NEWS

7th Pay Commission Salary Hike: DA বৃদ্ধিৰ অপেক্ষাত থকা চৰকাৰী কৰ্মচাৰীলৈ আন এক ডাঙৰ খবৰ, এইবাৰ ন্যূনতম বেতন বৃদ্ধিৰ প্ৰস্তাৱ

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে বৰ্তমান ডি এ বৃদ্ধিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে। তাৰ মাজতে ন্যূনতম বেতনক লৈ এক নতুন প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম বেতন বৃদ্ধিৰ কথা কোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম মাহিলী বেতন ৩২,৫০০ টকা কৰা হওক। এই দাবী জনালে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ সংগঠন ‘জইণ্ট কনচাল্টিভ মেকানিজম’য়ে। লগতে বিভিন্ন মন্ত্ৰণালয় আৰু বিভাগৰ নতুন পদ সৃষ্টিৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱাৰো দাবী কৰা হৈছে। এইক্ষেত্ৰত বিশেষকৈ ভাৰতীয় ৰে’লৰ কথা উল্লেখ কৰা হৈছে বুলি সূত্ৰৰ খবৰ। আৰু পঢ়ক : HDFC বেংকৰ পৰা ৫ বছৰৰ বাবে ১০ লাখ টকাৰ Personal Loan ল’লে কিমান টকা EMI দিব লাগিব? শনিবাৰে নিজৰ বাসভৱনত ‘জইণ্ট কনচাল্টিভ মেকানিজম’ৰ প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁলোকক সাক্ষাতৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নতুন পেঞ্চন আঁচনি ইউনিফাইড পেঞ্চন স্কিম (UPS) আৰম্ভ কৰা হয়। জইণ্ট কনচাল্টিভ মেকানিজমৰ প্ৰতিনিধিসকলৰ দাবী, নতুন পেঞ্চন স্কীমৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল অত্যন্ত লাভৱান হ’ব। জইণ্ট কনচাল্টিভ মেকানিজমৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয়, ‘কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ জেণ্ট কনচাল্টিভ মেকানিজমৰ প্ৰতিনিধিসকলক সৈতে কৰিলো। উইনিফাইড পেঞ্চন স্কীমক লৈ কেবিনেটত যি সিদ্ধান্ত লোৱা হৈছে, তাত অত্যন্ত আনন্দ প্ৰকাশ কৰিছে তেওঁলোকে। লগতে পঢ়ক : মাহিলী ৫০ হাজাৰ টকাকৈ লাভ কৰিব পেঞ্চন, বয়স অনুসৰি আপুনি কিমান টকাকৈ জমা কৰিব লাগিব? জানি লওক হিচাপ বৰ্তমান কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে সপ্তম বেতন আয়োগৰ আওতাত বেতন লাভ কৰে। তেওঁলোকে বৰ্তমান ৫০ শতাংশ হাৰত ডিএ লাভ কৰি আছে। বহুতেই আশা কৰিছিল যে ডিএৰ হাৰ ৫০ শতাংশ হৈ গ’লে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহাৰ সৈতে ডিএ সংযুক্ত কৰি দিয়া হ’ব। ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি পাব। কিন্তু সেই পথ লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। সূত্ৰৰ খবৰ অনুসৰি, যেতিয়া অষ্টম বেতন আয়োগ কাৰ্যকৰী হ’ব, তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহা বৃদ্ধি হ’ব। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ কথা। বিগত জুলাইত বিত্ত মন্ত্ৰণালয়ৰ ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে জনাইছিল, অষ্টম বেতন আয়োগক লৈ কেন্দ্ৰৰ ওচৰত দুটা প্ৰস্তাৱ আছে। কিন্তু বৰ্তমান সেই প্ৰস্তাৱ বিবেচনা কৰা হোৱা নাই বুলি জনাইছিল মন্ত্ৰীগৰাকীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.