-বিষ্ণু শইকীয়া শ্বেখ হাছিনাৰ ১৬বছৰীয়া শাসনৰ অন্ত পৰাৰ লগে লগে বাংলাদেশত ভাৰতৰ বেলি মাৰ গ’ল। এফালে ভাৰতত শ্বেখ হাছিনাই আশ্ৰয় লৈ নিৰাপদ হ’ল যদিও বাংলাদেশত থকা ৩কোটিৰো অধিক সংখ্যালঘু হিন্দু নিৰাপত্তাহীন হৈ পৰিল। আৰম্ভ হ’ল হিন্দুৰ ওপৰত ইটোৰ পাছত সিটো নিৰ্যাতন। জ্বলাই দিয়া হ’ল হিন্দু লোকৰ ঘৰ, দোকান-পোহাৰ ইত্যাদি। প্ৰথমাৱস্থাত অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে হিন্দুসকলৰ প্ৰতি কিছু অনুকম্পা দেখুৱাইছিল যদিও পাছলৈ উন্মোচিত হৈ পৰে প্ৰকৃত চৰিত্ৰ। হিন্দুৰ ওপৰক চলা নিৰ্যাতনক লৈ বাংলাদেশ চৰকাৰ কিম্বা নোবেল বিজয়ী ড০ মহম্মদ ইউনুছো যেন উদাসীন হৈ পৰিছে শেহতীয়াকৈ। সংঘাতে ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে যে নিজৰ নিৰাপত্তাক লৈ কেতিয়াও প্ৰতিবাদ নকৰা বাংলাদেশৰ সংখ্যালঘু হিন্দু জনতাই ৰাজপথলৈ ওলাই আহি নিৰাপত্তাৰ দাবী জনাবলগীয়া হ’ল। ইয়াৰ পূৰ্বে শ্বেখ হাছিনাৰ শাসনকালত কিন্তু এনেধৰণৰ পৰিৱেশ বিৰাজ কৰা নাছিল বা উদ্ভৱো হোৱা নাছিল। হিন্দুৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত চট্টগ্ৰামত ২৫ নৱেম্বৰত অনুষ্ঠিত হোৱা বৃহৎ হিন্দু সমাবেশৰ পাছতে সলনি হ’ল বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোঁট আৰু কেইবাটাও সন্মিলিত হিন্দু সংগঠনৰ উদ্যোগত চট্টগ্ৰামত অনুষ্ঠিত সমাৱেশৰ পাছতে বাংলাদেশ আৰক্ষীৰ ৰেপিড এক্সন ফৰ্চে গ্ৰেপ্তাৰ কৰে চিন্ময়কৃষ্ণ দাস ব্ৰহ্মচাৰীক। এসময়ৰ পুণ্ডাৰিক ধামৰ সভাপতি তথা বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোঁটৰ মুখপাত্ৰ িচন্ময়কৃষ্ণ দাস ব্ৰহ্মচাৰী বাংলাদেশৰ এজন প্ৰভাৱশালী হিন্দু সন্ন্যাসী। তেওঁৰ লগতে আন ১৮জনৰ বিৰুদ্ধেও দেশদ্ৰোহ আৰু বাংলাদেশৰ পতাকাক অসন্মান কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। লক্ষ্যণীয়ভাৱে ১৮জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলেও এইপৰ্যন্ত মাত্ৰ ৪ জনকহে গ্ৰেপ্তাৰ কৰিছে বাংলাদেশৰ আৰক্ষীয়ে। আৰম্ভ হ’ল বাংলাদেশ চৰকাৰৰ স্বৈৰাচাৰী চৰিত্ৰ। ইস্কনক নিষিদ্ধ ঘোষণা কৰিবলৈ উঠিপৰি লাগে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ কূটনৈতিক হেঁচাত এতিয়াও ইস্কনক নিষিদ্ধ ঘোষণা কৰিবলৈ সাহস কৰিব পৰা নাই চৰকাৰে। যদিওবা চৰকাৰী প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি ইস্কনৰ সদস্য, পুৰোহিত, ভক্তসকলৰ ওপৰত অব্যাহত ৰাখিছে বিভিন্ন প্ৰকাৰৰ নিৰ্যাতন। চিন্ময়কৃষ্ণ দাসৰ জামিন আবেদনৰ শুনানিৰ পূৰ্বেই ভয়ংকৰ আক্ৰমণ কৰা হ’ল অধিবক্তা ৰমেন ৰয়ক। একেদিনাই চিন্ময়কৃষ্ণ দাসৰ হৈ ওকালতি কৰিবলৈ ঢাকাৰ পৰা অহা আন এজন অধিবক্তা ৰবীন্দ্ৰ ঘোষক চিটাগং আদালতত প্ৰৱেশ কৰাত বাধা দিলে একাংশ লোকে। যাৰ পৰিপ্ৰেক্ষিতত চিন্ময়কৃষ্ণ দাস ব্ৰহ্মচাৰীৰৰ হৈ কোনো প্ৰতিনিধি উপস্থিত নথকাত জামিন আবেদনৰ শুনানি পিছুৱাই দিবলগীয়া হ’ল আদালতে। ২০২৫ চনৰ ২ জানুৱাৰীতহে জামিন আবেদনৰ শুনানি প্ৰদান কৰিব চট্টগ্ৰাম আদালতে। অৰ্থাৎ ৯ দিন বন্দীত্বৰ জীৱন কটোৱা চিন্ময়কৃষ্ণ দাসে আৰু এমাহ কাৰাগাৰতে কটাব লাগিব। ন্যায় ব্যৱস্থাৰ ওপৰতো হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে বাংলাদেশস্থিত হিন্দুসকলে। আত্মপক্ষ সমৰ্থনৰ বাবে অধিবক্তাকো আদালতত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। সীমা চেৰাই গৈ চট্টগ্ৰামৰ বাৰ এছ’চিয়েছনে চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ হৈ ওকালতি কৰাত বাধা দিছে অধিবক্তাসকলক। ন্যায় ব্যৱস্থাত কোনো লোক যদি অধিবক্তা নিয়োগ কৰিব নোৱাৰে তেনেহ’লে বহু দেশত চৰকাৰে সেই ব্যক্তিজনৰ হৈ এজন অধিবক্তা নিয়োগ কৰে। কিন্তু বাংলাদেশৰ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছেগৈ যে, বাংলাদেশ চৰকাৰ, ন্যায়পালিকাইও সহযোগ কৰিছে হিন্দু নিৰ্যাতনৰ বিষয়টোত। কিয়নো আদালতেও নিজাববীয়াকৈ লোৱা নাই কোনো ব্যৱস্থা। ইফালে ৩০ নৱেম্বৰত দুৰ্ভাগ্যবশত দুৰ্বৃত্তৰ হাতত মৃত্যুক সাৱটি লোৱা অধিবক্তা ছফিকুল ইছলামৰ ভাতৃয়ে গোচৰ তৰিছে ১১৬জন অধিবক্তাৰ ভিতৰত। যাৰ ভিতৰত আছে ৭০জন হিন্দু অধিবক্তা। ইয়াৰ পাছতে হিন্দু অধিবক্তাসকল এতিয়া গ্ৰেপ্তাৰৰ আশংকাত আছে। ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে এদিন চৰকাৰ পৰিৱৰ্তন কৰিব বুলি কোনেও হয়তো ভাৱিব পৰা নাছিল। হয়তো শ্বেখ হাছিনাও ভৱা নাছিল এনেকৈ দেশ এৰি যাব লাগিব। সামান্য ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হোৱাৰ দৰে বাংলাদেশত সলনি হ’ল পৰিস্থিতি। আৰম্ভ হ’ল ভাৰত বিদ্বেষী শক্তিৰ উত্থান। মৌলবাদীক দমন কৰি ৰখা শ্বেখ হাছিনা চৰকাৰৰ পতনৰ লগে লগেই তত্বাৱধায়ক চৰকাৰৰ আমোলত এতিয়া উঠি ৰজা বহি ৰজা হ’ল মৌলবাদী শক্তি। ইয়াৰ আঁৰত পাকিস্তান আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ পৰিয়ালৰ যে হাত নাছিল তাক নুই কৰিব নোৱাৰি। একেধৰণে যদি চোৱা যায় চীনৰো সহযোগিতাৰ আশংকা নথকা নহয়। ১৯৭১চনলৈকে পাকিস্তানৰ অংশ হিচাপে থকা বাংলাদেশক স্বাধীনতাৰ সোৱাদ দিয়া ভাৰতেই আজি বাংলাদেশৰ শত্ৰু যেন হৈছে। বাংলাদেশত আৰম্ভ হৈছে ভাৰত বিৰোধী প্ৰতিবাদ। পশ্চিম পাকিস্তানৰ পৰা পূৱ পাকিস্তান আৰু এতিয়াৰ বাংলাদেশ হোৱাৰ আঁৰত আছিল ভাৰতৰ সহায়। ভাৰতৰ সৈতে শ্বেখ হাছিনা চৰকাৰৰ যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল সেয়া এতিয়া অতীত হ’ল। বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ ভাৰত বিৰোধী প্ৰতিবাদৰ নেতৃত্ব লৈছে। দিল্লীৰ দাসত্বৰ বিপৰীতে বাংলদেশ জাগি উঠিছে, ভাৰতীয় আধিপত্য বন্ধ কৰক আদি শ্ল’গানেৰে উত্তাল কৰিছে বাংলাদেশৰ ৰাজপথ। সমান্তৰালকৈ বাংলাদেশক হিন্দু নাগৰিকক কৰা নিৰ্যাতনৰ বিৰুদ্ধে ভাৰততো চলিছে প্ৰতিবাদ। দুয়োখন দেশৰ উগ্প সমৰ্থকে প্ৰতিপক্ষৰ জাতীয় পতাকাকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰতিবাদৰ সময়ত। শেহতীয়াকৈ সোমবাৰে প্ৰতিবাদৰ নামত আগৰতলাস্থিত বাংলাদেশৰ উপ উচ্চায়ুক্ত কাৰ্যালয়ত আক্ৰমণ চলালে। লগে লগে নিশা ১০ বজাত বাংলাদেশতো ঢাকা বিশ্ববিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে উলিয়ালে ভাৰত বিৰোধী প্ৰতিবাদী সমদল। ভাৰত আৰু বাংলাদেশৰ মাজত থকা তাহানিৰ সেই মিত্ৰতাত এতিয়া ঘূণে ধৰিছে। শ্বেখ হাছিনাৰ সৈতে ভাৰত চৰকাৰৰ অতিমাত্ৰা ঘনিষ্ঠতাৰ অভিযোগ তুলি সম্পূৰ্ণৰূপে বাংলাদেশত এটা ভাৰত বিৰোধী বীজ সিঁচিবলৈ চেষ্টা কৰি আছে পাকিস্তান, চীন আৰু মৌলবাদী শক্তিয়ে। য’ত এতিয়া ভাৰত মাথো এটা নাম হৈ থকা নাই, দক্ষিণ পূৱ এছিয়াত ক্ষমতাকেন্দ্ৰিক যুঁজখনত চুবুৰীয়া চীনে প্ৰভূত্ব বিস্তাৰৰ এয়াই যেন সুৱৰ্ণ সুযোগ। তাৰো সন্দেহ নথকা নহয়। বাংলাদেশৰ স্বনিৰ্ভৰশীলতাৰ ওপৰতো আছে প্ৰশ্ন। ভাৰতক বাদ দি বাংলাদেশ কেতিয়াও সম্পূৰ্ণ নহয় সেয়া অনস্বীকাৰ্য। কিয়নো অসমৰ শ্ৰীভূমি জিলাই হওক, ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগই দি বাংলাদেশলৈ ৰপ্তানি হয় ভাৰতৰ চূণশিল, চাউল, ফলমূল, শুকান মাছ আদা, ৰে’লৱে শ্লীপাৰকে ধৰি বহু প্ৰয়োজনীয় সামগ্ৰী। কিন্তু শেহতীয়াকৈ দুয়োখন দেশৰ সংঘাতে এই বাণিজ্য সেৱাৰ পথো ৰুদ্ধ কৰিছে। কিয়নো এতিয়া ভাৰতৰ সীমান্তৰ পৰাই বন্ধ কৰা হৈছে বাংলাদেশলৈ সামগ্ৰী ৰপ্তানি। শেহতীয়াকৈ বাংলাদেশৰ সামগ্ৰীও আমদানি কৰা নাই ভাৰতলৈ। শ্বেখ হাছিনা চৰকাৰৰ দিনত ১৩ বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্যৰে ভাৰত আগশাৰীৰ বাণিজ্যিক অংশীদাৰ আছিল বাংলাদেশৰ। দ্বিপাক্ষিক সম্পৰ্কৰে নিৰাপত্তাৰ দেশতো ভাৰত আৰু বাংলাদেশে যথেষ্ট আগবাঢ়ি গৈছিল। ছাফটা চুক্তি অনুসৰি শুল্ক লাইনৰ অধিকাংশতে শুল্কমুক্ত প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছিল দুয়োখন দেশতে। কিন্তু সকলো এতিয়া অতীত হোৱাৰ পথত। ভাৰতৰ নামটোকে শুনিব নিবিচা বাংলাদেশৰ তত্বাৱধায়ক চৰকাৰে পৰাপক্ষত ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি হিন্দু নিৰ্যাতনতো অৰিহণা যোগোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফলস্বৰূপে ভাৰত আৰু বাংলাদেশৰ সীমা সমস্যাতো প্ৰভাৱ পৰিব। দুয়োখন দেশৰ মাজত থকা ৪০৯৬.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তত অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা অত্যন্ত জৰুৰী। কিন্তু ড০ মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ তত্বাৱধায়ক চৰকাৰে ভাৰতক এইক্ষেত্ৰত কেনেদৰে সঁহাৰি দিব সেয়া সহজে অনুমেয়। একেদৰে ৰোহিংগীয়া সমস্যা, ভাৰত বিৰোধী উগ্ৰপন্থীৰ পুনৰ নিৰাপদ আশ্ৰয়স্থল হ’ব নেকি বাংলাদেশৰ ভূমি সেয়াও এটা উদ্বেগৰ বিষয়। চীনৰ দৰে দেশে দক্ষিণ পূৱ এছিয়াত আঞ্চলিক ভূ-ৰাজনৈতিক আধিপত্য বজাই ৰাখিবলৈ ভাৰতৰ প্ৰতিটো দুৰ্বলতাক ব্যৱহাৰ কৰিবলৈ সদায়ে চেষ্টা চলাই আহিছে। বাংলাদেশত ভাৰতৰ দুৰ্বল স্থিতিয়ে চীনক দক্ষিণ পূৱ এছিয়াত ক্ষেত্ৰ সম্প্ৰসাৰণৰ আন এক সুযোগ যে প্ৰদান কৰিব সেয়া নিশ্চিত। এই কাহিনী আমি ইতিমধ্যে মালদ্বীপ আৰু শ্ৰীলংকাৰ ক্ষেত্ৰত দেখি আহিছো। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.