NEWS

International Dog Day: আজি আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস, কিয় প্ৰতি বছৰে ২৬ আগষ্টৰ দিনটো আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস হিচাপে পালন কৰা হয়?

আজি আন্ত:ৰাষ্ট্ৰীয় কুকুৰ দিৱস। আজি আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস। প্ৰতি বছৰে ২৬ আগষ্ট দিনটো আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস হিচাপে পালন কৰা হয়। এই দিনটো উদযাপনৰ উদ্দেশ্য হৈছে আমাৰ জীৱনত কুকুৰৰ গুৰুত্ব স্বীকাৰ কৰা, ইয়াৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা আৰু কুকুৰ কল্যাণৰ বাবে প্ৰচাৰ কৰা। কুকুৰ সঁচাকৈয়ে ‘‘মানুহৰ প্ৰিয় বন্ধু’’ আৰু আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস হৈছে আমাক সুৰক্ষিত ৰখা, আমাক পথ প্ৰদৰ্শন কৰা আৰু আমাৰ জীৱনলৈ সুখ কঢ়িয়াই অনাত কুকুৰে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাসমূহৰ ওপৰত আলোকপাত কৰাৰ এক সুন্দৰ সুযোগ। ইফালে কাজিৰঙাত সাত বছৰ সম্পূৰ্ণ কৰিলে জুবিয়ে ৷ সাতটা বছৰত কেইবাটাও অভিযানত অংশ লৈ সফল হৈছে জুবি৷ বিগত সাতটা বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ সমানে কৰ্তব্য সমাপন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগক বিশেষ সহযোগিতা আগবঢ়াই আহিছে K9 ডগ স্কোৱাৰ্ডে৷ প্ৰকৃতাৰ্থত এয়া UK আৰু জাৰ্মান প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত K9 স্কোৱাদ ড’গ। উন্নত মানৰ প্ৰশিক্ষণ প্ৰাপ্ত জুবি নামৰ এই K9 ড’গ স্কোৱাদে বিগত সাতটা বছৰত কেইবাটাও অভিযানত সফলতা অৰ্জন কৰিছে। চোৰাং চিকাৰী প্ৰতিৰোধ কৰাৰ লগতে কাজিৰঙাত বন বিভাগৰ বনকৰ্মীৰ সমানে দিনে নিশাই তহল দিয়ে এই ডগ স্কোৱাৰ্ডে৷ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ উপৰিও আৰক্ষীকো বিভিন্ন ধৰণৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় কৰি আহিছে এই ডগ স্কোৱাৰ্ডে৷ এজন বনকৰ্মীৰ দৰেই নিষ্ঠা আৰু সততাৰে কাম কৰি আহিছে জুবিয়ে৷ প্ৰকৃতিপ্ৰেমী ‘আৰণ্য’ক নামৰ স্বেচ্ছাসেৱী এটি সংগঠনে কাজিৰঙাৰ বন্যজীৱক অধিক নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে লৈ কাজিৰঙাত নিয়োজিত কৰিছিল ৩টা কৈ প্ৰশিক্ষণ প্ৰাপ্ত বেলজিয়াম মেলিনিয়াছ প্ৰজাতিৰ স্নিফাৰ ডগ। বৰ্তমান কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত ইমি, বাগৰি বনাঞ্চলত জুবি আৰু বোকাখাতৰ মুখ্য কাৰ্যালয়ত লিয়ন কৰ্তব্যৰত হৈ আছে। আঠ বছৰ কৰ্তব্য সম্পাদন কৰাৰ পাছত অৱসৰ দিয়া হয় স্নিফাৰ ড’গ সমূহক। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.