নিম পাতৰ বিষয়ে জানেনে?মানুহৰ শৰীৰৰ বাবে মহৌষধি নিমপাত কি কি ৰোগ নিৰাময় কৰে নিমপাত বুলি ক’লে সাধাৰণতে সোৱাদ তিতা হোৱা বাবে মানুহে খাবলৈ বা ব্যৱহাৰ কৰাৰ পৰা বিশেষ পছন্দ নকৰে। কিন্তু নিম পাতেই নহয়,ইয়াৰ গা গছ ডালৰো আছে বহু মহৌষধি গুণ। যি পাত, ঠাৰি,শিপা ব্যৱহাৰ কৰি শৰীৰৰ বিভিন্ন ৰোগ উপশম কৰিব পাৰি। এই সন্দৰ্ভত জ্যেষ্ঠ বিজ্ঞানী ড° মানসী ডেকা বৰুৱাই এনেদৰে কয়, অতীজ কালৰে পৰা কিছুমান বেমাৰ আজাৰত নিমৰ পাত বা ইয়াৰ বিভিন্ন অংশৰ পৰা উলিওৱা ৰস ঘৰুৱাভাবে প্রতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়। ইউনানি চিকিৎসা শাস্ত্রত নিমতেল সাধাৰণ স্বাস্থ্য সম্পৰ্কীয় টনিক হিচাপে ব্যৱহাৰ কৰা হয়। কোষ্ঠ কাঠিন্য, ঘাঁ, বিষ আৰু বিভিন্ন ছালৰ অসুখত নিমৰ বহুল ব্যৱহাৰ কৰা হয়। নিম গছৰ শিপাৰ বাকলি বিলাক তেজ পৰিস্কাৰ কৰা উৎকৃষ্ট ঔষধ, লগতে খজুৱতি, শালমইনা আৰু খহু আদি ই সহজে নিৰাময় কৰে।বসন্ত ৰোগত নিম পাত বিচনাত ছটিয়াই থোৱা হয়। নিমৰ ৰসেৰে গা ধুলেও বসন্ত ৰোগ নিৰাময় হয়। লগতে অন্য ছালৰ অসুখো নির্মূল হয়। লোকবিশ্বাস আছে যে নিম গছৰ তলত এৰাতি শুলে জ্বৰ নাইকিয়া হয়।নিমৰ বীজাণু নাশক গুণটো থকাৰ কাৰণে ছালৰ বিভিন্ন ৰোগসমূহ, এজমা, খহু আদি ৰোগসমূহ নিমৰ ৰস ব্যৱহাৰ কৰি নির্মূল কৰিব পাৰি। নিমৰ ৰস সানি চুলিৰ উফি নাইকীয়া কৰিব পাৰি।নিমৰ সতেজ পাত চোবালে দাঁত আৰু দাঁতৰ আলু পৰিস্কাৰ হয়, বীজাণুমুক্ত হয় লগতে মুখৰ ভিতৰৰ ৰোগসমূহো নিৰাময় কৰিব পাৰি। আনকি আমাৰ দেশৰ বহুত মানুহে নিমৰ ঠাল দাঁতোন হিচাবে ব্যৱহাৰ কৰি আহিছে। নেগেলাকৈ থকা আৰু জ্বলন পোৰণ নোহোৱা গুণৰ বাবে কটা ছিঙা হ’লে নিমৰ লেপন দি নির্মূল কৰিব পাৰি। নিমৰ কোমল পাতেৰে কৰা লেপন বা নিমৰ ৰসেৰে, পুঁজ আদি উলিয়াই নির্মূল কৰিব পাৰি জোৰ বা গাঁঠিৰ বিষসমূহ নির্মূল কৰিব পাৰি। নিমৰ শুকান পাতবিলাক টোপোলা কৰি বান্ধি গৰম কৰি নিমৰ জ্বলন-পোৰণ নথকা গুণৰ বাবে গাঁঠি বিষ হোৱা ঠাইত সেক দিলে বিষ উপশম হয়। নিম ৰসৰ ধোঁৱাৰে সেকিলেও বিষ নাইকিয়া হয়। নিমত থকা ‘এন’ডাইন’ নামৰ উপাদানটোৰ কাৰণে বিষৰ উপশম হয়।আনহাতেদি,তেতিয়া কাপোৰ অনিষ্ট কৰিব নোৱাৰে। কিতাপ ভালে ৰাখিবলৈ নিম পাতৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈ আহিছে।নিমৰ নিৱাৰণকাৰী গুণ থকাৰ বাবে কিতাপত হোৱা চিলভাৰ ফিচ্ নামৰ পোকবিধৰ পৰা ৰক্ষা পাবলৈ কিতাপৰ আলমাৰি বা ৰেকত শুকান নিম পাত ৰাখিব পাৰি। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.