NEWS

Bangladesh News : ‘আমি সকলো দায়িত্ব লৈছো, শান্তি-শৃংখলা পুনৰ ঘূৰাই আনিম...’, আশ্বাস বাংলাদেশৰ সেনা প্ৰধানৰ

৪৮ ঘণ্টাৰ ভিতৰত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব বাংলাদেশত। ঘূৰাই অনা হ’ব শান্তি-শৃংখলা। উত্তাল পৰিস্থিতিত সাংবাদিক সন্মিলনৰ আয়োজন কৰা এই কথা জনালে বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ উজ জামানে। আন্দোলনকাৰীসকলক উদ্দেশ্যি শীঘ্ৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ প্ৰতিশ্ৰুতি দিয়ে সেনা প্ৰধানগৰাকীয়ে। তেওঁ কয়, ‘‘আমি সকলো দায়িত্ব লৈছো। শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক হ’ব।’’ আন্দোলনকাৰীসকলক প্ৰতিবাদ, বিক্ষোভ কাৰ্যসূচীৰ পৰা বিৰত থকাৰ আহ্বান জনায় সেনা প্ৰধানগৰাকীয়ে। প্ৰতিবাদ-আন্দোলনত উত্তাল বাংলাদেশ। সেনা বাহিনীৰ চাপত অৱশেষত পদত্যাগ কৰি দেশ এৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ দেশখনৰ সেনাপ্ৰধান ৱাকাৰ উজ জামান। বাংলাদেশ সেনা বাহিনীৰ কাৰ্যালয়ত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ লগতে দেশৰ বিশিষ্ট নাগৰিককো আমন্ত্ৰণ জনোৱা হয়। লগতে ঢাকা বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক আছিফ নজৰুলকো বৈঠকলৈ আমন্ত্ৰণ কৰা হয়। ঢাকা বিশ্ববিদ্যালয়ৰ এইগৰাকী অধ্যাপক আন্দোলনকাৰী ছাত্ৰসকলৰ অন্যতম মুখ হৈ পৰিছে। ফলত তেওঁ জৰিয়তেই আন্দোলনৰত ছাত্ৰসকলক বাৰ্তা দিব পৰা যাব বুলি ধাৰণা কৰা হৈছে। অসমৰ বাতৰি / খবৰ / বিশ্ব / Bangladesh News : ‘আমি সকলো দায়িত্ব লৈছো, শান্তি-শৃংখলা পুনৰ ঘূৰাই আনিম...’, আশ্বাস বাংলাদেশৰ সেনা প্ৰধানৰ Bangladesh News : ‘আমি সকলো দায়িত্ব লৈছো, শান্তি-শৃংখলা পুনৰ ঘূৰাই আনিম...’, আশ্বাস বাংলাদেশৰ সেনা প্ৰধানৰ তেওঁ কয়, ‘‘আমি সকলো দায়িত্ব লৈছো। শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক হ’ব।’’ আন্দোলনকাৰীসকলক প্ৰতিবাদ, বিক্ষোভ কাৰ্যসূচীৰ পৰা বিৰত থকাৰ আহ্বান জনায় সেনা প্ৰধানগৰাকীয়ে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 5, 2024, 4:11 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি ৪৮ ঘণ্টাৰ ভিতৰত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব বাংলাদেশত। ঘূৰাই অনা হ’ব শান্তি-শৃংখলা। উত্তাল পৰিস্থিতিত সাংবাদিক সন্মিলনৰ আয়োজন কৰা এই কথা জনালে বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ উজ জামানে। আন্দোলনকাৰীসকলক উদ্দেশ্যি শীঘ্ৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ প্ৰতিশ্ৰুতি দিয়ে সেনা প্ৰধানগৰাকীয়ে। তেওঁ কয়, ‘‘আমি সকলো দায়িত্ব লৈছো। শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক হ’ব।’’ আন্দোলনকাৰীসকলক প্ৰতিবাদ, বিক্ষোভ কাৰ্যসূচীৰ পৰা বিৰত থকাৰ আহ্বান জনায় সেনা প্ৰধানগৰাকীয়ে। বিজ্ঞাপন প্ৰতিবাদ-আন্দোলনত উত্তাল বাংলাদেশ। সেনা বাহিনীৰ চাপত অৱশেষত পদত্যাগ কৰি দেশ এৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ দেশখনৰ সেনাপ্ৰধান ৱাকাৰ উজ জামান। বাংলাদেশ সেনা বাহিনীৰ কাৰ্যালয়ত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ লগতে দেশৰ বিশিষ্ট নাগৰিককো আমন্ত্ৰণ জনোৱা হয়। লগতে ঢাকা বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক আছিফ নজৰুলকো বৈঠকলৈ আমন্ত্ৰণ কৰা হয়। ঢাকা বিশ্ববিদ্যালয়ৰ এইগৰাকী অধ্যাপক আন্দোলনকাৰী ছাত্ৰসকলৰ অন্যতম মুখ হৈ পৰিছে। ফলত তেওঁ জৰিয়তেই আন্দোলনৰত ছাত্ৰসকলক বাৰ্তা দিব পৰা যাব বুলি ধাৰণা কৰা হৈছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Bangladesh , World News First Published : August 5, 2024, 4:11 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.