ক্ৰীড়াক্ষেত্ৰ পৰিণত হ’ল ৰণক্ষেত্ৰলৈ…! ফুটবল খেলক লৈ দুটা দলৰ মাজত হোৱা সংঘৰ্ষত ১০০গৰাকী লোকৰ মৃত্যুক আঁকোৱালি লয়। গিনিৰ দ্বিতীয় বৃহত্তম চহৰ এনজেৰেকোৰত সংঘটিত হৈছে ভয়াৱহ ঘটনা। আহতক ভৰ্তি কৰা চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে এই ভয়াৱহ পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰে। চিকিৎসকগৰাকীয়ে কয় , ‘চিকিৎসালয়ৰ ভিতৰত চকুৰে যিমানদূৰ দেখা পায়, কেৱল শাৰী শাৰী মৃতদেহহে দেখা যায়। মৃতদেহেৰে ভৰ্তি হৈ পৰিছে চিকিৎসালয়খনৰ মৰ্গ।’ চিকিৎসালয়ৰ সূত্ৰ অনুসৰি কমেও ১০০জন লোকৰ মৃত্যু হৈছে। আৰু পঢ়ক: চাঞ্চল্যকৰ! এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ নগাঁৱৰ নাৰ্ছিংহ’মত নিশা সৃষ্টি উত্তপ্ত পৰিস্থিতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক শিহৰণকাৰী ভিডিঅ’। উত্তেজিত প্ৰতিবাদকাৰীয়ে থানা ভাঙি জুই লগাই দিয়ে। আনফালে ৰাস্তাৰ ওপৰতে পৰি ৰৈছে মৃতদেহ। BREAKING: At least 100 people killed in clashes between rival fans at soccer match in N’zerekore, Guinea. - AFP pic.twitter.com/BIOH6bU75H খেলপথাৰৰ এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে ৰেফাৰীৰ বিতৰ্কিত সিদ্ধান্তক কেন্দ্ৰ কৰি বিশৃংখলতা আৰম্ভ হৈছিল। ক্ষুব্ধ অনুৰাগীয়ে খেলপথাৰত তাণ্ডৱৰ সৃষ্টি কৰে। ২০২১ চনত গিনিত অভ্যুত্থান ঘটাই ক্ষমতা দখল কৰা ৰাষ্ট্ৰপতি মামাদি ডুমবুৱাৰ সন্মানত এই ফুটবল প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছিল। কিন্তু এই ফুটবল খেল পৰিণত হ’ল ৰংণাগনলৈ। আৰু পঢ়ক: আজি অসম দিৱস! কিয় পালন কৰা হয় অসম দিৱস? কেতিয়াৰ পৰা পালন কৰা হৈছে অসম দিৱস? জানি লওক এই ধৰণৰ ফুটবল প্ৰতিযোগিতা শেহতীয়াকৈ গিনিত অতি জনপ্ৰিয় হৈ পৰিছে। কাৰণ মামাদি ডুমবৌৱে ফুটবলৰ জনপ্ৰিয়তাক লৈ কাম কৰি নিৰ্বাচনত জয়ী হৈ ক্ষমতালৈ ঘূৰি অহাৰ পথ প্ৰশস্ত কৰিব বিচাৰিছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.