ঝুনাকংকন ভূঞাঃ বিপদে লগ নেৰিবই যেন আল্লু অৰ্জুনৰ। পুষ্পা-২ৰ প্ৰিমিয়াৰত পদপিষ্টৰ গোচৰত এৰাতিৰ জে’ল খটাৰ পাছত এইবাৰ আকৌ আল্লুৰ বিৰুদ্ধে পুনৰ এজাহাৰ। তেলেংগনাৰ কংগ্ৰেছ নেতা থিনমাৰ মল্লন্নাই দাখিল কৰিছে এজাহাৰ। পুষ্পাখ্যাত আল্লু অৰ্জুনৰ বিৰুদ্ধে আৰক্ষীক অপমান কৰাৰ অভিযোগ। পুষ্পা-২ত থকা এটা দৃশ্য আপত্তিজনক বুলি অভিযোগ কৰিছে কংগ্ৰেছ নেতা মল্লন্নাই। আল্লু অৰ্জুনে চুইমিং পুলত প্ৰস্ৰাৱ কৰাৰ এটা দৃশ্য সন্নিৱিষ্ট আছে ছবিখনত। একেটা দৃশ্যতে দেখা পোৱা যায় এজন পুলিচ বিষয়াক। এই দৃশ্যটোকে সমগ্ৰ পুলিচবাহিনীৰ বাবে অসন্মানজনক বুলি অভিযোগ কৰিছে এজাহাৰকাৰী কংগ্ৰেছ নেতাই। মল্লন্নাই অভিযোগ, এই দৃশ্যই আইন ৰক্ষাকাৰীৰ মৰ্যাদা অৱনমন কৰিছে। আল্লু অৰ্জুনৰ উপৰিও ছবিখনৰ পৰিচালক সুকুমাৰ আৰু প্ৰযোজকৰ বিৰুদ্ধেও দাখিল কৰা হৈছে এজাহাৰ। নিৰ্মাতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কংগ্ৰেছ নেতাগৰাকীয়ে। এই আপত্তিজনক চিত্ৰণৰ কঠোৰ অনুশাসনৰ দাবী কৰ্তৃপক্ষক। আনহাতে, দক্ষিণৰ দক্ষ নায়ক আল্লু অৰ্জুনলৈ জাৰি কৰা হৈছে চমন। এৰাতি জেলত কটাই জামিনত বাহিৰ ওলোৱা পুষ্পাক চমন জাৰি কৰিছে হায়দৰাবাদ আৰক্ষীয়ে। আজি ১১ বজাত চিক্কাদপল্লী থানাত হাজিৰ হ’ব লাগিব আল্লু অর্জুন। আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি বিভিন্ন মহলত বিভিন্ন চৰ্চা চলিছিল। একেদৰে নাটকীয়ভাৱে জামিন পোৱাক কেন্দ্ৰ কৰিও বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চলিত মাহৰ ৪ তাৰিখে পুষ্পাৰ প্ৰিমিয়াৰৰ সময়ত এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল। প্ৰিমিয়াৰত হোৱা ৰোড শ্ব’ৰ সময়ত নিহত হৈছিল এগৰাকী মহিলা। আহত হৈছিল মহিলাগৰাকীৰ পুত্ৰও। এই ঘটনাৰ বাবে নিহত মহিলা ৰেৱতীৰ স্বামীয়ে এখন এজাহাৰ জাৰি কৰিছিল। ১৩ ডিচেম্বৰৰ দিনা গ্ৰেপ্তাৰ কৰা হৈছিল আল্লু অৰ্জুনক। অৱশ্যে আল্লুক গ্ৰেপ্তাৰৰ পাছতে মহিলাগৰাকীৰ স্বামীয়ে এই গোচৰ সন্ধ্যা থিয়েটাৰৰ বিৰুদ্ধেহে বুলি স্বীকাৰ কৰিছিল। এই কথা বিয়পি পৰাৰ লগে লগেই আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ ঘটনাটো ৰাজনৈতিক অভিসন্ধি বুলি চৰ্চা চলিছিল। নাটকীয়ভাৱে এৰাতিৰ ভিতৰতে জামিন লাভ কৰিছিল আল্লু অৰ্জুনে। তেলেংগানা উচ্চ ন্যায়ালয়ে ৪ সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। আল্লু অর্জুনে সমগ্ৰ ঘটনা তেওঁৰ চৰিত্ৰ হননৰ বাবে কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল। বিধানসভাত তেলেংগনাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে অনুমতিবিহীনভাৱে ৰোড শ্ব’ চলোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল। শেহতীয়াভাৱে আল্লুলৈ অহা চমনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে চৰ্চা। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.