NEWS

Rohit Sharma : ‘ছিৰিজ হৰাৰ অৰ্থ এয়াই নহয় যে...’ - শ্ৰীলংকাৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ৰ পিছত ৰোহিত শৰ্মাই কৰিলে ডাঙৰ মন্তব্য

আভিষ্কা ফাৰ্ণাণ্ডো আৰু কুশল মেণ্ডিছৰ অৰ্ধশতৰ পিছত দুনিথ ৱেলালাগেৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত ভাৰতক তৃতীয় আৰু অন্তিম এদিনীয়াত বুধবাৰে ১১০ ৰানত পৰাস্ত কৰি ২-০ত ছিৰিজ দখল কৰে শ্ৰীলংকাই। প্ৰথমখন মেচ টাই হোৱাৰ পিছত দ্বিতীয় মেচত শ্ৰীলংকাই ৩২ ৰানত জয়লাভ কৰিছিল। শ্ৰীলংকাই ১৯৯৭ৰ পৰা ভাৰতৰ বিৰুদ্ধে প্ৰথম দ্বিপাক্ষিক এদিনীয়া ছিৰিজত জয়লাভ কৰিছে। আৰ প্ৰেমদাসা ষ্টেডিয়ামৰ পিটছত শ্ৰীলংকাৰ ২৪৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে ২৬.১ অভাৰত ১৩৮ ৰানত স্তব্ধ হৈ পৰে। ভাৰতৰ হৈ ৰোহিত শৰ্মাই সৰ্বাধিক ৩৫ ৰান সগ্ৰহ কৰে। তাৰ উপৰি ৱাশ্বিংটন সুন্দৰে ৩০ ৰান আৰু বিৰাট কোহলীয়ে ২০ ৰানৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ হৈ ৱেলালাগেই ২৭ ৰানত পাঁচটা উইকেট দখল কৰে। ৰোহিত শৰ্মাই অন্তিমখন খেলত ৱেলালাগেৰ বলত ছুইপ কৰাৰ চেষ্টা কৰোতে উইকেটকীপাৰ কুশল মেণ্ডিছৰ হাতত কেছ তুলি দিয়ে। ৰোহিত শৰ্মা আউট হোৱাৰ পিছত ভাৰতীয় ইনিংছ শেষ হ’বলৈ বেছি সময় নালাগিল। আঘাতৰ পিছত প্ৰথম এদিনীয়া খেলা ঋষভ পন্তে তীক্ষণাৰ বলত আগুৱাই গৈ খেলাৰ চেষ্টা কৰোতে ষ্টাম্পড আউট হয়। মেচৰ পিছত স্পীনৰ বিৰুদ্ধে ভাৰতৰ সংঘৰ্ষৰ বিষয়ে সোধাত অধিনায়ক ৰোহিত শৰ্মাই কয়, ‘‘মই ভাবো যে এয়া চিন্তাৰ বিষয়, আমি গুৰুত্ব সহকাৰে বিবেচনা কৰা প্ৰয়োজন। আমি নিশ্চিতভাৱে এই ছিৰিজত চাপত আছিলো। আমি ছিৰিজ হাৰিছো আৰু মই ভাৱো আমি কেইবাটাও দিশত গুৰুত্ব দিয়া প্ৰয়োজন। আমি পিছলৈ গৈ চাব লাগিব যে যেতিয়া আমি এনেধৰণৰ পৰিস্থিতিৰ মুখামুখি কৰিম তেতিয়া কি কৰিব লাগিব।’’ ৰোহিত শৰ্মাই কয়, ‘‘যেতিয়া আপুনি ভাৰতৰ হৈ খেলে তেতিয়া হেমাহিৰ কোনো প্ৰশ্ন নাহে। আপুনি ভাল ক্ৰিকেট খেলিবই লাগিব। শ্ৰীলংকাই আমাতকৈ বেছি ভাল খেল দেখুৱাইছে। সকলো মিলাই আমি ছিৰিজ হেৰুৱাইছো। কিন্তু ছিৰিজ হৰাৰ অৰ্থ এয়া নহয় যে সকলো শেষ হৈ গৈছে। এইসকলেই খেলুৱৈ যিয়ে বিগত কিছু বছৰত সুন্দৰ প্ৰদৰ্শন কৰি আহিছে। কোনোবা এটা ছিৰিজত পৰাস্ত হোৱাটো স্বাভাৱিক কথা।’’ ভাৰতীয় অধিনায়কগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁৰ দলে ভাল প্ৰদৰ্শন কৰা নাই। ৰোহিতে কয়, ‘‘আমি সম্পূৰ্ণ শৃংখলাত ভাল ক্ৰিকেট খেলা নাই আৰু সেইবাবেই পৰাস্ত হৈছো। সম্পূৰ্ণ ছিৰিজত কিছু সাকাৰাত্মক বস্তুও আছে।’’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.