NEWS

গুৱাহাটীৰ ৰয়েল গ্ল’বেল স্কুলত আয়োজন বিজ্ঞান প্ৰদৰ্শনী ২০২৪, ছাত্ৰ-ছাত্ৰীৰ গোটসমূহৰ প্ৰকল্পই সকলোকে কৰিলে অনুপ্ৰাণিত

গুৱাহাটীৰ ৰয়েল গ্ল’বেল স্কুলত আয়োজন বিজ্ঞান প্ৰদৰ্শনী ২০২৪। বহনক্ষম উন্নয়ন লক্ষ্য (SDG) আৰু STEMৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে গোট হৈ কাম কৰি বহু প্ৰকল্পৰ সৃষ্টি কৰে। এই প্ৰকল্পই বিশ্বব্যাপী চলা বহুতো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগৰ সহযোগী অধ্যাপিকা ডঃ ছফিয়া বানু উপস্থিত থাকে। বিজ্ঞান প্ৰদৰ্শনীথলীৰ প্ৰতিটো প্ৰকল্প পৰিদৰ্শন কৰি ডঃ ছফিয়া বানুৱে কয় যে ‘‘এনেকুৱাৰ অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ বাবে বিদ্যালয়খনৰ প্ৰতি মই কৃতজ্ঞ। ৰয়েল গ্ল’বেল স্কুল বিজ্ঞান প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলে উপস্থাপন কৰা উদ্ভাৱনীমূলক ধাৰণা আৰু ব্যাখ্যাৰ সাক্ষী হোৱাটো সঁচাকৈয়ে এক প্ৰেৰণাদায়ক অভিজ্ঞতা।’’ বিজ্ঞান প্ৰদৰ্শনীৰ পৰিৱেশটো আছিল সকলোকে অনুপ্ৰাণিত কৰা। প্ৰতিটো শ্ৰেণীকোঠাতে শিক্ষাৰ্থীয়ে উপস্থাপন কৰা প্ৰকল্পসমূহ চাবলৈ বৃহৎ সংখ্যক অভিভাৱকো উপস্থিত আছিল। ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ-নিজৰ প্ৰকল্প বিষয়ে বিশদভাৱে বুজাই দিয়ে। ছিনিয়ৰ স্কুলখনে AIৰ ওপৰত প্ৰকল্প যেনে গেমছ, চেটবট, আৰু টেক্সট-টু-ইমেজ জেনেৰেটৰৰ লগতে জৈৱ ইন্ধন আৰু ৰেডিঅ’থেৰাপিৰ দৰে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ উদ্ভাৱনীমূলক পদ্ধতি প্ৰদৰ্শন কৰে। নিউক্লিয়াৰ ছায়েন্স, মলিকুলাৰ গেষ্ট্ৰ’নমি, লাৰ্জ হেড্ৰন কলাইডাৰ, মাইক্ৰ’প্লাষ্টিকছৰ ক্ষতিকাৰক প্ৰভাৱ, উইণ্ডমিলৰ দৰে সুলভ আৰু পৰিষ্কাৰ শক্তি, ব্লেক হোল তত্ত্ব আদিৰ উজ্জ্বল আৰু অন্ধকাৰ দিশৰ ওপৰতো চিন্তা-উদ্দীপক প্ৰকল্প আছিল। মধ্যবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, আৰু সুস্বাস্থ্য আৰু মংগলৰ দৰে মূল বহনক্ষম উন্নয়ন লক্ষ্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁলোকৰ প্ৰকল্পসমূহে এই বিষয়সমূহ প্ৰদৰ্শন কৰিছিল আৰু সম্ভাৱ্য সমাধান আগবঢ়াইছিল। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পানীৰ তলৰ জীৱন, প্ৰকৃতিৰ উপাদান (ভূমি, বায়ু, পানী, আৰু মহাকাশ) আদি বিষয়সমূহৰ সন্ধান কৰা প্ৰকল্পৰ জৰিয়তে নিজৰ সৃষ্টিশীলতা আৰু কৌতুহল প্ৰদৰ্শন কৰিছিল। খাদ্য, কাপোৰ, নবীকৰণযোগ্য শক্তিকে ধৰি মানৱ মৌলিক প্ৰয়োজনীয়তাৰ ওপৰতো প্ৰকল্প উপস্থাপন কৰে শিক্ষাৰ্থীসকলে। ৰয়েল গ্ল’বেল স্কুলৰ AI শিক্ষক ৰবট IRIS অনুষ্ঠানথলী ভ্ৰমণ আৰু মত বিনিময় কৰে। ইয়াৰ উপৰি আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি প্ৰদৰ্শনীৰ সফলতা আৰু অধিক বৃদ্ধি কৰি তুলে। IRISএ তেওঁলোকৰ কৌতুহলী প্ৰশ্নৰ উত্তৰ নিখুঁত আৰু স্পষ্টতাৰে দি সকলোকে আপ্লুত কৰে। এই অনুষ্ঠানত ৰয়েল গ্ল’বেল স্কুলৰ বৈজ্ঞানিক অনুসন্ধান, সমালোচনাত্মক চিন্তাধাৰা আৰু বিশ্বত ইতিবাচক প্ৰভাৱ পেলোৱাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.