Flood affected Tihu বাৰিষাৰ প্ৰথমটো বানৰ কবলত টিহুৰ লখোপুৰ উত্তৰ কেন্দুগুৰি। হঠাৎ অহা বানে বিপদ নমাই আনিছে বৃহত্তৰ অঞ্চলটোলৈ। যোৱা কিছুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠিছে নৈ উপনৈসমূহ। নলবাৰী জিলাত বুঢ়াদিয়া নৈৰ জলপৃষ্ঠই বিপদ মাতিছে বিভিন্ন বৃহত্তৰ অঞ্চললৈ। বিপদ সীমাৰ ওপৰেৰে বৈছে বুঢ়াদীয়া নৈৰ জলপৃষ্ঠ, আতংকত দিন পাৰ কৰিছে নৈপৰীয়া ৰাইজে। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ। নলবাৰীৰ টিহুৰ লখোপুৰ উত্তৰ কেন্দুগুৰিত সময় বাগৰাৰ লগে লগে বহু কেইটা পৰিয়ালৰ লগতে বহুকেইখন গাওঁ জলমগ্ন হোৱাৰ আশংকা। এই বৃহত্তৰ অঞ্চলটো কৃষিৰ ওপৰত নিৰ্ভৰশীল। বানৰ ফলত পশুধনৰ লগতে ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে কেইবাখনো গাঁৱৰ লগতে বাট পথ বুৰাই পেলাইছে। ইফালে যোৱা কিছুদিন ধৰি অব্যাহত আছে বৰষুণ। মুধলধাৰ বৰষুণৰ বাবে স্বাভাৱিক জীৱন ব্যাহত হৈ পৰাৰ লগতে যোগাযোগ যাতায়তো কিছু পৰিমাণে ব্যাহত হৈছে। এইধৰণে বতৰ অব্যাহত থাকিলে পুণৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। লখোপুৰ উত্তৰ কেন্দুগুৰিৰ বহু কেইটা পৰিয়ালৰ লগতে টিহুৰ নিকটৱৰ্তী অন্তৰ্গত পাৰাহকুছি ৰামপুৰ ,কাউৰেহাগী,কঠালমুৰা , ভোজকুছি আদি জলমগ্ন হোৱাৰ আশংকা কৰিছে ৰাইজ। আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি, ইফালে বতৰৰ এই অৱস্থাই বাৰুকৈয়ে জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক। জিলা প্ৰসাশনক উচিত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনালে বানপীড়িত ৰাইজে। অসমৰ বাতৰি / খবৰ / অসম / Nalbari Flood : বাৰিষাৰ প্ৰথমটো বানৰ কৱলত টিহুৰ লখোপুৰ উত্তৰ কেন্দুগুৰি, হঠাৎ অহা বানৰ বাবে বিপদ নামিছে বৃহত্তৰ অঞ্চলটোলৈ Nalbari Flood : বাৰিষাৰ প্ৰথমটো বানৰ কৱলত টিহুৰ লখোপুৰ উত্তৰ কেন্দুগুৰি, হঠাৎ অহা বানৰ বাবে বিপদ নামিছে বৃহত্তৰ অঞ্চলটোলৈ Flood affected Tihu যোৱা কিছুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠিছে নৈ উপনৈসমূহ। অধিক পঢ়ক … 1-MIN READ local18 Nalbari,Nalbari,Assam Last Updated : June 18, 2024, 11:46 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Rajesh Baishya সম্পৰ্কীয় বাতৰি বাৰিষাৰ প্ৰথমটো বানৰ কবলত টিহুৰ লখোপুৰ উত্তৰ কেন্দুগুৰি। হঠাৎ অহা বানে বিপদ নমাই আনিছে বৃহত্তৰ অঞ্চলটোলৈ। যোৱা কিছুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠিছে নৈ উপনৈসমূহ। নলবাৰী জিলাত বুঢ়াদিয়া নৈৰ জলপৃষ্ঠই বিপদ মাতিছে বিভিন্ন বৃহত্তৰ অঞ্চললৈ। বিপদ সীমাৰ ওপৰেৰে বৈছে বুঢ়াদীয়া নৈৰ জলপৃষ্ঠ, আতংকত দিন পাৰ কৰিছে নৈপৰীয়া ৰাইজে। বিজ্ঞাপন ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ। নলবাৰীৰ টিহুৰ লখোপুৰ উত্তৰ কেন্দুগুৰিত সময় বাগৰাৰ লগে লগে বহু কেইটা পৰিয়ালৰ লগতে বহুকেইখন গাওঁ জলমগ্ন হোৱাৰ আশংকা। এই বৃহত্তৰ অঞ্চলটো কৃষিৰ ওপৰত নিৰ্ভৰশীল। বানৰ ফলত পশুধনৰ লগতে ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে কেইবাখনো গাঁৱৰ লগতে বাট পথ বুৰাই পেলাইছে। ইফালে যোৱা কিছুদিন ধৰি অব্যাহত আছে বৰষুণ। বিজ্ঞাপন মুধলধাৰ বৰষুণৰ বাবে স্বাভাৱিক জীৱন ব্যাহত হৈ পৰাৰ লগতে যোগাযোগ যাতায়তো কিছু পৰিমাণে ব্যাহত হৈছে। এইধৰণে বতৰ অব্যাহত থাকিলে পুণৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। লখোপুৰ উত্তৰ কেন্দুগুৰিৰ বহু কেইটা পৰিয়ালৰ লগতে টিহুৰ নিকটৱৰ্তী অন্তৰ্গত পাৰাহকুছি ৰামপুৰ ,কাউৰেহাগী,কঠালমুৰা , ভোজকুছি আদি জলমগ্ন হোৱাৰ আশংকা কৰিছে ৰাইজ। আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি, ইফালে বতৰৰ এই অৱস্থাই বাৰুকৈয়ে জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক। জিলা প্ৰসাশনক উচিত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনালে বানপীড়িত ৰাইজে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Flood , local18 , Nalbari First Published : June 18, 2024, 11:46 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.