিয়াটো ভাল। কাৰণ কিছু কথা আৰু কিছুমান মানুহৰ সঁহাৰি আপুনি কেতিয়াও কৌতূহলৰ তুলাচনীত জুখিব নোৱাৰে। কবিতা আৰু মোৰ মাজত বাঢ়ি অহা ব্যৱধানৰ দিনবোৰ বহু কষ্ট আৰু আত্ম সমালোচনাৰে প্ৰায়েই দগ্ধ কৰিছিলোঁ নিজকে। ইনবক্সত সাঁচি ৰখা অপেক্ষাৰ টিং টং আৰু নিৰাশাৰ বৰ্ধিত নীৰৱতাই নোকোৱাকৈ বহুখিনি শিকাই গ’ল। কথাবোৰ কৈ দিয়াটো ভাল। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.