দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩-১ৰ ব্যৱধানত T-20 শৃংখলা দখল ভাৰতৰ। শৃংখলাৰ চতুৰ্থখন T-20 মেচত ১৩৫ ৰাণত জয়ী হ’ল টীম ইণ্ডিয়া। প্ৰথমে ভাৰতে বেটিং কৰি ২০ অভাৰত ১টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৮৩ ৰাণ। ভাৰতৰ হৈ অপেনাৰ সঞ্জু ছেমচনে মাত্ৰ ৫৬টা বলতে ১০৯ ৰাণ কৰে। ছেমচনৰ এই বিস্ফোৰক ইনিংছটোত আছিল ৯টা ছিক্স আৰু ৬টা ফ’ৰ। শৃংখলাটোত এইটো আছিল সঞ্জু ছেমচনৰ দ্বিতীয়তো শতক। দ্বিতীয়জন অপেনাৰ অভিষেক শৰ্মা ১৮টা বলত ৩৬ ৰাণ কৰি আউট হয়। অভিষেক শৰ্মাৰ উইকেটৰ পিছতে ক্ৰিজলৈ অহা তিলক বাৰ্মাই ৪৭ বলত ১২০ ৰাণৰ এটা বিস্ফোৰক ইনিংছ খেলে। তিলক বাৰ্মাৰ ইনিংছটোত আছিল ১০টা ছিক্স আৰু ৯টা ফ’ৰ। প্ৰত্যুত্তৰত ২৮৪ ৰাণৰ লক্ষ্যৰে ক্ৰিজত নমা দক্ষিণ আফ্ৰিকাই ১৪৮ ৰাণতে ইনিংছ সামৰে। ১৮.২ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই। দক্ষিণ আফ্ৰিকাৰ হৈ ট্ৰিষ্টান ষ্টুবছে ২৯টা বলত ৪৩ ৰাণ কৰে। ডেভিড মিলাৰৰ বেটৰ পৰা আহে ৩৬ ৰাণৰ এটা ইনিংছ। এই দুইজন খেলুৱৈৰ বাহিৰে সফল হ’ব নোৱাৰিলে দক্ষিণ আফ্ৰিকাৰ অন্য খেলুৱৈসকল। বলিঙত ভাৰতৰ হৈ আৰ্শদ্বীপ সিঙে সৰ্বাধিক ৩টা উইকেট দখল কৰে। দুটাকৈ উইকেট দখল কৰে বৰুণ চক্ৰৱৰ্তী, অক্ষৰ পেটেলে। ইয়াৰোপৰি হাৰ্দিক পাণ্ডিয়া, ৰমনদ্বীপ সিং, ৰবি বিষ্ণয়ে দখল কৰে এটাকৈ উইকেট। খেলখনত ভাৰতে বহুকেইটা অভিলেখ স্থাপন কৰে। খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকাৰ মাটিত T-20ত সৰ্বাধিক স্ক’ৰ সংগ্ৰহৰ অভিলেখ গঢ়ে । দলটোৱে ১৭ বছৰ পুৰণি অভিলেখ ভংগ কৰে । ইয়াৰ আগতে সৰ্বাধিক স্ক’ৰ আছিল ২১৮ ৰাণ, যিটো টি-20 বিশ্বকাপ ২০০৭ ত ডাৰবানত ইংলেণ্ডৰ বিৰুদ্ধে দলটোৱে সংগ্ৰহ কৰিছিল। আনহাতে ভাৰতে T-20ত কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ২০০ৰো অধিক ৰাণ কৰা দল হিচাপে অভিলেখ স্থাপন কৰে। ২০২৪ চনত অষ্টমবাৰৰ বাবে ২০০ৰো অধিক ৰাণ সংগ্ৰহ কৰে টীম ইণ্ডিয়াই৷ শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু অন্তিম খন মেচৰ মেন অৱ দ্য মেচ বিবেচিত হয় তিলক বাৰ্মা। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.