NEWS

India-Bangladesh Trade: ভাৰতৰ পৰা বন্ধ হৈ আছে ৰপ্তানি! বাংলাদেশত পিঁয়াজৰ নাটনি, ছাত্ৰ বিক্ষোভৰ ফল ভুগিছে সাধাৰণ জনতাই

বাংলাদেশৰ বজাৰত নাই ভাৰতৰ পিঁয়াজ। বাংলাদেশত ৫ আগষ্টৰ প্ৰতিবাদৰ পাছত বাংলাদেশৰ বজাৰত নাইকিয়া হৈছে ভাৰতৰ পিঁয়াজ। ৬০ টকীয়া ভাৰতৰ পিঁয়াজ ১২০ টকাত কিনিবলগীয়া হৈছে বাংলাদেশৰ বজাৰত। অপেক্ষা মাথোঁ ভাৰত-বাংলা সীমান্ত-বাণিজ্য পুনৰ সুস্থিৰ হোৱালৈ… বাংলাদেশৰ বজাৰত এতিয়া পিঁয়াজৰ বাবে হাহাকাৰ লাগিছে। ৫ আগষ্টৰ ছাত্ৰ বিক্ষোভ আৰু চৰকাৰ সলনি হোৱাৰ পাছত ঢাকাৰ বজাৰত এতিয়া পিয়াঁজৰ আকাশলংঘী দাম দেখা গৈছে। প্ৰতিদিনে বাঢ়িছে ভাৰতৰ পৰা যোৱা পিঁয়াজৰ দাম। এসপ্তাহ পূৰ্বে যি পিঁয়াজ উপলব্ধ আছিল প্ৰতিকিলোত ৬০-৭০ টকাত, এতিয়া সেই পিঁয়াজ কিনিবলগীয়া হৈছে ১২০-১৫০ টকাত। আৰু পঢ়কঃ বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই প্ৰভাৱিত কৰিছে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্যক : কি কি ক্ষেত্ৰত আহি পৰিছে চৰম অনিশ্চয়তা? অৰ্থনীতিৰ বিশেষজ্ঞ হাবিবুৰ ৰহমান হাবিবে কয়, ‘বাংলাদেশৰ অৰ্থনীতি কৃষি নিৰ্ভৰ। দেশখনত উৎপাদন হোৱা কৃষি সামগ্ৰীহে সাধাৰণতে দেশখনৰ জনতাই উপভোগ কৰে। সমস্যাটো হৈছে এইবাৰ যি হাৰত পিঁয়াজ উৎপাদন হৈছে সেই হিচাপত আৰু তিনিমাহহে বজাৰত উপলব্ধ হ’ব পিঁয়াজ। অধিকাংশ পিঁয়াজ ভাৰতৰ পৰা আমদানি কৰা হয়। বৰ্তমান সীমান্ত আৰু বন্দৰবোৰ বন্ধ হৈ থকা বাবে সঠিক সময়ত পিঁয়াজ উপলব্ধ নহ’ল বাংলাদেশৰ বজাৰত। বৰ্তমান ৰাজনৈতিক আৰু ভূ-ৰাজনৈতিক পৰিস্থিতিগত সমস্যাৰ সমাধান কেতিয়া হ’ব সেয়াও কোৱা কঠিন। আমি বিচাৰিছোঁ বৰ্তমানৰ চৰকাৰখনে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি জনতাক সকাহ দিব।’ ভাৰতৰ মহাৰাষ্ট্ৰ আৰু মধ্য় প্ৰদেশৰ পৰা যোৱা ৪৫০০ টন পিঁয়াজ সম্প্ৰতি পশ্চিম বংগৰ পেট্ৰাপলত আৱদ্ধ হৈ আছে। বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ ফলত দুই দেশৰ বাণিজ্য স্থবিৰ হৈ পৰিছে। বৰ্তমানৰ পৰিস্থিতিত আশা কৰা হৈছে যে দুই-এদিনৰ ভিতৰতে আবদ্ধ হৈ থকা জাহাজসমূহ মোকলাই বাংলাদেশলৈ আগুৱাই লৈ যোৱা হ’ব। ঢাকাৰ এজন গ্ৰাহক মিজান বিন নুৰে কয়, ‘‘দোকানীয়ে মোক জনাইছে যে ভাৰতৰ পিঁয়াজ অহা নাই বাবে দাম বাঢ়িছে। মই আজি ১১৫ টকাত পিঁয়াজ কিনিছোঁ। বজাৰত এতিয়া ভাৰতৰ পিঁয়াজ নোহোৱা হৈছে।’’ ভাৰতৰ পিঁয়াজৰ বাবে বাংলাদেশ হ’ল এখন প্ৰমুখ বজাৰ। ভাৰতৰ ৪৫ শতাংশ পিঁয়াজ বাংলাদেশলৈ ৰপ্তানি কৰা হয়। বিত্তীয় বৰ্ষ ২০২৪ত ১.৬ মিলিয়ন টন পিঁয়াজ ৰপ্তানি কৰা হৈছে বাংলাদেশলৈ। মে’ মাহত পিঁয়াজৰ ৰপ্তানিৰ প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰাৰ পাছত ভাৰত চৰকাৰে প্ৰমুখ পাচলিৰ ওপৰত আৰোপিত ন্যূনতম ৰপ্তানি মূল্য ৫৫০ ডলাৰ / প্ৰতি টন আৰু ৪০ শতাংশ ৰপ্তানি কৰ কাৰ্যকৰী কৰে। উল্লেখযোগ্য যে ভাৰতে বাংলাদেশলৈ জলকীয়া, ঘেঁহু, আঙুৰ, কপাহ আৰু দাইলজাতীয় সামগ্ৰী ৰপ্তানি কৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.