NEWS

Zubeen Garg : দুদিনে চিকিৎসাধীন অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ, আজিও হাস্পতালৰ পৰা কিয় ঘৰলৈ যাব দিয়া নহ'ল জুবিন গাৰ্গক?

দেওবাৰে পুৱা প্ৰায় ৯:১০ বজাত ষ্টুডিঅ’ত ব্যস্ত থকাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। চিকিৎসকৰ মতে পুনৰ চিজাৰ এটেকৰ সন্মুখীন হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গ। হঠাৎ অসুস্থ হোৱা জুবিন গাৰ্গক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ MICUত। জুবিনৰ কেইবাটাও স্বাস্থ্য পৰীক্ষা কৰা পিছত আজিৰ দিনটোত ঘৰলৈ যাবলৈ দিয়াৰ কথা আছিল জুবিনক। কিয়নো ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। যদিও আজি জুবিনক হাস্পতালৰ পৰা ৰিলিজ কৰাৰ কথা প্ৰকাশ কৰিছিল নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই, কিন্তু আজিও হাস্পতালতে থাকিব লাগিব জুবিন। আৰু পঢ়ক: বিগত দুটা দিনে চিকিৎসালয়ৰ বিছনাত জুবিন গাৰ্গ! চিকিৎসালয়ৰ পৰা কেতিয়া ঘৰলৈ যাব পাৰিব অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গ? এই সন্দৰ্ভত নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ সঞ্চালক তথা বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই কয় যে ‘‘আজিও হাস্পতালৰ পৰা ৰিলিজ দিয়া নহয় জুবিন গাৰ্গক। কিন্তু, জুবিনৰ স্বাস্থ্যক লৈ চিন্তা কৰিব লগা কোনো কাৰণ নাই।জুবিন গাৰ্গ এতিয়া সম্পূৰ্ণ সুস্থ।আজি হাস্পতালৰ পৰা যাবলৈ দিয়াৰ কথা আছিল জুবিন গাৰ্গক। কিন্তু, এতিয়াও এটা পৰীক্ষা বাকী থকা বাবে আজিও হাস্পতালতে ৰখা হ’ব জুবিনক। আৰু পঢ়ক: পেৰিছত ইতিহাস ৰচনা কৰিলে ভাৰতৰ মনু ভাকৰে, এতিয়া দেশবাসীৰ নয়নৰ মণি হৈ পৰিল ২২ বছৰীয়া মনু ভাকেৰ লগতে হিতেশ বৰুৱাই কয় যে ‘‘কাইলৈ সেই পৰীক্ষাটো সম্পন্ন কৰা পিছত ঘৰত যাবলৈ দিয়া হ’ব জুবিনক। জুবিন যথেষ্ট ভাগৰুৱা হৈছে। কিছু জিৰণিৰ প্ৰয়োজন জুবিনক। লগতে,চিকিৎসকে দিয়া মেডিছিন সমূহ নিয়মিতভাৱে গ্ৰহণ কৰিবলৈ জুবিনক পৰামৰ্শ বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাৰ।চিকিৎসকে প্ৰদান কৰা পৰামৰ্শ অনুসৰি খাদ্যাভ্যাস কৰিবলৈও জুবিনক পৰামৰ্শ চিকিৎসকৰ।’’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.