অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট বৈঠকৰ পিছত সিদ্ধান্তসমূহ সংবাদ মাধ্যমক অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে নতুনকৈ ১৬খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু তিনিখন গাঁৱত বড়ো লোকৰ সংখ্যা কিমান আছে তাক চাই সিদ্ধান্ত ল’বলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব অৰ্পণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়, বিটিআৰ যুক্তিত এটা ডাঙৰ কথা আছিল যে শোণিতপুৰ আৰু বিশ্বনাথ জিলালৈ বিটিআৰৰ সীমা বৃদ্ধি হ’ব। কিন্তু ৮০ শতাংশতকৈ অধিক বড়ো বা জনজাতীয় লোক থকা গাঁৱক লৈহে সম্প্ৰসাৰিত হ’ব। তেনে গাঁও ৬০খন নিৰ্বাচন কৰিছিলো। ৪১খন আগতে অৰ্পণ কৰিছিলো, ১৯খন কৰিলে প্ৰতিশ্ৰুতি পূৰ্ণ হয়। তাৰে ১৬খন আজি অৰ্পণ কৰিছো, আৰু ৩খনত বড়ো লোকৰ সংখ্যা কিমান তাক পুনৰ চাবৰ বাবে মুখ্যমন্ত্ৰীক কেবিনেটে দায়িত্ব অৰ্পণ কৰিছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলক লৈও কেবিনেটত গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰীয়ে কয়, ২০১৭ৰ পৰা অসমত জিএছটি বলৱৎ হয়। যোৱা বছৰ অক্টোবৰত ১ লাখ ১১ হাজাৰ ১৪৮ গৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে জিএছটি ৰিয়েলাইজেশ্যনৰ জাননী জাৰি কৰা হৈছে। এতিয়া ৫ লাখ টকাতকৈ অধিক টেক্স ভেল্যু হ’লেহে ছফ্টৱেৰৰ বেছিছত নটিচ যাব। ইয়াৰ ফলত ভৱিষ্যতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে বিগ ডাটা এনালাইছিছৰ ওপৰত পঠোৱা নটিচৰ পৰা ৰেহাই পাব। অতীতৰ লগতে ভৱিষ্যতৰ কেছসমূহ হেৰাই দিয়াৰ সিদ্ধান্ত লৈছে। তাৰ ফলত পুৰণি নটিচ, পুৰণি জৰিমনাৰ পৰা সৰু সৰু ব্যৱসায়ীসকল লাভান্বিত হ’ব। প্ৰায় ৯০ হাজাৰ লোক লাভান্বিত হ’ব। আনহাতে, শিক্ষা বিভাগক লৈও কেবিনেট বৈঠকত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমৰ বহু অঞ্চলত স্থানীয় মাধ্যমত ভাল ভাল স্কুল গঢ় লৈ উঠিছে। শিক্ষা বিভাগক সেই বিদ্যালয়সমূহৰ ২৫ শতাংশ আসন চৰকাৰে লৈ ল’ব পাৰে নেকি সেয়া চাবলৈ নিৰ্দেশ দিছে। এয়া ৰূপায়ণ হ’লে এইধৰণৰ ভাল অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত, যিবোৰ বিদ্যালয় সামাজিক সংস্থাসমূহে পৰিচালনা কৰে বা মালিক নাথাকে, তেনে স্কুলবিলাকত ২৫ শতাংশ আসন দুখীয়া ল’ৰা-ছোৱালীৰ বাবে মুকলি কৰি দিয়াৰ প্ৰস্তাৱ লৈছে চৰকাৰে। তাৰ মাচুল ৰাজ্য চৰকাৰে দিব। ইংৰাজী মাধ্যমক দিয়া নহ’ব এই সুবিধা। অসমীয়া বা থলুৱা ভাষাৰ স্কুলেহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তাৱ দিয়া হয় কেবিনেটত। সকলো বিদ্যালয় নহয়, নীতি নিয়মত হোৱা স্কুলেহে পাব এই সুবিধা। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- August 26, 2024
-
- August 26, 2024
-
- August 26, 2024
Featured News
Latest From This Week
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.