অণুগল্প ছাৰোগেট মাতৃ ‘সমৰ, তুমি ‘মা’ ৰ মতত সন্মতি দিয়াত কিয় পলম কৰিছা ?’ ‘মালিনী , তোমাৰ অবিহনে মই সুখী হ’ব নোৱাৰিম’ - কথাষাৰ প্ৰায় চিঞৰাৰ দৰে কৈয়েই সমৰে উচুপি উঠিল । কিছু সময় নিৰ্বাক হৈ থকাৰ পাছত মালিনীয়ে ক’লে , ’ তেন্তে তুমি মাক কিয় বুজাব পৰা নাই যে সন্তান জন্ম দিব পৰা সক্ষমতা তোমাৰহে নাই ।’ মাক বাৰে বাৰে সঁচা কথাষাৰ ক’লেও মানি নলয় মালিনী । তুমিয়ে কোৱাচোন কেনেকৈ ক’লে মায়ে বুজি পাব। সমৰ , এদিন যে কৈছিলা তোমাৰ বন্ধু পত্নীয়ে শাৰীৰিক সৌন্দৰ্য বিনষ্ট হোৱাৰ ভয়ত ছাৰোগেট মাতৃ বিচৰাৰ কথা। মোক সেইজনী ‘ছাৰোগেট মাতৃ’ হ’বলৈ অনুমতি দিয়া। মাতৃত্বৰ সুখানুভূতি লাভ কৰাৰ উপৰিও মায়ে মোৰ সক্ষমতাৰ কথাটোও বুজি পাব। যথাসময়ত (আইনী) চুক্তিনামা অনুসাৰে চিকিৎসালয়ৰ পৰাই সন্তানটোক তেখেতসকলৰ হাতত তুলি দিম আৰু তেতিয়া তোমাৰ দ্বিতীয় বিবাহৰ কথাটোও তল পৰিব । মালিনীৰ প্ৰতি থকা অগাধ প্ৰেম আৰু বিশ্বাসৰ বাবেই সমৰে অনিচ্ছা সত্ত্বেও এখন্তেকো পলম নকৰি বন্ধুজনক লগ ধৰিবলৈ বুলি বাইকখন লৈ ঘৰৰ পৰা ওলাই গ’ল। বিশ্বাসঘাতকতা কোনোবাৰ মুখত আজিকালি ‘প্ৰেম’ শব্দটো উচ্চাৰণ কৰা শুনিলেই অনুভৱে বিকট চিঞৰ মাৰি সেই স্থানৰ পৰা পলাই পতং দিয়ে। অনুভৱৰ আচৰণত কাষৰ মানুহবোৰে আচৰিত হয়। কিন্তু আচৰিত নোহোৱা মানুহ এজনো আছে, যিয়ে সদায় তাৰ ওচৰত থাকে। তেওঁ হ’ল অনুভৱৰ বন্ধু বিকাশ। আজিৰ সময়ত অনুভৱ সকলোৰে বাবে এজন ফুটপাথত পৰি ৰোৱা পাগল। কিন্তু বিকাশৰ মনত অনুভৱ এজন দুৰ্দান্ত প্ৰেমিক, যিয়ে প্ৰেমত পৰি জীৱনৰ সকলোখিনি হেৰুৱাই পেলাইছে। ইয়াৰ বাবে সম্পূৰ্ণ দোষী অনুভৱৰ একালৰ প্ৰিয়তমা বৰষা। বৰষাই অনুভৱক প্ৰেমৰ সম্পৰ্কত ব্ৰতী থাকি ৰঙীন জীৱনৰ সপোন দেখুৱাইছিল। অনুভৱো তাইৰ নামত বলিয়া আছিল। কিন্তু এদিন বৰষাই মাক-দেউতাকৰ প্ৰৰোচনাত পৰি অনুভৱক এৰি আঁকি ল’লে শিৰত সেন্দূৰকণ আনৰ নামত। মহিমা কাৰ বন্ধু মৃদুতৰংগৰ ঘৰ-ঘৰোৱাহ কৰোণা আক্ৰান্ত হোৱাৰ পাছত, কিডনীৰ সমস্যাত ভূগি থকা তাৰ মাকৰ মৃত্যুৰ পাছত হোম ডেলিভাৰী বয় যোৱাৰ বাহিৰে কাৰো সাৰ-সুৰ নাছিল। আনকি ফোনতো! ফোনৰ মাজেৰে ভাইৰাছ আহেই বা!! কিন্তু, তাৰ মাকৰ মৃত্যুৰ খবৰ ল’বলৈ স্থানীয় বিধায়কজন অহাৰ লগে লগে পট পৰিৱৰ্তন। কৰোণা চু মন্তৰ। লোকে লোকাৰণ্য পৰিৱেশ। মৃদুতৰংগৰ ঘৰৰ চৌহদ নহয় যেন সেয়া ৰাজহুৱা চৌহদহে! তাকো সহমৰ্মী হ’বলৈ নহয়, ন্যস্ত স্বাৰ্থ পূৰণ কৰিবলৈহে!! None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.