পাৰ্থ জ্যোতি বৰা: চীন চৰকাৰে বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক প্ৰেমৰ শিক্ষা দিবলৈ প্ৰদান কৰিছে নিৰ্দেশ। এক পাঠ্যক্ৰম প্ৰস্তুত কৰি যুৱ-সমাজক প্ৰেম, বিবাহ, সন্তান জন্ম দিয়া, পৰিয়াল কৰাৰ ইতিবাচক দিশ সমূহৰ পৰিচয় কৰাই দিয়াৰ দায়িত্ব দিয়া হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক। চীন দেশত ২০২৩ বৰ্ষত দ্বিতীয়বাৰৰ কাৰণে জনসংখ্যা হ্ৰাস পাইছে; সেই কাৰণে শংকিত হৈ চীন চৰকাৰে যুৱসমাজক প্ৰেম, বিবাহৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। চীনৰ জনসংখ্যা ১৪০ কোটিলৈ হ্ৰাস পাইছে; লগতে চীনত দ্ৰুতগতিত বৃদ্ধি পাইছে বৃদ্ধ লোকৰ সংখ্যা। এইসকল লোকক চৰকাৰে চোৱাচিতা কৰিবলৈ ব্যয় হ’ব বৃহৎ ৰাজকোষৰ ধন। সেই অৰ্থনীতিৰ বোজা বহন কৰিবলৈ পৰ্যাপ্ত কৰ্মক্ষম যুৱসমাজৰ অভাৱৰ পুৰ্বানুমান কৰিয়েই চৰকাৰে লৈছে এই পদক্ষেপ। আৰু পঢ়ক: ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ৪গৰাকী নতুন মন্ত্ৰী, কোনে-কোনে স্থান পালে মন্ত্ৰীসভাত? চীনৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰেম, বিবাহ আৰু তাৰ পিছত সন্তান জন্ম দি জীৱন-ধাৰণ কৰিবলৈ উৎসাহিত কৰাৰ দায়িত্ব ল’ব লাগিব মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহে। গতিকে মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহে পদ্ধতিগত ভাৱে প্ৰেম আৰু বিবাহ সম্বন্ধে যুৱসমাজক অৱগত কৰিব লাগিব। আৰু পঢ়ক: জ্যেষ্ঠ ভগ্নীৰ পদপথৰ দোকানত সহায় কৰি দিয়া চন্দ্ৰজ্যোতি জিলিকিল APSCৰ ফলাফলত, HSLCত স্থান লাভ কৰা কল্যাণজ্যোতি হ’লগৈ ACS বিষয়া ইতিমধ্যে চীন চৰকাৰে ৰাজ্যৰ প্ৰশাসনক যুৱসমাজে সঠিক সময়ত বিয়া পতাটো সুনিশ্চিত কৰিবলৈ ফলপ্ৰসূ আচঁনি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। অলপতে চীনৰ কলেজৰ শিক্ষাৰ্থীৰ মাজত হোৱা এক সমীক্ষাত ৫৭ শতাংশই প্ৰেম আৰু বিবাহৰ প্ৰতি অনিহা প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। কেৰিয়াৰ গঢ় দিয়াৰ স্বাৰ্থত তেনে প্ৰৱণতা বৃদ্ধি পোৱাত এতিয়া শংকিত হৈ পৰিছে চীন। চীন দেশে ১৯৭৯ চনৰ পৰা ২০১৫ চনলৈ এক সন্তান নীতি গ্ৰহণ কৰিছিল। এটা পৰিয়ালত দ্বিতীয় সন্তান জন্ম দিয়াৰ অনুমতি দিয়া হোৱা নাছিল। এক সন্তান নীতিক ১৯৮২চনত সাংবিধানিক বৈধতা প্ৰদান কৰা হৈছিল । ২০১৫ চনত দুটা সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰা হৈছিল। ২০২১ চনৰ মে’ত তিনিটা সন্তানৰ অনুমতি প্ৰদানৰ দুই মাহৰ পিছত সকলো বাধ্যবাধকতা আতৰাই দিয়া হৈছিল।অধিক সন্তান জন্ম দিয়া দম্পতীক চৰকাৰে সাহাৰ্য প্ৰদানৰো ব্যৱস্থা কৰিছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.