গাহৰি পালনেৰে স্বাৱলম্বীতাৰ অন্য এক নিদৰ্শন দাঙি ধৰিছে মৰাণৰ উচ্চ শিক্ষিত যুৱকে গাহৰি পালনেৰে স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন দাঙি ধৰিছে মৰাণৰ এজন উচ্চ শিক্ষিত যুৱকে। যি সময়ত অসমৰ উচ্চ শিক্ষিত যুৱক-যুৱতী সকলে এটি চৰকাৰী চাকৰিলৈ আশা কৰি হাবাাথুৰি, সেই সময়তে ডিব্ৰুগড়ৰ এজন উচ্চ শিক্ষিত কৰ্মদ্যোমী যুৱকে দাঙি ধৰিছে স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন। স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকজনে নিজৰ ঘৰতে এখন গাহৰি ফাৰ্ম স্থাপন কৰি হৈছে স্বাৱলম্বী। চৰকাৰী চাকৰি নকৰিলেও সুন্দৰকৈ জীৱন সজাব পাৰি, তাৰেই উদাহৰণ দাঙি ধৰিছে এইগৰাকী উচ্চ শিক্ষিত যুৱকে। ডিব্ৰুগড় জিলাৰ সমীপৰ খোৱাং বাঘটলী পথাৰ গাঁৱৰ অতুল দিহিঙীয়া নামৰ যুৱকজনে চাকৰিমুখী নহৈ নিজা চেষ্টাৰে ব্যৱসায়িক ভিত্তিত পালন কৰিছে এতিয়া গাহৰি। দিহিঙীয়া পিগফাৰ্ম নামেৰে গাহৰি ফাৰ্মখন নামকৰণ কৰি ইয়ক চেয়াৰ, হামচেয়াৰ আদি জাতৰ গাহৰি পালন কৰিছে যুৱকজনে। বিজনেছ এডমিনিচষ্টচন বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকজনৰ গাহৰি ফাৰ্মখনত বৰ্তমান সৰু-ডাঙৰ মিলাই অৰ্ধশতাধিক গাহৰি আছে। গাহৰি পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আজিৰ পৰা প্ৰায় দুই বছৰ আগতে যুৱকজনে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে ফাৰ্মখন আৰম্ভ কৰিছিল। পোৱালিৰ লগতে মাংসৰ বাবেও গাহৰি বিক্ৰী কৰি যুৱকজনএতিয়া স্বাৱলম্বী হৈ পৰিছে। যুৱকজনক এই ক্ষেত্ৰত সহায় কৰি আহিছে তেওঁৰ পিতৃ সুশীল দিহিঙীয়াই। আনহাতেদি, উদ্যমী যুৱক অতুল দিহিঙীয়াৰ দিহিঙীয়া পিগ ফাৰ্ম নামৰ গাহৰি ফাৰ্মখনত দাঁতিকষৰীয়া অঞ্চলৰ পাঁচোটাতকৈ অধিক পৰিয়ালে কৰ্ম সংস্থাপন লাভ কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অতুল দিহিঙীয়াই এনেদৰে কয়, ‘‘মই বিজনেচ এডমিনিচষ্টেচন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ঘৰত সময় নষ্ট নকৰিবলৈ কি কৰো নকৰো চিন্তা কৰি থাকোতে এখন গাহৰি ফাৰ্ম খোলাৰ কথাকে মনলৈ আহিল।’’ ‘‘দেউতাৰ সৈতে আলোচনা কৰাৰ পিছত দেউতাৰ সহায়ত এখন গাহৰি ফাৰ্ম আৰম্ভ কৰিছিলো। এতিয়া মোৰ ফাৰ্ম খনৰ জৰিয়তে মই স্বাৱলম্বী হৈছো। চৰকাৰী চাকৰিলৈ বুলি আশা কৰি থকা হ’লে ছাগে বৰ্তমান মই এজন নিবনুৱা হৈয়ে থাকিব লাগিল হেতেন। মানুহে যে গাহৰি পালন কৰি উপাৰ্জন কৰিব পাৰে সেয়া মই মৰ্মে মৰ্মে উপলব্ধি কৰিছো।’’ None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.