অৱশেষত ফাদিল হ’ল ঢকুৱাখনাৰ মুণ্ডহীন মৃতদেহৰ ৰহস্য ফাদিল। মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ নহয় প্ৰমাণিত হ’ল DNA পৰীক্ষাৰ অন্তত। মুণ্ডহীন মৃতদেহটো ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলি DNA পৰীক্ষাৰ নিশ্চিত। জাহাংগীৰৰ ভাতৃৰ সৈতে মিলিছে মৃতদেহৰ DNA নমুনা। কেৱল এয়াই নহয় জাহাংগীৰক হত্যা কৰি জ্বলাই দিয়া হৈছিল। ১ জুনৰ পৰা পলাতক হৈ আছে সুনীল গগৈ। সুনীল গগৈয়ে মৃত্যুৰ নাটকহে কৰিছে বুলি জনালে লখিমপুৰৰ আৰক্ষীৰ অধীক্ষক অপৰ্ণা নটৰাজন। সমগ্ৰ ঘটনা সুনীল গগৈৰ পৰিকল্পনা কৰিছিল বুলিও সংবাদমেলত জনালে আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে। ফৰেনচিক ৰিপ’ৰ্টত পোহৰলৈ অধিক তথ্য আহিব বুলি উল্লেখ্য কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে। শেহতীয়াকৈ নতুন ম’বাইল নম্বৰ লৈছে সুনীল গগৈয়ে, সুনীল গগৈ আৰু পত্নীৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ। নতুনকৈ জীৱন বীমা কৰোৱাইছিল সুনীল গগৈয়ে। আৰু পঢ়ক: নিসংগতাই কাঢ়ি নিলে নেকি IPS শিলাদিত্য চেতিয়াক? পত্নীৰ মৃত্যুৰ মাত্ৰ ২০ মিনিট পাছতে মৃতদেহ ৰখা বিছনাতে মূৰত গুলীয়াই চৰম পথ বাচি ল’লে IPS শিলাদিত্য চেতিয়াই! শিলাদিত্য চেতিয়াৰ জীৱনত আছিল এটাৰ পিছত আন এটা দুখৰ কাহিনী! উল্লেখ্য যে ১ জুনৰ নিশা ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ চোমনীত উদ্ধাৰ হৈছিল জ্বলি ছাই হোৱা মৃতদেহ। হত্যাৰ পাছতে ঘাতকে হাত ভৰি নেফানেফ কৰি নোহোৱা কৰিছিল মৃতদেহ। চিনাক্ত কৰিব নোৱৰাকৈ ঘাতকে জ্বলাই ছাই কৰি দিছিল মৃতদেহটো। ২ জুনৰ পুৱতি নিশা নৃশংস ঘটনাটো পোহৰলৈ অহা মাত্ৰকে সুনীল গগৈক হত্যা কৰা বুলি পতিয়ন গৈছিল পৰিয়াল আৰু স্থানীয় লোকৰ লগতে আৰক্ষী। ১ জুনৰ নিশা সুনীল গগৈয়ে পিন্ধি থকা টি চাৰ্ট, চেন্দেলৰ লগতে জ্বলি থকা টৰ্চ। সেইখিনিলৈকে সৰল ৰৈখিক আছিল তদন্ত কিন্তু শুকান জেওৰা জাপি জ্বলাই দিয়া মৃতদেহৰ কাষত উদ্ধাৰ হোৱা এডাল বেল্টে নতুন পাক দিছিল ঘটনাৰ। ঘটনাস্থলীত উদ্ধাৰ হোৱা সেই বেল্ট ডাল আছিল জল জীৱন মিচনৰ ঠিকাদাৰ সুনীল গগৈৰ বিশ্বস্ত ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ। ৰহস্যজনকভাৱে ৩০ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছে জাহাংগীৰ হুছেইন। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.