NEWS

ভাৰতলৈ ইলিচৰ ৰপ্তানি বন্ধ কৰিলে বাংলাদেশে, ঢাকাৰ বজাৰত কমিছে সুস্বাদু ইলিচৰ দাম

বাংলাদেশৰ বজাৰত সস্তা ইলিছ। বাংলাদেশৰ হিংসাত্মক পৰিস্থিতি আৰু শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত এতিয়া দুয়োখন দেশৰ মাজৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰা দেখা গৈছে। পূৰ্বে ভাৰতলৈ মূলত ইলিচ মাছ ৰপ্তানি কৰিছিল বাংলাদেশে। বাংলাদেশৰ ইলিচ খুবেই সোৱাদযুক্ত। কিন্তু শেহতীয়াকৈ বাংলাদেশে ভাৰতলৈ ইলিচ মাছৰ ৰপ্তানি বন্ধ কৰি দিছে। যাৰ বাবে এতিয়া দেশখনৰ বজাৰত সস্তা হৈ পৰিছে ইলিচ। প্ৰতি কেজি ইলিচত ৪০০-৫০০ টকাকৈ হ্ৰাস পাইছে ঢাকাৰ বজাৰত। ইলিচ মাছৰ দাম কমাৰ লগে লগে দেশখনৰ বজাৰত হ্ৰাস পাইছে আন মাছৰ দামো। বাংলাদেশৰ জনতাই যাতে সুলভ মূল্যতে ইলিচৰ সোৱাদ ল’ব পাৰে তাৰ বাবেই ভাৰতলৈ ইলিচৰ ৰপ্তানি বন্ধ কৰিছে বাংলাদেশে। কিন্তু নিজৰ দেশৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ পিছত বাকী মাছ বহিঃদেশলৈ ৰপ্তানি কৰাৰ প্ৰতিশ্ৰুতি দিছে বাংলাদেশৰ মীন আৰু পশুধন উপদেষ্টা ফৰিদা আখতাৰে। আৰু পঢ়ক : বাংলাদেশৰ ৰাজনৈতিক অৰাজকতাৰ ইতিহাস : বিৱৰ্তিত পথত শ্বেখ হাছিনাৰ বিৱৰ্তন তেওঁ কয়, কম উপাৰ্জনৰ লোকসকলেও যাতে সহজতে ইলিচ ক্ৰয় কৰিব পাৰে তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইলিচৰ ৰপ্তানি বন্ধ কৰা সন্দৰ্ভত আখতাৰে কয়, দেশৰ জনসাধাৰণে ইলিচ নাপাব, সেয়েহে ৰপ্তানি কৰিব নোৱাৰি। উল্লেখযোগ্য যে আৱামী লীগ নেতৃত্বাধীন চৰকাৰে বিগচ কিছু বছৰ ধৰি দুৰ্গা পূজাৰ সময়ত ভাৰতলৈ ইলিচ ৰপ্তানি কৰি আহিছিল। যোৱা বছৰ পূজাৰ সময়তে ভাৰতলৈ ইলিচ মাছ পঠিওৱা হৈছিল। ইয়াৰ উপৰি ব’হাগ মাহৰ পূৰ্বলৈ ইলিচৰ দাম নাপায়, কিন্তু সেয়া বিপৰীত। লগতে পঢ়ক : আমি জন্মভূমি এৰি ভাৰতলৈ নাযাঁও, আমাক মৰ্যাদাৰে জীয়াই থাকিবলৈ দিয়ক- বাংলাদেশী হিন্দুৰ প্ৰতিবাদত কঁপিল ঢাকা আৰু শ্বাহবাগ ইফালে, হাছিনা চৰকাৰৰ পতনৰ পূৰ্বলৈ ঢাকাৰ বিভিন্ন বজাৰত প্ৰতি কেজি ইলিচৰ দাম আছিল ১০০০ৰ পৰা ১৫০০ টকা। হাছিনা চৰকাৰৰ বিদায়ৰ পিছত প্ৰতি কেজি ইলিচত ৪০০-৫০০ টকা হ্ৰাস পাইছে। ২০২৩ৰ দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত শ্বেখ হাছিনা চৰকাৰে ভাৰতলৈ ৩৯৫০ মেট্ৰিক টন পদ্মাৰ ইলিচ ৰপ্তানি কৰাৰ বাবে অনুমতি দিছিল। কিন্তু এইবাৰ পূজাৰ বতৰত এই ব্যৱস্থা সম্ভৱ নহ’ব। বৰ্তমান চৰকাৰে এই অনুমতি প্ৰদান কৰা নাই। দুৰ্গা পূজাৰ বতৰতো এইবাৰ ভাৰতলৈ বাংলাদেশৰ সুস্বাদু ইলিচ মাছ অহাৰ সম্ভাৱনা নাই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.