File Photo আজি বৰ্ষাপাৰাত এইবৰ্ষৰ প্ৰথমখন IPL মেচ অনুষ্ঠিত হ’ব। দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত IPLৰ মেচ উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ক্ৰিকেট অনুৰাগী। ৰাজ্যৰ ভিন্নপ্ৰান্তৰ পৰা ক্ৰিকেট অনুৰাগীয়ে ভিৰ কৰিছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। কিন্তু খেল পূৰ্বে আহিছে আন এক চিন্তাৰ খবৰ। দিনৰ ১ বজাৰ পৰা গোমা গুৱাহাটীৰ আকাশ। খেল পূৰ্বে বৰষুণ হ’ব বুলি চিন্তিত হৈ পৰিছে অনুৰাগী। আৰু পঢ়ক: গুৱাহাটীত IPLৰ মেচ, কিন্তু ক’লা বজাৰত বিক্ৰী হৈছে টিকট, ক’লা বজাৰত কিমান দাম উঠিছে টিকটৰ? আজি বৰ্ষাপাৰাৰ সেউজীয়া ঘাঁহনিত ২২ গজৰ যুজঁত নামিব সঞ্জু চেমচন নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ আৰু চেম কৰণ নেতৃত্বাধীন পঞ্জাৱ কিংছে। উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে বৰ্ষাাপাৰাত অনুষ্ঠিত হৈছে IPL মেচ। বিগত বৰ্ষত বৰ্ষাপাৰাত ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ মুখামুখি হৈছিল পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছ। এইবাৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু কলকাতা নাইট ৰাইৰ্ডাছ। আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাৱ কিংছৰ আনহাতে ১৯ মে’ত লীগ পৰ্যায়ৰ অন্তিমখন মেচত বৰ্ষাপাৰাত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইৰ্ডাছ। আৰু পঢ়ক: গুৱাহাটীত আজি ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছৰ খেল, খেল চাবলৈ যোৱাৰ পূৰ্বে জানি লওক এইকেইটা কথা ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাব কিংছৰ। সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল। বিয়লি ৪.৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ ৭খন গেট। ষ্টেডিয়ামৰ কাষত পাৰ্কিং কৰিব পাৰিব ৩,৫০০ বাহন। চম্পাৱতী খেলপথাৰ, দতালপাৰাতো খেল যাবলৈ যোৱা লোকসকলে ৰাখিব পাৰিব তেওঁলোকৰ বাহন। আনহাতে, লুটুমা ফিল্ড, ৰোলিং মিল ফিল্ডতো ৰাখিব পাৰিব বাহনসমূহ। ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব মোবাইল ফোন আৰু মাণিবেগ। কিন্তু খেলৰ পূৰ্বে ক’লা বজাৰত টিকট বিক্ৰীয়ে হতচকিত কৰি তুলিছে ক্ৰিকেট অনুৰাগীক। আনহাতে ৰিয়ান চাবলৈও আশাবাদী ক্ৰিকেট প্ৰেমী। উল্লেখ্য যে গুৱাহাটীত আজি বৰষুণ হোৱাৰ সম্ভাৱনা নাই বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.