আদাৰ আছে বহুতো ঔষধী গুণ । এই গুণ সমূহৰ বিষয়ে আপুনি জানেনে আদাৰ আছে বহুতো ঔষধি গুণ। এই গুণ সমূহৰ বিষয়ে আপুনি জানেনে? আমি দৈনন্দিন সেৱন কৰা বহুকেইবিধ ব্যঞ্জনত আদাৰ ব্যৱহাৰ কৰা হয়। ৰান্ধনীশালত সচৰাচৰ ব্যৱহাৰ হৈ থকা এই বিধ ঔষধি উদ্ভিদৰ আছে বহুতো স্বাস্থ্যকৰ গুণাগুণ। আমি প্ৰায় প্ৰতিদিনেই ব্যৱহাৰ কৰা আদাৰ লাভ আৰু কিছু উপকাৰিতাৰ বিষয়ে জনাইছে ডাক্তৰ পল ৰবচন মেধিয়ে। আদাৰ স্বাস্থ্যকৰ গুণসমূহ হৈছে আদাই পাচন শক্তি বঢ়ায়। কম পৰিমাণে সেৱন কৰিলে আদাই হজম শক্তি উন্নত কৰে আৰু গেছ-বমি আদি ৰোধ কৰাত সহায় কৰে। গৰ্ভাৱস্থাৰ বমি ভাব, যাত্ৰাৰ সময়ত হোৱা বমি আৰু কেম’থেৰাপিৰ পাছত হোৱা বমি নিৰাময় কৰিবলৈ আদা যথেষ্টউপকাৰী। ইয়াৰ উপৰিও হাৰৰ গাঁঠিৰ বিষ আৰু মাংসপেশীৰ বিষ আদি কম কৰাৰ ক্ষেত্ৰতো ই সহায়ক। অৰ্থ্ৰাইটিছ ৰোগৰ ক্ষেত্ৰত বেদনানাশক ৰূপে কাম কৰে আদাই। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আদাত থকা এন্টিঅ’ক্সিডেণ্টে ৰোগ প্ৰতিৰোধত সহায় কৰে। চৰ্দী-জ্বৰ আদিৰ ক্ষেত্ৰতো বহুউপকাৰী আদা। আদাই বেয়া কোলেষ্টেৰল (LDL) আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ হ্ৰাস কৰে। আদাই ৰক্ত সঠিকভাৱে সঞ্চালন হোৱাত সহায় কৰি স্বাস্থ্য উন্নত কৰে। শৰীৰৰ ক্ষতিকাৰক ফ্ৰি ৰেডিকেল ধ্বংস কৰি কেঞ্চাৰ আৰু অন্যান্য দীৰ্ঘকালীন ৰোগৰ আশংকা কমায়। কেৱল এয়াই নহয় ওজন নিয়ন্ত্ৰণ কৰাটো আছে আদাৰ ভুমিকা। মেটাবলিজম উন্নত কৰি ফেত বাৰ্ন কৰাত সহায় কৰাৰ লগতে দীঘলীয়া সময়লৈ ভোক লগাৰ অনুভৱ হ’বলৈ নিদিয়ে। ঋতুস্ৰাৱৰ সময়ৰ পেটৰ বিষ কমাবলৈ প্ৰাকৃতিক উপায় হিচাপে আদাৰ ব্যৱহাৰ কৰিব পাৰি। আদাই ডায়েবেটিছ ৰোগীৰ বাবে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। আদাই বয়সজনিত মগজুৰ ক্ষয় ৰোধ কৰাত সহায় কৰে। এলজাইমাৰ ৰোগৰ আশংকা কমায়। যদিও আদা সাধাৰণতে সুৰক্ষিত, অধিক পৰিমাণে সেৱনৰ ফলত কিছু অসুবিধা হ’ব পাৰে। কিন্তু অধিক পৰিমাণে সেৱনৰ ফলত বুকুৰ জ্বলা, পেটৰ অস্বস্তি, অথবা ডায়েৰিয়া হ’ব পাৰে। দৈনিক ১-২ গ্ৰামৰ ভিতৰত আদা সেৱন সাধাৰণতে সুৰক্ষিত। বিশেষকৈ গৰ্ভৱতী মহিলা, স্তন্যদানকাৰী মহিলা, অথবা ঔষধ সেৱন কৰা লোকৰ ক্ষেত্ৰত বিশেষ পৰামৰ্শ ল’বলৈ আহ্বান জনাইছে ডাক্তৰ পল ৰবচন মেধিয়ে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.