NEWS

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ শুভ প্ৰয়াস : SLACৰ বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব লোৱাৰ আহ্বান ক্ৰীড়া সংগঠকৰ

অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ স্বাৰ্থত দেওবাৰে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত বিশেষ আলোচনা সভা অনুষ্ঠিত কৰে অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চমুকৈ SLACএ। গাম্ভীৰ্য্যপূৰ্ণ সভাখনত ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম বিধানসভাৰ উপাধ্যক্ষ তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ডাঃ নোমল মমিন, জনস্বাস্থ্য মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাৰ লগতে অসমৰ প্ৰতিখন জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধি আৰু ৰাজ্যিক ইভেন্টৰ ক্ৰীড়া সন্থাসমূহৰ সভাপতি-সম্পাদকৰ লগতে প্ৰতিনিধি উপস্থিত থাকে। সভাত বহু সন্থাৰ প্ৰতিনিধিৰ লগতে ক্ৰীড়া সংগঠক হিৰণ্য শইকীয়াই আগন্তুক পাঁচবছৰীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সভাপতিৰ দায়িত্ব লোৱাৰ বাবে অনুৰোধ জনায়। সভাত অসমৰ ক্ৰীড়াই অনাগত দিনত কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ বাবে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। সভাখন অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব তথা অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছিল। অসমৰ বাতৰি / খবৰ / অসম / ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ শুভ প্ৰয়াস : SLACৰ বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব লোৱাৰ আহ্বান ক্ৰীড়া সংগঠকৰ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ শুভ প্ৰয়াস : SLACৰ বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব লোৱাৰ আহ্বান ক্ৰীড়া সংগঠকৰ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ স্বাৰ্থত দেওবাৰে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত বিশেষ আলোচনা সভা অনুষ্ঠিত কৰে অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চমুকৈ SLACএ। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : August 26, 2024, 7:37 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : BIPUL BARMAN সম্পৰ্কীয় বাতৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ স্বাৰ্থত দেওবাৰে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত বিশেষ আলোচনা সভা অনুষ্ঠিত কৰে অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চমুকৈ SLACএ। গাম্ভীৰ্য্যপূৰ্ণ সভাখনত ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম বিধানসভাৰ উপাধ্যক্ষ তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ডাঃ নোমল মমিন, জনস্বাস্থ্য মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাৰ লগতে অসমৰ প্ৰতিখন জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধি আৰু ৰাজ্যিক ইভেন্টৰ ক্ৰীড়া সন্থাসমূহৰ সভাপতি-সম্পাদকৰ লগতে প্ৰতিনিধি উপস্থিত থাকে। বিজ্ঞাপন সভাত বহু সন্থাৰ প্ৰতিনিধিৰ লগতে ক্ৰীড়া সংগঠক হিৰণ্য শইকীয়াই আগন্তুক পাঁচবছৰীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সভাপতিৰ দায়িত্ব লোৱাৰ বাবে অনুৰোধ জনায়। সভাত অসমৰ ক্ৰীড়াই অনাগত দিনত কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ বাবে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। সভাখন অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব তথা অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছিল। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Guwahati First Published : August 26, 2024, 7:37 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.