NEWS

Vinesh Phogat : অলিম্পিক সমাপ্তিৰ পূৰ্বেই চূড়ান্ত সিদ্ধান্ত জনাব ক্ৰীড়া মীমাংসা আদালতে : বিনেশে পাব নেকি ৰূপৰ পদক?

পেৰিছ অলিম্পিকৰ পৰা যোগ্যতা প্ৰত্যাহাৰৰ পাছত ক্ৰীড়া মীমাংসা আদালতৰ কাষ চাপিছিল বিনেশ ফোগাটে। ৰূপৰ পদক অর্জনৰ দাবীৰে আদালতৰ কাষ চাপিছিল বিনেশ। তাৰ পাছত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল ক্ৰীড়া মীমাংসা আদালতৰ সিদ্ধান্তৰ ওপৰত। শুকুৰবাৰে ক্ৰীড়া মীমাংসা আদালতে কয় যে মহিলাৰ ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলৰ পৰা অযোগ্য হোৱাৰ বিষয়ে বিনেশ ফোগাটে কৰা আবেদনৰ সিদ্ধান্ত পেৰিছ অলিম্পিকৰ সমাপ্তিৰ পূৰ্বেই চূড়ান্ত কৰা হ’ব। বিনেশৰ আবেদন ক্ৰীড়া মীমাংসা আদালতে বৃহস্পতিবাৰে গ্ৰহণ কৰিছিল আৰু শুকুৰবাৰৰ দিনটো শুনানিৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। বিনেশক ৭ আগষ্টত ফাইনেলৰ পূৰ্বে অযোগ্য ঘোষণা কৰা হৈছিল। নিৰ্ধাৰিত ওজনতৈ ১০০ গ্ৰাম ওজন বেছি হোৱাৰ বাবেই যোগ্যতা প্ৰত্যাহাৰ হৈছিল বিনেশৰ। এয়া আছিল বিনেশৰ বাবে হৃদয়বিদাৰক মুহূৰ্ত। তাৰ পাছতেই সকলোকে আচম্বিত কৰি বিনেশে মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰিছিল বৃহস্পতিবাৰে। শেহতীয়া তথ্য অনুসৰি বিনেশৰ আবেদনৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু বিষয়টো একমাত্ৰ মধ্যস্থতাকাৰী ড° আন্নেল বেনেটলৈ প্ৰেৰণ কৰা হৈছে। অলিম্পিক গেমছ সমাপ্ত হোৱাৰ পূৰ্বে একমাত্ৰ মধ্যস্থতাৰ সিদ্ধান্ত জাৰি কৰা হ’ব বুলি আশা কৰা হৈছে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Vinesh Phogat : অলিম্পিক সমাপ্তিৰ পূৰ্বেই চূড়ান্ত সিদ্ধান্ত জনাব ক্ৰীড়া মীমাংসা আদালতে : বিনেশে পাব নেকি ৰূপৰ পদক? Vinesh Phogat : অলিম্পিক সমাপ্তিৰ পূৰ্বেই চূড়ান্ত সিদ্ধান্ত জনাব ক্ৰীড়া মীমাংসা আদালতে : বিনেশে পাব নেকি ৰূপৰ পদক? পেৰিছ অলিম্পিকৰ পৰা যোগ্যতা প্ৰত্যাহাৰৰ পাছত ক্ৰীড়া মীমাংসা আদালতৰ কাষ চাপিছিল বিনেশ ফোগাটে। ৰূপৰ পদক অর্জনৰ দাবীৰে আদালতৰ কাষ চাপিছিল বিনেশ। তাৰ পাছত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল ক্ৰীড়া মীমাংসা আদালতৰ সিদ্ধান্তৰ ওপৰত। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 9, 2024, 4:31 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Written By : Dipankar Dutta সম্পৰ্কীয় বাতৰি পেৰিছ অলিম্পিকৰ পৰা যোগ্যতা প্ৰত্যাহাৰৰ পাছত ক্ৰীড়া মীমাংসা আদালতৰ কাষ চাপিছিল বিনেশ ফোগাটে। ৰূপৰ পদক অর্জনৰ দাবীৰে আদালতৰ কাষ চাপিছিল বিনেশ। তাৰ পাছত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল ক্ৰীড়া মীমাংসা আদালতৰ সিদ্ধান্তৰ ওপৰত। শুকুৰবাৰে ক্ৰীড়া মীমাংসা আদালতে কয় যে মহিলাৰ ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলৰ পৰা অযোগ্য হোৱাৰ বিষয়ে বিনেশ ফোগাটে কৰা আবেদনৰ সিদ্ধান্ত পেৰিছ অলিম্পিকৰ সমাপ্তিৰ পূৰ্বেই চূড়ান্ত কৰা হ’ব। বিনেশৰ আবেদন ক্ৰীড়া মীমাংসা আদালতে বৃহস্পতিবাৰে গ্ৰহণ কৰিছিল আৰু শুকুৰবাৰৰ দিনটো শুনানিৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। বিজ্ঞাপন বিনেশক ৭ আগষ্টত ফাইনেলৰ পূৰ্বে অযোগ্য ঘোষণা কৰা হৈছিল। নিৰ্ধাৰিত ওজনতৈ ১০০ গ্ৰাম ওজন বেছি হোৱাৰ বাবেই যোগ্যতা প্ৰত্যাহাৰ হৈছিল বিনেশৰ। এয়া আছিল বিনেশৰ বাবে হৃদয়বিদাৰক মুহূৰ্ত। তাৰ পাছতেই সকলোকে আচম্বিত কৰি বিনেশে মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰিছিল বৃহস্পতিবাৰে। শেহতীয়া তথ্য অনুসৰি বিনেশৰ আবেদনৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু বিষয়টো একমাত্ৰ মধ্যস্থতাকাৰী ড° আন্নেল বেনেটলৈ প্ৰেৰণ কৰা হৈছে। অলিম্পিক গেমছ সমাপ্ত হোৱাৰ পূৰ্বে একমাত্ৰ মধ্যস্থতাৰ সিদ্ধান্ত জাৰি কৰা হ’ব বুলি আশা কৰা হৈছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Vinesh Phogat First Published : August 9, 2024, 4:31 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.