ছালৰ বাবেও উপকাৰী এই বিধ পাচলি আমি প্ৰায় প্ৰতিদিনে সেৱন কৰো। কিন্তু এই পাচলি বিধৰ আছে আৰু বহুত উপকাৰিতা। আমি দৈনন্দিন জীৱনত সচৰাচৰ ব্যৱহাৰ কৰা এই পাচলি বিধ হ’ল পিঁয়াজ। পিঁয়াজ আমাৰ দৈনন্দিন খাদ্যত ব্যৱহৃত এক গুৰুত্বপূর্ণ পাচলি। ইয়াত থকা পুষ্টিগুণৰ বাবে পিয়াজৰ বহুতো স্বাস্থ্যকৰ উপকাৰিতা আছে বুলি জনাইছে ডাক্তৰ পল ৰবচন মেধিয়ে। পিঁয়াজত কেল’ৰি কম আৰু ভিটামিন চি, ভিটামিন বি৬, আৰু পটাছিয়ামৰ থাকে। ইয়াত এন্টি-অক্সিডেণ্টৰ দৰে কুৱাৰচেটিন আৰু চালফাৰ যৌগ থাকে। ভিটামিন চি প্ৰচুৰ পৰিমাণে থকাৰ বাবে পিয়াজে শৰীৰৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পিঁয়াজে দেহৰ পৰা ক্ষতিকাৰক কোলেষ্টেৰল হ্ৰাস কৰি ভাল কোলেষ্টেৰল বৃদ্ধিত সহায় কৰে। ইয়াত থকা কুৱাৰচেটিনে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰে। পিঁয়াজত থকা ফাইবাৰ আৰু প্ৰিবায়’টিকে পাচন প্ৰক্ৰিয়াত সহায় কৰে আৰু সুস্থ অন্ত্ৰজীৱাণু বৃদ্ধি কৰে। পিঁয়াজত থকা এণ্টি-অক্সিডেণ্টে শৰীৰৰ কোষৰ ক্ষতি ৰোধ কৰি কেঞ্চাৰ আৰু ডায়বেটিছৰ দৰে ক্ৰনিক ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ছালৰ বাবে যথেষ্ট উপকাৰী পিঁয়াজ। পিঁয়াজত থকা চালফাৰ আৰু ভিটামিনে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। ৰক্তচাপ আৰু শৰীৰতচেনিৰ পৰিমাণনিয়ন্ত্ৰণ কৰে পিঁয়াজে। পিঁয়াজৰ সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায়ক, বিশেষকৈ ডায়বেটিছ ৰোগীৰ বাবে পিয়াজে চেনি নিয়ন্ত্ৰণত সহায় কৰে। হাড় মজবুত কৰাটো সহায় কৰে পিঁয়াজে। পিঁয়াজত থকা প্ৰাকৃতিক যৌগই হাড়ৰ গাঁথনি শক্তিশালী কৰি অষ্টিঅ’পোৰ’ছিছৰ সম্ভাৱনা হ্ৰাস কৰে। চুলি সৰা নিয়ন্ত্ৰণ কৰে। পিঁয়াজৰ ৰসে অক্সিদেতিভ ষ্ট্ৰেছ কমাই চুলি সৰা নিয়ন্ত্ৰন কৰে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.