ক্ৰমে বিপদ ঘনীভূত হৈছে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ অল আছাদৰ। ছিৰিয়াৰ বিদ্ৰোহী বাহিনী ৰাজধানী ডামাছকাচৰ নিচেই কাষ চাপিছে। ৰাজধানী চহৰখনৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ নিলগত বিদ্ৰোহী বাহিনীয়ে অৱস্থান কৰিছে। ইখনৰ পাছত সিখন চহৰ দখল কৰি বিদ্ৰোহী বাহিনীয়ে নিজৰ স্থিতি অধিক শক্তিশালী কৰি ক্ৰমে ৰাজধানী চহৰ ডামাছকাছৰ দিশে আগবাঢ়িছে। ডামাছকাছৰ নিছেই সমীপতে এতিয়া আছাদ বাহিনীৰে বিদ্ৰোহী বাহিনীয়ে সংঘৰ্ষত লিপ্ত হৈছে। আছাদৰ বেতন ভোগী সামৰিক বাহিনীয়ে বিদ্ৰোহী বাহিনীক আৰু কিমান সময় ধৰি বাধা দি ৰাখিব পাৰিব, সেয়া সময়েহে ক’ব। কাৰণ ছিৰিয়াৰ সুদীৰ্ঘ ১৩ বছৰীয়া গৃহ যুদ্ধৰ সময়ছোৱাৰ ভিতৰত এইবাৰ বিদ্ৰোহী বাহিনী যেন অধিক সুসজ্জিত হৈ আহিছে। ছিৰিয়াৰ দ্বিতীয় বৃহত্তম চহৰ এলেপ্প’ দখলৰ পাছত তৃতীয় বৃহত্তম চহৰ হমছো বিদ্ৰোহী বাহিনীয়ে দখল কৰিছে। একেসময়তে বিদ্ৰোহী বাহিনীয়ে দাৰা প্ৰদেশৰো অধিকাংশ অঞ্চল দখল কৰিছে। বিদ্ৰোহী বাহিনীয়ে ২৭ নৱেম্বৰত যুদ্ধ আৰম্ভ কৰি এফালৰ পৰা দখল কৰি ৰাজধানী ডামাছকাচ অভিমুখে ৰাওনা হৈছে। উল্লেখযোগ্য যে ২০১১ চনতে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ অল আছাদৰ বিৰুদ্ধে বিদ্ৰোহী বাহিনীয়ে চেগাছোৰাকাকৈ যুদ্ধ চলাই আহিছে। ছিৰিয়াৰ এই সুদীৰ্ঘ গৃহযুদ্ধত পাঁচ লাখৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে, দেশখনৰ আধা সংখ্যক লোকেই দেশতে স্থানান্তৰিত হ’বলৈ বাধ্য হৈছে। এইবাৰ আগ্ৰাসী ৰূপত ডামছকাচ দখলৰ দিশে আগবঢ়া ইছলামিক বিদ্ৰোহী বাহিনীটোৰ নেতৃত্বত আছে হায়াট তাহৰিৰ অল ছাম। এই বিদ্ৰোহী বাহিনীক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইতিমধ্যেই সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। ছিৰিয়াৰ গৃহযুদ্ধই ভয়ংকৰ ৰূপ লোৱাৰ সময়তে আমৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। ট্ৰাম্পে ক’লে - এয়া আমাৰ যুদ্ধ নহয়। এই যুদ্ধৰে আমাৰ সম্পৰ্ক নাই। লক্ষণীয়ভাবে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ অল আছাদক ৰাছিয়াই সাহায্য আগবঢ়াই আহিছে। বিপৰীতে আমেৰিকাই ছিৰিয়াৰ বিদ্ৰোহী বাহিনীক অস্ত্ৰ শস্ত্ৰৰে সহায় কৰি অহা বুলি অভিযোগ উঠি আহিছে। এনে সময়তে ট্ৰাম্পে ছিৰিয়াৰ যুদ্ধৰে আমেৰিকাৰ কোনো সম্পৰ্ক নাই বুলি প্ৰকাশ কৰিছে। লক্ষণীয়ভাবে ৰাছিয়াই দুবছৰ ধৰি যুদ্ধ কৰি অহা ইউক্ৰেইনক আমেৰিকাই সহায় আগবঢ়াই আহিছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.