Nepali Momo. এইবাৰ শিলচৰত খাদ্যপ্ৰেমীৰ নতুন আকৰ্ষণ ‘ম’ম’ ষ্টেচন’ৰ নেপালী ম’ম’। আজিকালি অন্যতম জনপ্ৰিয় খাদ্য হৈছে ম’ম। শীতকালত গৰম গৰম ম’ম আৰু চুপৰ জুতি আহে বহুলোক। শিলচৰ চহৰত এইবাৰ নেপালী ম’মলৈ হাজিৰ হৈছে এগৰাকী মহিলা। তেওঁৰ দোকানৰ নেপালী ম’ম খাদ্যৰসিকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে। মাত্ৰ ৩০ টকাত এক প্লেট নেপালী ম’ম খাবলৈ খাদ্যপ্ৰেমীসকলে কৰিছে ভিৰ। উচ্চ শিক্ষিতা মহিলা অঞ্জলি ছেত্ৰীয়ে শিলচৰ শিববাৰী ৰোডত ম’মষ্টেচন নামেৰে এখন ম’ম দোকান মুকলি কৰিছে।এই দোকানৰ বিশেষত্ব হৈছে নেপালী ম’ম।অতি কম সময়ৰ ভিতৰতে এই দোকানৰ চিকেন ম’ম, ভেজ ম’মআৰু চিকেন ছুপ খাদ্যপ্ৰেমীৰ মাজত জনপ্ৰিয় হৈপৰিছে। দোকানখনৰস্বতাধিকাৰী অঞ্জলি ছেত্ৰীয়ে কয়, সাধাৰণ ম’মআৰু নেপালী ম’মৰ মাজত অলপ পাৰ্থক্য আছে। ম’ম বনোৱাৰ পৰা আৰম্ভ কৰি সোৱাদ আৰু গোন্ধ সকলো বেলেগ। তেওঁ কয়, এই ম’ম ৰেচিপিটো তেওঁৰ মাতৃৰ পৰা শিকিছে। যিহেতু তেওঁলোক নেপালী সম্প্ৰদায়ৰ সেয়ে এই বিশেষ ম’ম নেপালী থলুৱা পদ্ধতিৰে তৈয়াৰ কৰা হয়।মাংস, পিঁয়াজকে ধৰি কেইবাটাও মছলা ব্যৱহাৰ কৰি এই ম’ম তৈয়াৰ কৰা হয়।বিশেষ ধৰণেৰে চাটনিও প্ৰস্তুত কৰা হয়। এই ম’মৰ সোৱাদ আন ম’মত কৈ পৃথক। গতিকে এই ম’মৰ চাহিদাও বেছি। তেওঁ কয়, ম’ম ষ্টেচনৰ দোকানখন খোলা বেছি দিন হোৱা নাই।ইয়াত অথেনটিক নেপালী ম’ম উপলব্ধ। বহুদিন ধৰি অঞ্জলীয়ে কিবা এটা নিজে কৰাৰ কথা ভাবি আছিল।সেয়ে তেওঁ ভাতৃৰ সহযোগতএই ব্যৱসায়আৰম্ভ কৰে। বৰ্তমান এই নেপালী ম’ম খাদ্যপ্ৰেমীৰ বাবে নতুন গন্তব্যস্থান হৈ পৰিছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.