IPL 2024ত অপ্ৰতিৰোধ্য সঞ্জু চেমছনৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে সোমবাৰে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি প্লে অফৰ দুৱাৰডলিত উপনীত হয়। যশস্বী জয়ছোৱালৰ শতক আৰু সন্দীপ শৰ্মাৰ ৫ উইকেট, বেটিং-বলিঙ উভয়তে চমকপ্ৰদ প্ৰদৰ্শনেৰে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে। ৰাজস্থান ৰয়েলছে ৮খন মেচত ১৪ পইণ্ট লাভ কৰি লীগ টেবুলৰ প্ৰথম স্থান আৰু অধিক নিশ্চিত কৰে। টছত জয়লাভ কৰি মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। হাৰ্ডিক পাণ্ডিয়াৰ দলটোৱে আৰম্ভণিৰে পৰা নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই হেঁচাত পৰিছিল। তিলক ভাৰ্মাৰ ৬৫ ৰান আৰু নেহাল ৱাধেৰাৰ ৪৯ ৰানৰ সৌজন্যত মুম্বাইয়ে সন্মানজনক ইনিংছ অৰ্জন কৰে। মুম্বাইয়ে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্ৰহ কৰে। ৰাজস্থানৰ হৈ দ্ৰুত বলিং কৰি সন্দীপ শৰ্মাই অকলে ৫টা উইকেট দখল কৰে। একে সময়তে যুজবেন্দ্ৰ চাহলে আই পি এলৰ ইতিহাসত ২০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হোৱা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয়।যশস্বী জয়ছোৱাল আৰু দাস বাটলাৰৰ যুঁটিয়ে এক সুন্দৰ আৰম্ভণি কৰে। অধিনায়ক সঞ্জু চেমছনে যশস্বীক যোগ্য সমৰ্থন আগবঢ়ায়। মুম্বাইৰ কোনো বলাৰেই এই যুটি ভাঙিব পৰা নাছিল। সঞ্জুৱে শীতল মস্তিস্কৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। যশস্বীয়ে নিজৰ আক্ৰমণাত্মক বেটিং অব্যাহত ৰাখি শতক সম্পূৰ্ণ কৰিলে। শত ৰানৰ অংশীদাৰিত্বও যশস্বী-সঞ্জু যুটিয়ে কৰিছিল। ৰাজস্থান ৰয়েলছে ১৮.৪ অভাৰত জয়ৰ লক্ষ্যত উপনীত হয়। ৬০ বলত ১০৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে যশস্বী। তেওঁ ৯টা চাৰি আৰু ৭টা ছয় কৰে। ২৮টা বলত ৩৮ ৰান কৰি অপৰাজিত হৈ থাকে সঞ্জু। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.