এইদৰে মৰিচা আৰু সৰিয়হৰ চৰচৰি ৰান্ধি খাই পাইছেনে? একেবাৰে সহজ এই ৰেচিপি। বহুতে থলুৱা খাদ্যৰ জুতি লৈ ভাল পায়। আমি সকলোৱে জানো যে আমাৰ অসমৰ খাদ্য সম্ভাৰ অতুলনীয়। কিয়নো অসমৰ খাদ্য সম্ভাৰত আছে সকলোখিনি স্বাস্থ্যকৰ খাদ্য। যি খাদ্য সম্ভাৰত আছে বহুতো ঔষধি গুণো। কিন্তু কিছুমান থলুৱা খাদ্য কেনেকৈ ৰান্ধিব লাগে হয়তো বহু লোকে নাজানে। পিছে মৰিচা আৰু সৰিয়হৰ চৰ্চৰীয়া খাই পাইছেনে? একেবাৰে সহজতে ৰান্ধি খাব পৰা সুস্বাদু ব্যঞ্জন এইবিধ। ঘৰত কিদৰে ৰান্ধিব এই ব্যঞ্জন? এই ৰেচিপিটোৰ সম্পৰ্কে আমাক জনাই গুৱাহাটীৰ বাসিন্দা পাৰিজাত লহকৰ নামৰ মহিলাগৰাকীয়ে। তেওঁ উল্লেখ কৰা মতে, আপোনাক লাগিব মৰিচা, সৰিয়হ বতা, বিলাহী, আলু। প্ৰথমতে মৰিচাখিনি কাটি ল’ব, সৰিয়হখিনি বতি ল’ব, আলু বইল কৰি টুকুৰাকে কাটি ল’ব। তাৰ পাছত আণ্ডাজ মতে পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া কাটি ল’ব। তাৰ পাছত কেৰাহী গৰম কৰি আণ্ডাজ মতে তেল দিব। তেল গৰম হোৱাৰ পাছত কাটি লোৱা পিঁয়াজ, বিলাহী আৰু কেঁচা জলকীয়াখিনি দি অলপ সময় ভাজিব। তাৰ পাছত বইল কৰি লোৱা আলুখিনি দি অলপ সময় ভাজিব। তাৰ পাছত আণ্ডাজ মতে নিমখ দিব লাগে। তাৰ পাছত কাটি থোৱা মৰিচাখিনি দি অলপ সময় ভাজিব লাগে। তাৰ পাছত আণ্ডাজ মতে হালধি, জিৰা পাউদাৰ, ধনীয়া পাউদাৰ, জালুকৰ গুৰি আৰু ৰঙা জলকীয়া গুৰি দিব লাগে। তাৰ পাছত ভালদৰে সিজাই লৈ সহিয়হৰ বতাখিনি দিব লাগে। লগতে পানী অলপ দি আঞ্জাখিনি ভালদৰে লৰাব লাগে। কম জুইত ৫ মিনিট মান ভজাৰ পাছতে খাব পৰা হ’ব মৰিচা আৰু সৰিয়হৰ চৰ্চৰীয়া। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.