NEWS

উৰুখা পঁজাৰ পৰা বিশ্ব দৰবাৰলৈ যাত্ৰা ডিব্ৰুগড়ৰ তৰালীৰ, দুভৰিৰ যাদুৰে জিলিকিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত

দুভৰিৰ যাদুৰে এচিয়ান ফুটছাল ফুটবল চেম্পিয়নশ্বিপত জিলিকি উঠিল তৰালি চৰাইহাবি মিচিং গাঁৱৰ উৰুখা পঁজাৰ পৰা বিশ্ব দৰবাৰলৈ কঠিন যাত্ৰা এগৰাকী কিশোৰীৰ। দুভৰিৰ যাদুৰে এচিয়ান ফুটছাল ফুটবল চেম্পিয়নশ্বিপত জিলিকি উঠিল তৰালী। জকাইচুকৰ পৰা বিশ্ব দৰবাৰত জিলিকিবলৈ সক্ষম হ’ল তৰালী। মনত থকা দুৰ্বাৰ হেঁপাহ, কঠোৰ অনুশীলনৰ বাবেই আজি জিলিকি উঠিছে তৰালী। ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত অতি পিছপৰা গাঁও চৰাই হাবি মিচিং গাঁৱৰ তেনেই এটি সাধাৰণ পৰিয়ালৰ জীয়ৰী তৰালী মিলিয়ে সুনাম কঢ়িয়াই আনিছে অসমৰ বাবে৷ নেপালত সদ্যসমাপ্ত Asian FUTSAL Football Championship-ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে তৰালী মিলিয়ে৷ ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবেই খেলৰ প্ৰতি আগ্ৰহ থকা তৰালীক ১০ বছৰ বয়সতে নামভৰ্তি কৰাই দিছিল খোৱাঙত অৱস্থিত চিৰঞ্জীতা মহিলা ক্ৰীড়া বিদ্যালয়ত৷ নিজৰ দক্ষতাৰ বাবেই প্ৰথমে জিলা পৰ্যায়ত আৰু পিছত ৰাজ্যিক পৰ্যায়ত Futsal Football-ত উজলি উঠা তৰালী নিৰ্বাচিত হৈছিল ভাৰতীয় ৰাষ্ট্ৰীয় দললৈ৷ যোৱা ২৮, ২৯ আৰু ৩০ জুলাইত নেপালত অনুষ্ঠিত Asian FUTSAL Football Championship-ত ১৯ বছৰৰ অনুৰ্ধ্ব শাখাত বিজয়ীৰ সন্মান লাভ কৰে তৰালীয়ে প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলে৷ নেপালৰ পৰা মৰাণৰ চৰাইহাবি মিচিং গাঁৱৰ নিজৰ ঘৰখনত খেলুৱৈগৰাকী উপস্থিত হোৱাৰ পাছতে উঠিছে আনন্দৰ লহৰ৷ অতি ভিতৰুৱা গাঁওখনৰ এটি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী তৰালীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী৷ উল্লেখ্য যে,বাঁহৰ ঘৰ আৰু সীমিত সুবিধাৰ মাজতে তৰালিৰ মহিলা ক্রীড়া বিদ্যালয়ত চলিছে প্রতিভা বিকাশৰ প্ৰশিক্ষণ। উত্তৰ-পূবৰ প্রথমখন মহিলা ক্রীড়া বিদ্যালয়ে হৈছে তৰালিয়ে ফুটবল শিকা বিদ্যালয়খন। ডিব্ৰুগড়ৰ খোৱাঙত থকা মহিলা বিদ্যালয়ত ক্রিকেট, ফুটবল আৰু এথলীটৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। বিদ্যালয়খনৰ নাম চিৰঞ্জীতা মহিলা ক্ৰীড়া বিদ্যালয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.