NEWS

Bangladesh Clash : বাংলাদেশত ‘কুইট ইণ্ডিয়া’ অভিযান, ভাৰতৰ নাগৰিকক বাংলাদেশ নাযাবলৈ নিৰ্দেশ

বাংলাদেশৰ প্ৰতিবাদে ক্ৰমে ভাৰত বিদ্বেষী ৰূপ ধাৰণ কৰিছে। ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ বিৰোধী ৰাজনৈতিক দলে ইণ্ডিয়া আউট শ্লগানেৰে আন্দোলনকাৰীক উদ্গনি যোগাইছে। জানুৱাৰীত হোৱা বাংলাদেশৰ নিৰ্বাচনৰ পাছতে বিৰোধী দলৰ নেতাই ইণ্ডিয়া আউট শীৰ্ষক এক অভিযান আৰম্ভ কৰিছিল। তেওঁলোকৰ দাবী ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ গণতান্ত্ৰিক ভাৱধাৰাক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি আহিছে আৰু বিতৰ্কিত নেত্ৰী শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰী হিচাপে থকাৰ বাবে সমৰ্থন আগবঢ়াই আহিছে। এই অভিযোগেৰে একাংশ বিৰোধী দলৰ নেতাই ইণ্ডিয়া আউট অভিযান আৰম্ভ কৰিছিল। বাংলাদেশত বৰ্তমান চলি থকা কোটা সংৰক্ষণ প্ৰতিবাদক অন্য দিশেৰে নিয়াৰ চেষ্টা চলাইছে বাংলাদেশৰ একাংশ দল, বুদ্ধিজীৱিয়ে। দেশখনত ভাৰত বিৰোধী ধাৰণা প্ৰসাৰ কৰাই নহয় হিন্দু বিৰোধী এটা ধাৰণাও সিঁচি দিয়া হৈছে এই আন্দোলনৰ জৰিয়তে। শেহতীয়াকৈ ছাত্ৰ আন্দোলনটোৱে ভাৰত বিৰোধী ঢৌৰ দিশে আগবঢ়াৰ খবৰ পোৱা গৈছে। উল্লেখযোগ্য যে চতুৰ্থবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহা শ্বেখ হাছিনাক বিৰোধিতা কৰি আহিছে বাংলাদেশৰ একাংশ দল সংগঠন, নাগৰিকে। অসৎ পন্থা অৱলম্বন কৰি শ্বেখ হাছিনাৰ আৱামী লীগে তিনি চতুৰ্থাংশ আসন দখল কৰিছিল নিৰ্বাচনত। নিৰ্বাচনৰ পূৰ্বে শ্বেখ হাছিনা চৰকাৰে বাংলাদেশৰ মূল বিৰোধী দলৰ প্ৰায়বোৰ শীৰ্ষ নেতাকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। ২৫ হাজাৰৰো অধিক ৰাজনৈতিক নেতা কৰ্মীক বন্দী কৰিছিল শ্বেখ হাছিনা চৰকাৰে। একাংশ প্ৰবাসী বাংলাদেশী নাগৰিকে ভাৰতৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈও ছ’চিয়েল মিডিয়াযোগে আহ্বান জনোৱা দেখা গৈছিল। বাংলাদেশৰ আভ্যন্তৰণী বিষয়ত ভাৰতে হস্তক্ষেপ কৰাৰো গুৰুত্বপূৰ্ণ অভিযোগ তুলিছিল। দেশখনৰ একাংশ ৰাজনৈতিক বিশ্লেষকে শ্বেখ হাছিনাক ক্ষমতাত থাকিবলৈ ভাৰতে সহায় কৰি অহাৰ অভিযোগ কৰিছে। ২০১৪ আৰু ২০১৮ চনৰ নিৰ্বাচনত শ্বেখ হাছিনাৰ আৱামী লীগে ব্যাপক ৰিগিঙৰ আশ্ৰয় লোৱাৰো অভিযোগ উত্থাপন কৰি আহিছে। ভাৰতে কূটনৈতিক আৰু ভূ ৰাজনৈতিক লাভালাভৰ বাবে বাংলাদেশৰ অভ্যন্তৰত হস্তক্ষেপৰ দাবী কৰে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী অগ্নিগৰ্ভ বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষী, শাসকীয় দলৰ কৰ্মী আৰু প্ৰতিবাদী জনতাৰ সংঘাতত ৯৭গৰাকী অধিক লোকৰ মৃত্যু হৈছে। জনতাৰ প্ৰতিবাদত আহত হৈছে ১৪ গৰাকী আৰক্ষী। দেশখনত চৰকাৰী চাকৰিৰ আসন সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ দাবীৰে বাংলাদেশৰ শিক্ষাৰ্থী সমাজে ৰাজপথত ধাৰাবাহিক প্ৰতিবাদ কৰি আহিছে। দেওবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত শিক্ষাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘাতৰ ফলত ৯৭জন লোকৰ মৃত্যু ঘটে। বহুকেইজন প্ৰতিবাদকাৰী এতিয়াও সন্ধানহীন হৈ আছে। দেশখনৰ চৰকাৰী চাকৰিত মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে ৩০%আসন সংৰক্ষণৰ সিদ্ধান্তৰ বিৰোধিতাৰে লাখ লাখ শিক্ষাৰ্থী আৰু শিক্ষকে প্ৰতিবাদ কৰিছে। ইতিমধ্যে বাংলাদেশৰ পৰিস্থিতি ক্ৰমাৎ ভয়ংকৰ দিশে গতি কৰিছে। দেশখনত থকা প্ৰবাসী ছাত্ৰসকলে বাংলাদেশ এৰি নিজ দেশলৈ উভতি গৈছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কঠোৰ হাতেৰে বিদ্ৰোহ দমনৰ নিৰ্দেশ দিয়াৰ পাছতে দেশখনৰ সামৰিক বাহিনী আৰু আৰক্ষী প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছে। যাৰ বাবে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ উঠিছে। প্ৰতিবাদৰ জুই ঢাকাৰ পৰা লাহে লাহে প্ৰায়বোৰ চহৰতে বিয়পি পৰিছে। দেওবাৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা প্ৰতিবাদত কেইবাশ লোক আহত হৈছে। আৰক্ষীয় প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি কন্দুৱা গেছ, ষ্টন গ্ৰেণেড নিক্ষেপ কৰিছিল দেওবাৰে। এনে পৰিস্থিতিত দেশখনত সন্ধিয়া ৬বজাৰ পৰা অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি কৰিছে । ‘বাংলাদেশলৈ নাযাব, বিপদত পৰিব পাৰে’ বাংলাদেশত হোৱা অভূতপূৰ্ব পৰিস্থিতিৰ বাবে ভাৰতে জাৰি কৰিছে বিশেষ নিৰ্দেশ। ভাৰতীয় নাগৰিকক বাংলাদেশ ভ্ৰমণৰ পৰা বিৰত থকাৰ পৰামৰ্শ ভাৰত চৰকাৰৰ। পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে কোনো ভাৰতীয় নাগৰিককে বাংলাদেশলৈ নাযাবলৈ আহ্বান জনাইছে চৰকাৰে। Advisory for Bangladesh: pic.twitter.com/m5c5Y0Bn8b উল্লখ্যে যে, যোৱা মাহত বাংলাদেশৰ উচ্চ ন্যায়ালয়ে চৰকাৰী চাকৰিত সংৰক্ষণ সম্পৰ্কত নতুনকৈ ৰায়দান কৰিছিল। বাংলাদেশৰ মুক্তিযোদ্ধাসকলৰ পৰিয়ালৰ বাবে চৰকাৰী চাকৰিত ৩০শতাংশ আসন সংৰক্ষণৰ সপক্ষে পুনৰ ৰায়দান কৰিছিল উচ্চ ন্যায়ালয়ে। যাৰ বাবে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। দেশখনৰ ছাত্ৰ সমাজে পূৰ্বৰে পৰা ইয়াৰ বিৰোধিতা কৰি আহিছিল। ইফাল বাংলাদেশত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্ৰসকলে ইতিমধ্যে বাংলাদেশ এৰিছে। আন দেশসমূহৰ ছাত্ৰ-ছাত্ৰীসকলেও বাংলাদেশৰ পৰা আঁতৰি গৈছে প্ৰতিবাদৰ বাবে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.