NEWS

ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী গুৰু টেগবাহাদুৰ চাহিবজীৰ গুৰুদ্বাৰত শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ণ জ’নৰ কমিটী গঠন

ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবজীৰ গুৰুদ্বাৰত চৰ্দাৰ ভগেল সিঙক অস্থায়ী সভাপতিৰ পদত দায়িত্ব অৰ্পণ কৰাৰ লগতে চৰ্দাৰ ৰাজ গুৰমিৎ সিঙক সাধাৰণ সম্পাদক হিচাপে লৈ ১৬০ জনীয়া শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ণ জোনৰ কমিটীখনক বৈধভাৱে ইয়াৰ কাৰ্যকৰী কমিটীয়ে স্বীকৃতি প্ৰদান কৰিছে। সমগ্ৰ উত্তৰ-পূবৰ লগতে চুবুৰীয়া পশ্চিম বংগ ৰাজ্যৰ পৰা প্ৰায় ৩০০ গৰাকী শিখ ধৰ্মাৱলম্বী লোকে ধুবুৰীৰ গুৰুদ্বাৰলৈ আহি শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ণ জোনৰ ফালৰ পৰা আয়োজন কৰা এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠকত ভাগ লোৱা দেখা যায়। সেই বৈঠক খনতে পূৰ্বৰ শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ণ জোনৰ কমিটীখন ভংগ কৰি দিয়ে কাৰ্যনিৰ্বাহক কমিটীখনে। এই সন্দৰ্ভত শিখ প্ৰতিনিধি ইষ্টাৰ্ণ জোনৰ সাধাৰণ সম্পাদক ৰাজ গুৰমিৎ সিঙে কয় যে, শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ন জোনৰ সভাপতি দলজিৎ সিং শেঠীয়ে যোৱা ১৮ আগষ্টত ধুুবুৰীৰ গুৰুদ্বাৰত এখন সভাৰ আহ্বান জনাইছিল আৰু সেই সভাখন অগণতান্ত্ৰিক আছিল। কাৰণ শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ণ জোনৰ সংবিধান অনুসৰি যিকোনো সভা অনুষ্ঠিত কৰাৰ বাবে সাধাৰণ সম্পাদকৰ ওপৰতহে দায়িত্বভাৰ ন্যস্ত কৰা থাকে। শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ণ জোনৰ সাধাৰণ সম্পাদক নোহোৱাকৈ কোনো সভাই সভাপতিয়ে অনুষ্ঠিত কৰিব নোৱাৰে বুলি তেওঁ সাংবাদিকৰ আগত কয়। এইক্ষেত্ৰত যোৱা ১৮ আগষ্টৰ সভাখন স্থগিত ৰাখি ২৫ আগষ্টত সভাখন অনুষ্ঠিত কৰাৰ বাবে তেওঁ এখন জাননীও জাৰি কৰিছিল বুলি উল্লেখ কৰে। কিন্তু শিখ প্ৰতিনিধি ইষ্টাৰ্ণ জোনৰ সভাপতি দলজিৎ সিং শেঠীয়ে উক্ত জাননীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ যোৱা ১৮ আগষ্টত বলপূৰ্বকভাৱে ১০জন সদস্যক লগত লৈ সভাখন অনুষ্ঠিত কৰিছিল বুলি তেওঁ সাংবাদিকৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰে। দলজিৎ সিং শেঠীয়ে যোৱা ১৮ আগষ্টৰ সেই সভাখনতে কাৰো লগত কোনো পৰামৰ্শ নকৰাকৈ মাত্ৰ ১০জন সদস্যৰ উপস্থিতিত অন্যায়ভাৱে শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ণ জোনৰ কমিটীখন ভংগ কৰি দি তেওঁ নিজৰ মতে এখন নতুন কমিটী বনাই দিছিল বুলি চৰ্দাৰ ৰাজ গুৰমিৎ সিঙে সাংবাদিকৰ আগত নিজৰ ক্ষোভ ব্যক্ত কৰে। সেই নতুন কমিটীখনত সভাপতি হিচাপে দলজিৎ সিং শেঠীয়ে নিজে সভাপতি হিচাপে থাকি ভূপেন্দৰ সিঙক সাধাৰণ সম্পাদক হিচাপে ৰাখিছিল বুলি ৰাজ গুৰমিৎ সিঙে ব্যক্ত কৰে। এই পৰিপ্ৰেক্ষিতত শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ন জোনৰ বেছি ভাগ বিষয় ববীয়াই দলজিৎ সিং শেঠীৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনায়। সেইমতে শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ন জোনৰ কাৰ্যকৰী সভাপতি দেৱেন্দ্ৰ সিং সেহনি, চৰ্দাৰ ভগেল সিং, চৰ্দাৰ ৰাজ গুৰমিৎ সিঙকে ধৰি শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ন জোনৰ ১৭০জন বিষয়-ববীয়াৰ লগতে অসম, মণিপুৰ, ত্ৰিপুৰা, পশ্চিম বংগৰ পৰা অহা পায় ৩০০জন শিখ ধৰ্মৰ লোকে ধুবুৰীৰ গুৰুদ্বাৰত উপস্থিত থাকি এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰে। সেই কাৰ্যনিৰ্বাহক সভাখনতে শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ন জোনৰ সভাপতি দলজিং সিং শেঠীক সভাপতিৰ পদৰ পৰা নিলম্বন কৰি তেওঁৰ ঠাইত অস্থায়ীভাৱে চৰ্দাৰ ভগেল সিঙক সভাপতি আৰু পূৰ্বৰ সাধাৰণ সম্পাদক চৰ্দাৰ ৰাজ গুৰমিৎ সিঙক সাধাৰণ সম্পাদক হিচাপে লৈ ১৬০ জনীয়া এখন শক্তিশালী কাৰ্যকৰী কমিটীখনকে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ লগতে শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ন জোনৰ পূৰ্বৰ কমিটীখন ভংগ কৰি দি এই কাৰ্যনিৰ্বাহকত ঘোষণা কৰা কমিটীখনকে সভাই বৈধ বুলি ঘোষণা কৰে। আনপিনে শিখ প্ৰতিনিধি ব’ৰ্ড ইষ্টাৰ্ন জোনৰ কাৰ্যকৰী সভাত দলজিৎ সিং শেঠীক উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও এই কাৰ্যনিৰ্বাহকৰ বৈঠকত দলজিৎ সিং শেঠী আৰু সম্পাদক ভূপেন্দৰ সিং অনুপস্থিত আছিল বুলি জানিবলৈ দিয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.