NEWS

Pushpa-2: কাইলৈ ছবিগৃহত মুক্তি পাব ‘পুষ্পা ২’, 'পুষ্পা ২' মুক্তিৰ পূৰ্বে গুৱাহাটীত তেলেগু ভাষাত প্ৰায় ৪০০০ টিকট বুকিং!

কাইলৈ মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত দাক্ষিণাত্যৰ ছবি পুষ্পা ২। পুষ্পা ছবিখনে যিদৰে সমগ্ৰ দেশতে আলোৰণৰ সৃষ্টি কৰিছিল ঠিক তেনেকৈ পুষ্পা ২ ছবিখনেও একেই পৰিৱেশ ৰচনা কৰিবলৈ আগবাঢ়িছে। লাখ লাখ দৰ্শকে অপেক্ষা কৰি থকা ছবিখন অৱশেষত কাইলৈ‌ মুক্তিলাভ কৰিব। সমগ্ৰ দেশতে এতিয়া পুষ্পাৰ জ্বৰ পৰিলক্ষিত হৈছে। তথ্য মতে ছবিখনৰ মুক্তিৰ পূৰ্বে এডভান্স বুকিঙৰ জৰিয়তে ৭৭.১৬ কোটিতকৈ অধিক টকা উপাৰ্জন কৰিছে ছবিখনে। সমান্তৰালকৈ গুৱাহাটীৰ তেলেগু সমাজতো ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে। মুক্তিৰ দিনটোৰ বাবে ফটাশিল জি এম চি কলনিৰ তেলেগু সমাজে ৮০০ টিকট আগতীয়াকৈ বুকিং কৰিছে। তেওঁলোকে তেলেগু ভাষাত বুকিং কৰিছে টিকট। ইয়াৰ উপৰি অহা দেওবাৰলৈকে গুৱাহাটীত থকা সকলো তেলেগু সমাজে তেলেগু ভাষাত প্ৰায় ৪০০০ টিকট আগতীয়াকৈ বুকিং কৰিছে। ফটাশিল আমবাৰী, মালিগাঁও, পাণ্ডু ৰেষ্ট কেম্প, বামুনীমৈদাম, সাতগাঁৱত থকা তেলেগু সমাজে বুকিং কৰিছে টিকট। ইয়াৰ উপৰি আই আই টি গুৱাহাটীত অধ্যয়নৰত দাক্ষিণাত্যৰ ছাত্ৰ-ছাত্ৰীয়ে তেলেগু ভাষাত উপভোগ কৰিব পুষ্পা ২। ইতিমধ্যে গুৱাহাটীৰ কেইবাটাও ছবিগৃহত তেওঁলোকে বুকিং কৰিছে টিকট। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Pushpa-2: কাইলৈ ছবিগৃহত মুক্তি পাব ‘পুষ্পা ২’, 'পুষ্পা ২' মুক্তিৰ পূৰ্বে গুৱাহাটীত তেলেগু ভাষাত প্ৰায় ৪০০০ টিকট বুকিং! Pushpa-2: কাইলৈ ছবিগৃহত মুক্তি পাব ‘পুষ্পা ২’, 'পুষ্পা ২' মুক্তিৰ পূৰ্বে গুৱাহাটীত তেলেগু ভাষাত প্ৰায় ৪০০০ টিকট বুকিং! কাইলৈ মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত দাক্ষিণাত্যৰ ছবি পুষ্পা ২। পুষ্পা ছবিখনে যিদৰে সমগ্ৰ দেশতে আলোৰণৰ সৃষ্টি কৰিছিল ঠিক তেনেকৈ পুষ্পা ২ ছবিখনেও একেই পৰিৱেশ ৰচনা কৰিবলৈ আগবাঢ়িছে। অধিক পঢ়ক … 1-MIN READ local18 Last Updated : December 4, 2024, 11:08 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি কাইলৈ মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত দাক্ষিণাত্যৰ ছবি পুষ্পা ২। পুষ্পা ছবিখনে যিদৰে সমগ্ৰ দেশতে আলোৰণৰ সৃষ্টি কৰিছিল ঠিক তেনেকৈ পুষ্পা ২ ছবিখনেও একেই পৰিৱেশ ৰচনা কৰিবলৈ আগবাঢ়িছে। লাখ লাখ দৰ্শকে অপেক্ষা কৰি থকা ছবিখন অৱশেষত কাইলৈ‌ মুক্তিলাভ কৰিব। সমগ্ৰ দেশতে এতিয়া পুষ্পাৰ জ্বৰ পৰিলক্ষিত হৈছে। তথ্য মতে ছবিখনৰ মুক্তিৰ পূৰ্বে এডভান্স বুকিঙৰ জৰিয়তে ৭৭.১৬ কোটিতকৈ অধিক টকা উপাৰ্জন কৰিছে ছবিখনে। সমান্তৰালকৈ গুৱাহাটীৰ তেলেগু সমাজতো ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে। মুক্তিৰ দিনটোৰ বাবে ফটাশিল জি এম চি কলনিৰ তেলেগু সমাজে ৮০০ টিকট আগতীয়াকৈ বুকিং কৰিছে। তেওঁলোকে তেলেগু ভাষাত বুকিং কৰিছে টিকট। ইয়াৰ উপৰি অহা দেওবাৰলৈকে গুৱাহাটীত থকা সকলো তেলেগু সমাজে তেলেগু ভাষাত প্ৰায় ৪০০০ টিকট আগতীয়াকৈ বুকিং কৰিছে। বিজ্ঞাপন ফটাশিল আমবাৰী, মালিগাঁও, পাণ্ডু ৰেষ্ট কেম্প, বামুনীমৈদাম, সাতগাঁৱত থকা তেলেগু সমাজে বুকিং কৰিছে টিকট। ইয়াৰ উপৰি আই আই টি গুৱাহাটীত অধ্যয়নৰত দাক্ষিণাত্যৰ ছাত্ৰ-ছাত্ৰীয়ে তেলেগু ভাষাত উপভোগ কৰিব পুষ্পা ২। ইতিমধ্যে গুৱাহাটীৰ কেইবাটাও ছবিগৃহত তেওঁলোকে বুকিং কৰিছে টিকট। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Allu Arjun , Pushpa First Published : December 4, 2024, 11:08 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.