NEWS

Bangladeshi Actor Shanto Khan Death: গণৰোষৰ বলি জনপ্ৰিয় অভিনেতা, মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা, প্ৰাণ গ’ল পিতৃৰো

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পিছতে বাংলাদেশত অব্যাহত থকা অশান্তজৰ্জৰ অৱস্থাৰ মাজতে সোমবাৰে নিশা চান্দপুৰত গণহত্যাৰ চিকাৰ হয় জনপ্ৰিয় বাংলাদেশী অভিনেতা শান্তু খান আৰু তেওঁৰ পিতৃ চেলিম খান। উল্লেখযোগ্য যে প্ৰখ্যাত বাংলাদেশী প্ৰডাকচন হাউছৰ স্বত্বাধিকাৰী চেলিম খান আছিল শ্বেখ হাছিনাৰ ঘনিষ্ঠ। শ্বেখ হাছিনাই বাংলাদেশ এৰি পলায়ন কৰাৰ পিছত হাছিনাৰ দল আৱামি লীগৰ বহিষ্কৃত সদস্য হিচাপে শান্তু জনতাৰ হিংসাৰ বলি হয়। উল্লেখযোগ্য যে, শান্তু খানৰ প্ৰডাকচন হাউছে বাংলাদেশৰ বহু হিট গীত-ছবি যেনে ‘টুংগী পৰাৰ মিয়া ভাই’, ‘কমাণ্ডো’ আদি ছবি নিৰ্মাণ কৰিছিল। এই গণহত্যাৰ বলি হোৱা চেলিমৰ পুত্ৰ শান্তু আছিল এজন উদীয়মান অভিনেতা, যিয়ে ২০১৯ চনত ‘প্ৰেম চ’ৰ’ ছবি জৰিয়তে অভিষেক ঘটায়, তাৰ পিছত ২০২১ চনত ‘পিয়া ৰে’, ২০২৩ চনত ‘বুবুজান’, আৰু ২০২৪ চনত ‘আণ্টো নগৰ’ ছবিত অভিনয় কৰে। বাংলাদেশত কেইবাখনো চলচ্চিত্ৰত কাম কৰা শান্তুৰ এই হত্যাকাণ্ডত স্তম্ভিত হৈ পৰিছে অভিনেতা-পৰিচালক পৰমব্ৰত চেটাৰ্জী। বাংলা চলচ্চিত্ৰ উদ্যোগৰ আন অভিনেতা-অভিনেত্ৰীসকলেও শান্তো আৰু তেওঁৰ পিতৃৰ সৈতে হোৱ এনে জঘন্য কাণ্ডক গৰিহণা দিয়ে যদিও বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত মন্তব্য দিবলৈ ইচ্ছা কৰা লোক খুব কমেইহে আছিল। বাংলাদেশী ছবি ‘বিখভ’ত শান্তুৰ সৈতে কাম কৰা অভিনেতা ৰজতভা দত্তই পিটিআইক কয়, ‘চিনেমাখনৰ বাবে চান্দপুৰত আমাৰ শ্বুটিঙৰ সময়ত তেওঁ ব্যক্তিগতভাৱে মোৰ প্ৰয়োজনীয়তাৰ যতন লৈছিল। হোটেলতো মোৰ প্ৰয়োজনীয়তাৰ প্ৰতি তেওঁ মনোযোগ দিছিল। কেৰিয়াৰ শিখৰত থকাৰ সময়ত ইমান কম বয়সতে তেওঁৰ মৃত্যু কেনেকৈ বা কিয় হ’ল সেয়া নাজানো।” অৱশ্যে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি দেশৰ আভ্যন্তৰীণ বিষয় হোৱাৰ বাবে অভিনেতাগৰাকীয়ে বিশেষ কোনো মন্তব্য নকৰিলে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.