ৰাসৰ অনুষ্ঠান কৰিবলৈ গৈ অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন অভিনেত্ৰী। হোটেলৰ কোঠাত দুৰ্বৃত্তৰ প্ৰৱেশৰ চেষ্টা। নগাঁও বাইপাছৰ চানযুক্তি হোটেলত ভয়ংকৰ ঘটনা। ফেচবুক লাইভযোগে সমগ্ৰ ঘটনা বৰ্ণনা কৰিলে অভিনেত্ৰী অমৃতা গগৈয়ে নগাঁৱত ৰাসৰ অনুষ্ঠান কৰিবলৈ গৈ অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হয় অভিনেত্ৰী অমৃতা গগৈ। ২২ নৱেম্বৰত নগাঁও বাইপাছত থকা চানযুক্তি নামৰ হোটেলৰ ৩০৪ নম্বৰৰ অমৃতা গগৈ থকা কোঠাত নিশা অচিনাক্ত লোকৰ প্ৰৱেশৰ চেষ্টা। মুখত কাপোৰ বান্ধি দুৱাৰ খোলাৰ চেষ্টা কৰিছিল এজন যুৱকে। হোটেলৰ মালিকক ঘটনাৰ বিষয়ে অগৱত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে অভিনেত্ৰী গৰাকীয়ে। কি হৈছিল সিদিনা? পুৱা প্ৰায় ৫ বজাত কিবা এটা শব্দ শুনি হঠাৎ টোপনিৰ পৰা সাৰ পালে অমৃতা গগৈৰ বান্ধৱীগৰাকীয়ে। দেখে তেওঁলোকৰ ৰুমৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে। একে জাঁপে উঠি গৈ দুৱাৰখন খুলিব নোৱাৰাকৈ ঠেলি ধৰিলে অমৃতা গগৈয়ে। দুয়োগৰাকীয়ে লক্ষ্য কৰিলে যে দুৱাৰখনৰ লকটো বাহিৰৰ পৰা কোনোবাই ঘূৰাই আছে। দুৱাৰখন হেঁচি ধৰি অভিনেত্ৰী অমৃতা গগৈয়ে আইহ’ল টোৰে বাহিৰলৈ চাওতে দেখে যে মুখত কাপোৰ বন্ধা এজন যুৱকে বাহিৰৰ পৰা দৰ্জাখন খুলিবলৈ চেষ্টা কৰিছে। আৰু পঢ়ক: ‘‘মুখত কাপোৰ বন্ধা এজন যুৱকে বাহিৰৰ পৰা…!’’ হোটেল চানযুক্তিৰ Room No-304ত কি কি হৈছিল অমৃতাৰ সৈতে? শুনক অমৃতাৰ মুখেৰে লগে-লগে অভিনেত্ৰী অমৃতা গগৈয়ে বান্ধৱীগৰাকী হোটেলৰ মালিকলৈ ফোন কৰিবলৈ ক’লে। কিয়নো ৰুমটো লোৱাৰ দিনা অভিনেত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল হোটেলৰ মালিক। শ্বেয়াৰ কৰিছিল মোবাইল নম্বৰ। ৫:২৪ বজাত, ৫:২৬ বজাত আৰু ৫:২৭ বজাত তিনিবাৰ হোটেলৰ মালিকলৈ ফোন কৰা হ’ল। কিন্তু ফোন ৰিছিভ নকৰিলে হোটেলৰ মালিকে। লগে লগে ফোন কৰিলে ৰাস কমিটীৰ সম্পাদকলৈ। ফোনতে জনোৱা হ’ল সমগ্ৰ ঘটনা। উপায়ন্তৰ হৈ হোটেলৰ কোঠাৰ ভিতৰতে চিঞৰিবলৈ ধৰিলে দুয়োগৰাকী অভিনেত্ৰীয়ে। লগ লগে আঁতৰি গ’ল যুৱকজন। কিন্তু কিছুসময় পিছতে দেখে যে সেই একেজনেই যুৱক মুখত কাপোৰ নমৰাকৈ আহি কোঠাৰ সন্মুখেৰে অহা যোৱা কৰি থাকিল। আৰু পঢ়ক: জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ সৈতে হোটেলত ভয়ংকৰ ঘটনা! শিহৰণকাৰী বৰ্ণনা দিলে অভিনেত্ৰীগৰাকীয়ে উল্লেখ্য যে হোটেলখনত নাই CCTVৰ ব্যৱস্থা। CCTV কেমেৰা নথকাকৈ নগাঁও বাইপাছত কেনেকৈ এখন হোটেল চলি আছে বুলি প্ৰশ্ন অভিনেত্ৰী অমৃতা গগৈৰ। কি স্পষ্টীকৰণ দিলে হোটেল কৰ্তৃপক্ষই? আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ সংযুক্তি হোটেল কৰ্তৃপক্ষৰ। নিশা কাঠমাণ্ডুৰ পৰা অহা যাত্ৰীয়ে ভুলবশঃত অমৃতা গগৈৰ দুৱাৰত নক কৰিছিল। তেওঁলোকে অসমীয়া বুজি নাপায় বাবে ভুল বুজাবুজি হ’ল। আনকি হোটেল কৰ্তৃপক্ষই অমৃতা গগৈক CCTV ভিজুৱেলছ দিয়াৰ ব্যৱস্থা কৰা বুলিও জনালে সংযুক্তি হোটেল কৰ্তৃপক্ষই। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.