১৪ ডিচেম্বৰত চণ্ডীগড়ত অনুষ্ঠিত দিলজিৎ দোচাঞ্জৰ সংগীতানুষ্ঠানৰ সময়ত শব্দ বিধি ভংগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান চণ্ডীগড় প্ৰশাসনৰ। পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰতি এই আহ্বান চণ্ডীগড় প্রশাসনৰ। পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে অনুষ্ঠানটোৰ বাবে অনুমতি প্ৰদান কৰিছিল। কিন্তু তেওঁলোকৰ চৰ্তৰ আছিল যে শব্দ প্ৰদূষণ নিয়ম, ২০০০ৰ অধীনত নিৰ্ধাৰণ কৰা অনুসৰি শব্দৰ স্তৰ ৭৫ ডেচিবেল অতিক্ৰম কৰিব নোৱাৰিব। প্ৰশাসনে সংগীতানুষ্ঠানৰ সময়ত বিভিন্ন স্থানত শব্দৰ স্তৰ নিৰীক্ষণ কৰিছিল আৰু আদালতত দাখিল কৰা শপতনামা অনুসৰি সেইবোৰ অনুমোদিত সীমাৰ ওপৰত থকা দেখা গৈছিল। আদালতে আগতে সতৰ্ক কৰি দিছিল যে শব্দৰ মান পালন কৰাত ব্যৰ্থ হ’লে আয়োজকসকলৰ বাবে জৰিমনা বিহা হ’ব পাৰে। চণ্ডীগড়ৰ বাসিন্দা ৰণজিৎ সিঙে দাখিল কৰা এখন পিআইএলত দিলজিৎ দোচাঞ্জৰ সংগীতানুষ্ঠানৰ সময়ত যান-বাহন, ভিৰ নিয়ন্ত্ৰণ আৰু শব্দ প্ৰদূষণৰ ওপৰত চণ্ডীগড় প্রশাসনৰ তৰফৰ পৰা প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। চণ্ডীগড় প্ৰশাসনক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা অমিত জাহ্নজীয়ে কয় যে অনুষ্ঠানটো নিৰীক্ষণ ৰখাৰ বাবে তিনিখন সমিতি গঠন কৰাকে ধৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ এইটোও নিশ্চিত কৰিছিল যে উলংঘনৰ বাবে দায়ীসকললৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল। আয়োজকসকলক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা অক্ষয় ভানে কয় যে তেওঁলোকে ইতিমধ্যে সংগীতানুষ্ঠানৰ বহুতো দিশ পৰিচালনা কৰিছে আৰু উত্তৰ দাখিল কৰিবলৈ অধিক সময় বিচাৰিছে। চণ্ডীগড়ত অনুষ্ঠিত কনচাৰ্টৰ ঠিক পূৰ্বে এক পৰামৰ্শত, শিশু অধিকাৰ সুৰক্ষাৰ বাবে চণ্ডীগড় আয়োগৰ অধ্যক্ষ শিপ্ৰা বনচালে এনে অনুষ্ঠানত শিশুসকলৰ সুৰক্ষা আৰু কল্যাণৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, ‘এইটো আমাৰ দৃষ্টিগোচৰ হৈছে যে সংগীতানুষ্ঠানৰ সময়ত শিশুসকলক মঞ্চলৈ মাতি অনা হয় আৰু উচ্চ প্ৰাবল্যৰ শব্দ শিশুসকলৰ বাবে ক্ষতিকাৰক। সংগীতানুষ্ঠানবোৰ নিশা বহু দেৰিলৈকে চলি থাকে আৰু সুৰাৰ পয়োভৰ ঘটাৰ সম্ভাৱনা থাকে। ১৮ বছৰৰ তলৰ শিশুক সুৰা পৰিৱেশন কৰিব নালাগে। আমি পঞ্জাবী গায়ক কৰণ ঔজলাৰ সংগীতানুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি এটা পৰামৰ্শও জাৰি কৰিছিলোঁ। এইটো আমাৰ দৃষ্টিগোচৰ হৈছে যে গায়ক তথা অভিনেতা দিলজিৎ দোচাঞ্জৰ অন্তিম সংগীতানুষ্ঠানৰ সময়ত শিশুসকলক মঞ্চলৈ মাতি অনা হৈছিল। কেতিয়াবা কিছুমান গানো বজোৱা হয়, যিবোৰ শিশুৰ বাবে ভাল নহয়।’ None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.