NEWS

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান, ইণ্ডোনেছিয়াত অনুষ্ঠিত শৰীৰচৰ্চা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন ৰাহুল শ্বেইখৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান। 56th WBPF Asian Bodybuilding & Physique Sports Championshipত সফলতা লাভ ভাৰতৰ। যোৱা ৬ আগষ্টৰ পৰা ১২ আগষ্টলৈ ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈছিল চেম্পিয়নশ্বিপখন। প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে মহানগৰীৰ গাড়ীগাঁৱৰ ৰাহুল শ্বেইখে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাহুল শ্বেইখৰ সফলতাত উৎফুল্লিত হৈছে পৰিয়াল তথা অঞ্চলবাসী। পদক অৰ্জন কৰি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই বিপুল আদৰণি জনোৱা হয় ৰাহুল শ্বেইখক। গাড়ীগাঁৱৰ বহুসংখ্যক লোকে বৰঝাৰ বিমান বন্দৰৰ পৰা আদৰি আনে শৰীৰচৰ্চাবিদগৰাকীক। উল্লেখ্য যে চীন, ম্যানমাৰ, থাইলেণ্ড, পাকিস্তান আদিকে ধৰি প্ৰায় ২৫ খন দেশে অংশ লৈছিল প্ৰতিযোগিতাখনিত। প্ৰতিযোগিতাৰ ভিন্ন শাখাত ভাৰতৰ পৰা অংশগ্ৰহণ কৰিছিল মুঠ ৪৫ গৰাকী প্ৰতিযোগীয়ে। ইয়াৰে ৩০ গৰাকী প্ৰতিযোগীয়ে মেডেল লাভ কৰিবলৈ সক্ষম হয়। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান, ইণ্ডোনেছিয়াত অনুষ্ঠিত শৰীৰচৰ্চা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন ৰাহুল শ্বেইখৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান, ইণ্ডোনেছিয়াত অনুষ্ঠিত শৰীৰচৰ্চা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন ৰাহুল শ্বেইখৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে মহানগৰীৰ গাড়ীগাঁৱৰ ৰাহুল শ্বেইখে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাহুল শ্বেইখৰ সফলতাত উৎফুল্লিত হৈছে পৰিয়াল তথা অঞ্চলবাসী। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : August 14, 2024, 10:31 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : DHRUBA JYOTI KALITA সম্পৰ্কীয় বাতৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান। 56th WBPF Asian Bodybuilding & Physique Sports Championshipত সফলতা লাভ ভাৰতৰ। যোৱা ৬ আগষ্টৰ পৰা ১২ আগষ্টলৈ ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈছিল চেম্পিয়নশ্বিপখন। প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে মহানগৰীৰ গাড়ীগাঁৱৰ ৰাহুল শ্বেইখে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাহুল শ্বেইখৰ সফলতাত উৎফুল্লিত হৈছে পৰিয়াল তথা অঞ্চলবাসী। পদক অৰ্জন কৰি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই বিপুল আদৰণি জনোৱা হয় ৰাহুল শ্বেইখক। গাড়ীগাঁৱৰ বহুসংখ্যক লোকে বৰঝাৰ বিমান বন্দৰৰ পৰা আদৰি আনে শৰীৰচৰ্চাবিদগৰাকীক। উল্লেখ্য যে চীন, ম্যানমাৰ, থাইলেণ্ড, পাকিস্তান আদিকে ধৰি প্ৰায় ২৫ খন দেশে অংশ লৈছিল প্ৰতিযোগিতাখনিত। প্ৰতিযোগিতাৰ ভিন্ন শাখাত ভাৰতৰ পৰা অংশগ্ৰহণ কৰিছিল মুঠ ৪৫ গৰাকী প্ৰতিযোগীয়ে। ইয়াৰে ৩০ গৰাকী প্ৰতিযোগীয়ে মেডেল লাভ কৰিবলৈ সক্ষম হয়। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Guwahati , Sports News First Published : August 14, 2024, 10:31 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.