গৰাকীৰ বিয়োগত ম্ৰিয়মাণ হৈ পৰিছে এটা সাৰমেয়। গৰাকীৰ সৈতে সহজেই আত্মীয়তা গঢ় লৈ উঠে সাৰমেয়ৰ। নিকট আৱেগে ঘৰ সাজে সাৰমেয় আৰু গৰাকীৰ বুকুত। যি গৰাকীৰ সৈতে সাৰমেয়ৰ আত্মীয়তা গঢ়ি উঠে এপল-দুপলকৈ, সেই গৰাকীয়েই যেতিয়া পৃথিৱীৰ মায়া এৰি গুচি যায়, তেতিয়া কোনস’তে থিৰে ৰয় সেই বিশ্বাসী সহচৰ! হয়, বেলকা নামৰ এটা কুকুৰৰ কাহিনীয়ে সমগ্ৰ বিশ্বতে কুকুৰপ্ৰেমীসকলৰ হৃদয় আৱেগেৰে সিক্ত কৰিছে। ঘটনাৰ স্থান ৰাছিয়া। কাহিনীটো তেতিয়া আৰম্ভ হৈছিল যেতিয়া কুকুৰটোৰ গৰাকীয়ে বাশকোৰ্তোস্তানৰ উফা নদীৰ কাষত চাইকেল চলাই থকা অৱস্থাত এক শোকাৱহ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল, সেইসময়ত তেওঁৰ তলত পাতল বৰফ ভাঙি গৈছিল। ৫৯বছৰীয়া ব্যক্তিজনৰ ওজন ধৰি ৰাখিবলৈ বৰফ যথেষ্ট শক্তিশালী নাছিল। সেয়েহে, তেওঁক বচাবলৈ চেষ্টা কৰা ওচৰৰ লোকসকলৰ প্ৰচেষ্টা স্বত্বেও তেওঁ ডুব গৈছিল। কেইবাদিনোধৰি চলা অনুসন্ধানৰ পাছত উদ্ধাৰকাৰী দলে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিছিল। ‘ডেইলী মেইল’ৰ বাতৰি অনুসৰি বেলকাই একেটা স্থানতে চাৰিদিন থাকি আনুগত্য প্ৰদৰ্শন কৰিছিল, য’ত তেওঁৰ গৰাকী ডুব গৈছিল। কুকুৰটোৰ গৰাকীৰ মাক-দেউতাকে কুকুৰটোক ঘৰলৈ লৈ যোৱাৰ পাছতো বেলকাই পলাই গৈ নিৰন্তৰ সেই ঠাইলৈ ঘূৰি গৈছিল। কিজানি গৰাকী উভতি অহাৰ আশা কৰিছিল। ‘ব্ৰুট আমেৰিকা’ই ঘটনাটোৰ কাহিনী তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰিছিল। বেলকাৰ কাহিনীৰ আৱেগিক আবেদনে ব্যৱহাৰকাৰীসকলৰ মনত আৱেগৰ জোৱাৰ তুলিছিল। স্থানীয় সংবাদ মাধ্যমৰ মতে, নদীৰ তলৰ পৰা উদ্ধাৰ কৰা তেওঁৰ গৰাকীৰ নিষ্প্ৰাণ মৃতদেহ চাবলৈ ঘৰলৈ লৈ যোৱাৰ পাছতহে বেলকাই ঘটনাস্থলীৰ পৰা প্ৰস্থান কৰে। অসমৰ বাতৰি / খবৰ / বিশ্ব / Viral Dog Story: বাস্তৱিকতেই প্ৰভুভক্ত! গৰাকীৰ বিয়োগৰ চাৰিদিনলৈ সেই স্থানতেই ৰৈ থাকিল এটা কুকুৰ, য’ত দুৰ্ঘটনাত পতিত হৈছিল কুকুৰটোৰ গৰাকী Viral Dog Story: বাস্তৱিকতেই প্ৰভুভক্ত! গৰাকীৰ বিয়োগৰ চাৰিদিনলৈ সেই স্থানতেই ৰৈ থাকিল এটা কুকুৰ, য’ত দুৰ্ঘটনাত পতিত হৈছিল কুকুৰটোৰ গৰাকী ‘ব্ৰুট আমেৰিকা’ই ঘটনাটোৰ কাহিনী তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰিছিল। বেলকাৰ কাহিনীৰ আৱেগিক আবেদনে ব্যৱহাৰকাৰীসকলৰ মনত আৱেগৰ জোৱাৰ তুলিছিল। অধিক পঢ়ক … 3-MIN READ Assam Last Updated : November 30, 2024, 6:38 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta সম্পৰ্কীয় বাতৰি গৰাকীৰ বিয়োগত ম্ৰিয়মাণ হৈ পৰিছে এটা সাৰমেয়। গৰাকীৰ সৈতে সহজেই আত্মীয়তা গঢ় লৈ উঠে সাৰমেয়ৰ। নিকট আৱেগে ঘৰ সাজে সাৰমেয় আৰু গৰাকীৰ বুকুত। যি গৰাকীৰ সৈতে সাৰমেয়ৰ আত্মীয়তা গঢ়ি উঠে এপল-দুপলকৈ, সেই গৰাকীয়েই যেতিয়া পৃথিৱীৰ মায়া এৰি গুচি যায়, তেতিয়া কোনস’তে থিৰে ৰয় সেই বিশ্বাসী সহচৰ! হয়, বেলকা নামৰ এটা কুকুৰৰ কাহিনীয়ে সমগ্ৰ বিশ্বতে কুকুৰপ্ৰেমীসকলৰ হৃদয় আৱেগেৰে সিক্ত কৰিছে। ঘটনাৰ স্থান ৰাছিয়া। কাহিনীটো তেতিয়া আৰম্ভ হৈছিল যেতিয়া কুকুৰটোৰ গৰাকীয়ে বাশকোৰ্তোস্তানৰ উফা নদীৰ কাষত চাইকেল চলাই থকা অৱস্থাত এক শোকাৱহ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল, সেইসময়ত তেওঁৰ তলত পাতল বৰফ ভাঙি গৈছিল। ৫৯বছৰীয়া ব্যক্তিজনৰ ওজন ধৰি ৰাখিবলৈ বৰফ যথেষ্ট শক্তিশালী নাছিল। সেয়েহে, তেওঁক বচাবলৈ চেষ্টা কৰা ওচৰৰ লোকসকলৰ প্ৰচেষ্টা স্বত্বেও তেওঁ ডুব গৈছিল। কেইবাদিনোধৰি চলা অনুসন্ধানৰ পাছত উদ্ধাৰকাৰী দলে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিছিল। বিজ্ঞাপন বিজ্ঞাপন ‘ডেইলী মেইল’ৰ বাতৰি অনুসৰি বেলকাই একেটা স্থানতে চাৰিদিন থাকি আনুগত্য প্ৰদৰ্শন কৰিছিল, য’ত তেওঁৰ গৰাকী ডুব গৈছিল। কুকুৰটোৰ গৰাকীৰ মাক-দেউতাকে কুকুৰটোক ঘৰলৈ লৈ যোৱাৰ পাছতো বেলকাই পলাই গৈ নিৰন্তৰ সেই ঠাইলৈ ঘূৰি গৈছিল। কিজানি গৰাকী উভতি অহাৰ আশা কৰিছিল। ‘ব্ৰুট আমেৰিকা’ই ঘটনাটোৰ কাহিনী তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰিছিল। বেলকাৰ কাহিনীৰ আৱেগিক আবেদনে ব্যৱহাৰকাৰীসকলৰ মনত আৱেগৰ জোৱাৰ তুলিছিল। স্থানীয় সংবাদ মাধ্যমৰ মতে, নদীৰ তলৰ পৰা উদ্ধাৰ কৰা তেওঁৰ গৰাকীৰ নিষ্প্ৰাণ মৃতদেহ চাবলৈ ঘৰলৈ লৈ যোৱাৰ পাছতহে বেলকাই ঘটনাস্থলীৰ পৰা প্ৰস্থান কৰে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: dog , Dogs , Social Media Viral First Published : November 30, 2024, 6:38 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.