NEWS

Guwahati Fraud : মহানগৰীত এইবাৰ বাণ্টি ঔৰ বাবলী! কি কি কৌশলেৰে সহজ-সৰল লোকৰ পৰা লাখ-লাখ টকা লুটিছিল শাহু-বোৱাৰী-পুত্ৰই?

মহানগৰীত এইবাৰ বান্টি ঔৰ বাবলী। কেতিয়াবা চিকিৎসক, কেতিয়াবা আৰক্ষী, কেতিয়াবা অধিবক্তাৰ ৰূপত প্ৰৱঞ্চনা। প্ৰৱঞ্চকৰ লক্ষ্য হৈ পৰিছে গুৱাহাটী মহানগৰী। চাকৰিৰ টোপ দি লুটিছিল কোটি কোটি টকা। প্ৰৱঞ্চনা কৰি ক্ৰাইম বাঞ্চৰ আলহী শাহু-বোৱাৰী আৰু পুত্ৰ। ৰীল লাইফত নহয় এইবাৰ ৰীয়েল লাইফত বান্টি ঔৰ বাবলী উলাইছে মহানগৰীত৷ কাহিনী মহাপ্ৰৱঞ্চক কৌস্তভ বৰুৱা এণ্ড পৰিয়ালৰ কাহিনী। প্ৰথমে মুখ্যমন্ত্ৰীৰ OSD হেমন্ত চৌধুৰীৰ নাম লৈ এই মহা প্ৰৱঞ্চকে ৰাজ্যত পেলাইছিল প্ৰৱঞ্চনাৰ জাল ৷ চাকৰি দিয়াৰ নামত ৰাজ্যৰ বিভিন্ন লোকৰ পৰা এই প্ৰৱঞ্চক গোটে লুটিছিল কোটি কোটি টকা ৷ নিৰ্ধাৰিত সময়ত ভুক্তভোগীয়ে চাকৰি নাপাই ধন বিচাৰি গ’লেই এই প্ৰৱঞ্চকে পিষ্টল দেখুৱাই দিছিল প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কৌস্তভ বৰুৱাৰ বিৰুদ্ধে। আৰু পঢ়ক: ভেদ হ’ল ৰহস্য! জি এছ ৰোডত হাতত মাৰণাস্ত্ৰ লোৱা বাইক আৰোহীৰ প্ৰকৃত সত্য পোহৰলৈ উপায়ন্তৰ হৈ ভুক্তভোগী কাষ চাপিল ক্ৰাইম ব্ৰান্সৰ ৷ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ক্ৰাইম ব্ৰান্সে প্ৰথমে গ্ৰেপ্তাৰ কৰে এই মহাপ্ৰৱঞ্চকৰ মাতৃ অৰ্থাৎ জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ সহায়িকা পুতুলী ডেকাক ৷ পুতুলী ডেকাক গ্ৰেপ্তাৰ পাছতেই পোহৰলৈ আহে আন কেতবোৰ ভয়ংকৰ তথ্য ৷ ক্ৰাইম ব্ৰান্সৰ মাৰাথন জেৰাত পোহৰলৈ আহে প্ৰৱঞ্চনাত কৌস্তভ আৰু পত্নী জুপিতৰা জড়িত থকাৰ কথা ৷ ইফালে মাতৃৰ গ্ৰেপ্তাৰৰ কথা শুনিয়েই গুৱাহাটীৰ নৱগ্ৰহৰ ভাড়াঘৰ এৰি পলায়ন কৰে পুত্ৰ কৌস্তভ আৰু বোৱাৰী জুপিতৰাই। আৰু পঢ়ক: গুৱাহাটীৰ মাজমজিয়াত দীপাংকৰে এৰি গ’ল স্ক’ৰপিঅ’! ক’ত লুকাল হাজাৰ কোটিটকীয়া কেলেংকাৰীৰ খলনায়ক? কোনোবাই অপহৰণ কৰিলে নেকি DB STOCK BROKINGৰ স্বত্বাধিকাৰী দীপাংকৰক? পলায়ন কৰে যদিও দেওবাৰে বিশ্বনাথ পৰা ক্ৰাইম ব্ৰান্সে দুয়োকে গ্ৰেপ্তাৰ কৰি লৈ আনে গুৱাহাটীৰ কাৰ্যালয়লৈ ৷ প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে দুয়ো স্বামী- স্ত্ৰীয়ে ৷ কৌস্তভৰ মতে তেওঁ হেনো ষড়যন্ত্ৰৰহে বলি হৈছে। ইফালে কৌস্তভৰ পত্নী জুপিতৰাৰ মতে এই সমগ্ৰ কাণ্ডত জড়িত পুতুলী ডেকাহে, জুপিতৰাৰ নামত ছিম উলিয়াই হেনো পুতুলীয়ে জাল পেলাইছিল প্ৰৱঞ্চনাৰ। সমগ্ৰ প্ৰৱঞ্চনা কাণ্ডৰ সন্দৰ্ভত ক্ৰাইম ব্ৰান্সে তিনি অভিযুক্ত মাতৃ, পুত্ৰ, বোৱাৰীক চলাই আছে মাৰাথন জেৰা ৷ ক্ৰাইম ব্ৰান্সৰ সঠিক তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.